--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে। দেশখনৰ সামৰিক নেতৃত্বই কয় যে শক্তিশালী ভূমিকম্পটোৰ পাছত সোমবাৰলৈকে ২ হাজাৰ ৫৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে, ৩ হাজাৰ ৯০০তকৈও অধিক লোক আহত হোৱাৰ বিপৰীতে ২৭০জন লোক এতিয়াও সন্ধানহীন হৈ আছে। 

ম্যানমাৰৰ ৰাষ্ট্ৰীয় প্রশাসনীয় পৰিষদৰ অধ্যক্ষ জ্যেষ্ঠ জেনেৰেল মিন অংহিয়াঙে ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। এই সময়ছোৱাত জাতীয় পতাকা অর্ধনমিত কৰা হ'ব। দুৰ্ঘটনাৰ পাছত দেশখনত উদ্ধাৰ অভিযান অব্যাহত আছে। 

দেশখনলৈ আন্তঃৰাষ্ট্ৰীয় মানৱীয় সাহায্য প্ৰেৰণ কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই ম্যানমাৰৰ ভূমিকম্পক এক বৃহৎ দুর্যোগ বুলি আখ্যা দিয়াৰ লগতে এইদুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৮ মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰয়োজন আছে বুলি প্রকাশ কৰে। সংস্থাটোৱে জনোৱা অনুসৰি, দেশখনত শৈল্য চিকিৎসাৰ সীমিত সামর্থ্যৰ বাবে সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে।

ভূমিকম্পৰ পাছত দেশখনত নানা ধৰণৰ ৰোগ বৃদ্ধি পাব বুলিও সংস্থাটোৱে শংকা প্রকাশ কৰিছে। ভূমিকম্পৰ প্ৰভাৱ নিকটৱৰ্তী দেশ থাইলেণ্ডতো পৰিছে।

থাইলেণ্ডত ১৯জন লোকৰ মৃত্যু হয়। যোৱা শুকুৰবাৰে ম্যানমাৰৰ মাণ্ডালয় চহৰত ৭ দশমিক ৭ প্রাবল্যৰ আৰু ৬ দশমিক ৭ প্রাবল্য ওপৰা-উপৰিকৈ অহা দুটাকৈ ভূমিকম্পই দেশখন জোকৰি যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ