--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেত পচি যোৱা মৃতদেহৰ দুৰ্গন্ধ বতাহত বিয়পি পৰে। ধ্বংসাৱশেষত মৃত্যু হোৱা লোকক বিচাৰি উলিয়াবলৈ উদ্ধাৰকাৰী দলে দিনে নিশাই কাম কৰি আছে। দুদিন পূৰ্বে সংঘটিত হোৱা ৭.৭ প্ৰাবল্যৰ বিশাল ভূমিকম্পই সমগ্ৰ অঞ্চলটো কঁপাই তুলিছিল। এই ভূমিকম্পত ১৭০০ৰো অধিক লোক নিহত হোৱাৰ লগতে আন অগণন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে।

শুকুৰবাৰে বিয়লি সংঘটিত হোৱা প্ৰথমটো ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল মাণ্ডালেৰ ওচৰত। ইয়াৰ পিছত দ্বিতীয়বাৰৰ বাবে ৬.৭ মাত্ৰাৰ কম্পন অনুভৱ কৰা হয়। এই ভূমিকম্পৰ ফলত মাণ্ডালে চহৰৰ বহু অট্টালিকা ধ্বংসাৱশেষলৈ পৰিণত হয়। বহু দলং ভাঙি যোৱাৰ লগতে পথৰ ক্ষতিসাধন হয়। এই ভূমিকম্পৰ প্ৰভাৱ কেৱল ম্যানমাৰতে সীমাবদ্ধ নাছিল যদিও চুবুৰীয়া দেশ থাইলেণ্ডত এই ভূমিকম্পৰ প্ৰভাৱ পৰে আৰু বেংককত ১৭ জন লোকৰ মৃত্যু হয়।

ভূমিকম্পৰ পিছত ঘৰৰ ভিতৰত থকাটো অসুৰক্ষিত হৈ পৰাত শুকুৰবাৰে নিশা মাণ্ডালেৰ অধিকাংশ বাসিন্দাই ৰাজপথত কটায়।দেওবাৰে আন এক ৫.১ প্ৰাবল্যৰ কম্পন অনুভৱ কৰা হয়, যিয়ে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত লোকসকলকো আতংকিত কৰি তুলিছিল।

ম্যানমাৰৰ উপগ্ৰহৰ ছবিয়ে দেখুৱাইছে যে ভূমিকম্পৰ ফলত বিমানবন্দৰ, ঘাইপথ আৰু দলঙকে ধৰি কেইবাটাও জটিল আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন হোৱাৰ ফলত সাহায্য আৰু উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। ভূমিকম্পৰ ফলত নাইপিডাউ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত ভাৰত আৰু চীনৰ উদ্ধাৰকাৰী দলক পোনপটীয়াকৈ মাণ্ডালে আৰু অন্যান্য ক্ষতিগ্ৰস্ত চহৰলৈ লৈ যাব পৰা হোৱা নাই। ইনৱা দলংখনো ভাঙি যোৱাৰ ফলত ইৰাৱাডী নদীৰ সিপাৰে যাতায়তত বাধাৰ সৃষ্টি হয়।

দুৰ্বল পথ, ভাঙি যোৱা দলং আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে সাহায্য প্ৰচেষ্টাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ উপৰিও দেশত চলি থকা গৃহযুদ্ধই সাহায্যৰ কামতো প্ৰভাৱ পেলাইছে। স্থানীয় ৰাইজে কোনো ধৰণৰ গধুৰ সঁজুলি নোহোৱাকৈ ৪১ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত ধ্বংসাৱশেষ আঁতৰোৱাৰ চেষ্টা চলাইছে।

দেওবাৰে ম্যানমাৰৰ শাসকীয় জন্টাই জনোৱা মতে, এতিয়ালৈকে ১৭০০ লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ৩৪০০ৰো অধিক লোক আহত হোৱাৰ উপৰিও ৩০০ লোক নিৰুদ্দেশ হৈছে। অৱশ্যে এই দুৰ্যোগৰ প্ৰকৃত পৰিসৰ এতিয়াও স্পষ্ট হোৱা নাই। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে। ম্যানমাৰত সাধাৰণতে বিৰল আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাবে আবেদন জনাইছে জুন্টাৰ মুৰব্বী মিন আং হ্লাইঙে। পূৰ্বৰ সামৰিক চৰকাৰসমূহে বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ পিছতো বিদেশী সাহায্য নাকচ কৰিছিল।

ভূমিকম্পৰ প্ৰভাৱ থাইলেণ্ডতো পৰে আৰু শুকুৰবাৰে বেংককত নিৰ্মাণৰত এটা ৩০ মহলীয়া অট্টালিকা ভাঙি পৰে। দেওবাৰলৈকে উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ পৰা ১৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে ৮৩ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ৩২ জন লোক আহত হোৱাৰ লগতে বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ