--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে।

ডিজিটেল ডেস্কঃ আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে চি পি ৰাধাকৃষ্ণনে। চি পি ৰাধাকৃষ্ণন দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি ভৱনত ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।


মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰে। উল্লেখ্য যে ২১ জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ পিছত এই নিৰ্বাচন অনুষ্ঠিত হয়।


ৰাধাকৃষ্ণন দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি


মঙলবাৰে ভাৰতৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণন। নিৰ্বাচনৰ অন্তত ৰাজ্যসভাৰ সচিব প্ৰধান আৰু নিৰ্বাচন বিষয়া পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে ৭৮১ জন সাংসদৰ ভিতৰত ৭৬৭ জন সাংসদে ভোটদান কৰি ৯৮.২ শতাংশ ভোটদান পঞ্জীয়ন কৰে।


কিমান ভোট লাভ কৰিলে এন ডি এৰ প্ৰাৰ্থীয়ে?


এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে লাভ কৰে ৪৫২টা ভোট। আনহাতে, বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০ ভোট। ৯ ছেপ্টেম্বৰত ভোটদানৰ অন্তত এই ফলাফল ঘোষণা কৰা হয়।


উপ-ৰাষ্ট্ৰপতি পদৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে চি পি ৰাধাকৃষ্ণনক অভিনন্দন জনায়। নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু অধিক শক্তিশালী কৰাৰ লগতে সংসদীয় আলোচনাত ইতিবাচক অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।


চি পি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল


উল্লেখ্য যে চি পি ৰাধাকৃষ্ণন মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল। এতিয়া যিহেতু তেওঁ দেশৰ উপ-ৰাষ্ট্ৰপতি হৈ পৰিছে। এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ পদ খালী হৈ পৰিল। নতুন ৰাজ্যপাল নিযুক্তি পৰ্যন্ত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক তেওঁৰ কৰ্তব্যৰ উপৰিও মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে আনুষ্ঠানিক বিবৃতিও প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ