--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে।

ডিজিটেল ডেস্কঃ আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে চি পি ৰাধাকৃষ্ণনে। চি পি ৰাধাকৃষ্ণন দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি ভৱনত ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।

মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। উল্লেখ্য যে ২১ জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ পিছত এই নিৰ্বাচন অনুষ্ঠিত হয়।

ৰাধাকৃষ্ণন দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি

মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন। নিৰ্বাচনৰ অন্তত ৰাজ্যসভাৰ সচিব প্ৰধান আৰু নিৰ্বাচন বিষয়া পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰি ৯৮.২ শতাংশ ভোটদান পঞ্জীয়ন কৰে।

কিমান ভোট লাভ কৰিলে এন ডি এৰ প্ৰাৰ্থীয়ে?

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে লাভ কৰে ৪৫২টা ভোট। আনহাতে, বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০ ভোট। ৯ ছেপ্টেম্বৰত ভোটদানৰ অন্তত এই ফলাফল ঘোষণা কৰা হয়।

উপ-ৰাষ্ট্ৰপতি পদৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে চি পি ৰাধাকৃষ্ণনক অভিনন্দন জনায়। নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু অধিক শক্তিশালী কৰাৰ লগতে সংসদীয় আলোচনাত ইতিবাচক অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

চি পি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল

উল্লেখ্য যে চি পি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল। এতিয়া যিহেতু তেওঁ দেশৰ উপ-ৰাষ্ট্ৰপতি হৈ পৰিছে। এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ পদ খালী হৈ পৰিল। নতুন ৰাজ্যপাল নিযুক্তি পৰ্যন্ত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক তেওঁৰ কৰ্তব্যৰ উপৰিও মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে আনুষ্ঠানিক বিবৃতিও প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ