--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুলিৰ মূল্য হৈছেগৈ $৫০৪,৩৭৫! ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩ কোটি ৮৩ লাখ টকাতকৈও অধিক! হয় আপুনি ঠিকেই শুনিছে। শেহতীয়া এক নিলামত, 'এক চুতকী' ধুলি কোটি টকাত বিক্ৰী কৰা হৈছিল! অৱশ্যে, এই ধুলি এনে কোনো ঠাইৰ ধুলি নহয়। দৰাচলতে, এই ধূলি এই পৃথিৱীত নাই! এই ধুলি চন্দ্ৰৰ ধুলি!

সূত্ৰ অনুসৰি, নিলাম কাৰ্য বুধবাৰে অনুষ্ঠিত হৈছিল। তাতেই নাছাই সংগ্ৰহ কৰা চন্দ্ৰৰ ধূলিৰ নমুনা বিক্ৰী কৰা হৈছিল। নীল আৰ্মষ্ট্ৰঙৰ সময়ত এই ধুলি অনা হৈছিল। নীল আমষ্ট্ৰাঙে পৃথিৱীৰ প্ৰতিনিধি হিচাপে প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি ৰাখিছিল। সেই সময়ত, চন্দ্ৰপৃষ্ঠৰ পৰা এই ধূলিৰ নমুনা সংগ্ৰহ কৰা হৈছিল। পিছত, ইয়াক অন্বেষণকাৰীসকলে পৃথিৱীলৈ আনিছিল। এতিয়ালৈকে, ধুলিৰ নমুনাবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ ওচৰত ৰখা হৈছিল।

অৱশ্যে, আপোনাৰ-মোৰ বাবে, চন্দ্ৰৰ এই ধূলিৰ মূল্য আকাশচুম্বী যেন লাগিলেও, কিন্তু উদ্যোগীসকলে এই মূল্য লাভ কৰি একেবাৰে সুখী নহয়! তেওঁলোকে আশা কৰিছিল যে ধুলিবোৰ অধিক মূল্যত বিক্ৰী কৰা হ'ব। তেওঁলোক সকলোৱে ভাবিছিল যে নিলামত চন্দ্ৰৰ ধূলিৰ মূল্য ৮,০০,০০০ ৰ পৰা ১২ নিযুত আমেৰিকান ডলাৰ হ'ব। কিন্তু বাস্তৱত, খুব কম দামতে এই ধূলি বিক্ৰী কৰা হল।

১৯৬৯ চনত চন্দ্ৰপৃষ্ঠত উপনীত হোৱাৰ পিছত নীল আৰ্মষ্ট্ৰং আৰু বাজ এল্ড্ৰিনে পৃথিৱীত এই বিষয়ে জনায়। তাৰ পিছত, নিৰ্দেশনা অনুসৰি, নীলে চন্দ্ৰত নমুনা সংগ্ৰহৰ কাম আৰম্ভ কৰিছিল। সেই সময়ত, মহাকাশচাৰীসকলক কোৱা শুনা গৈছিল যে তেওঁলোকে চন্দ্ৰৰ পৰা মাটি হিচাপে সংগ্ৰহ কৰি থকা নমুনাবোৰ প্ৰকৃততে শিলাময় আছিল, যিটো  বালিৰ দৰে। চন্দ্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰাৰ পাছত, নীলা আৰ্মষ্ট্ৰঙে সজতনে এটা নিৰ্দিষ্ট মোনাত মাটিখিনি সংগ্ৰহ কৰিছিল।

বিশেষজ্ঞসকলৰ মতে, চন্দ্ৰৰ পিছফালে বতাহৰ কোনো চলাচল নাই। অৱশ্যে, সৌৰজগতৰ বতাহ নিয়মীয়াকৈ তাত পৰে। ফলস্বৰূপে, এক বিশেষ প্ৰকাৰৰ বৈদ্যুতিক শক্তি ক্ষেত্ৰ সৃষ্টি কৰা হয়। যাৰ প্ৰভাৱত চন্দ্ৰপৃষ্ঠৰ পদাৰ্থবোৰ পৰিশোধিত বালিৰ দৰে মসৃণ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ