--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুলিৰ মূল্য হৈছেগৈ $৫০৪,৩৭৫! ভাৰতীয় মুদ্ৰাৰ হিচাপত ৩ কোটি ৮৩ লাখ টকাতকৈও অধিক! হয় আপুনি ঠিকেই শুনিছে। শেহতীয়া এক নিলামত, 'এক চুতকী' ধুলি কোটি টকাত বিক্ৰী কৰা হৈছিল! অৱশ্যে, এই ধুলি এনে কোনো ঠাইৰ ধুলি নহয়। দৰাচলতে, এই ধূলি এই পৃথিৱীত নাই! এই ধুলি চন্দ্ৰৰ ধুলি!

সূত্ৰ অনুসৰি, নিলাম কাৰ্য বুধবাৰে অনুষ্ঠিত হৈছিল। তাতেই নাছাই সংগ্ৰহ কৰা চন্দ্ৰৰ ধূলিৰ নমুনা বিক্ৰী কৰা হৈছিল। নীল আৰ্মষ্ট্ৰঙৰ সময়ত এই ধুলি অনা হৈছিল। নীল আমষ্ট্ৰাঙে পৃথিৱীৰ প্ৰতিনিধি হিচাপে প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি ৰাখিছিল। সেই সময়ত, চন্দ্ৰপৃষ্ঠৰ পৰা এই ধূলিৰ নমুনা সংগ্ৰহ কৰা হৈছিল। পিছত, ইয়াক অন্বেষণকাৰীসকলে পৃথিৱীলৈ আনিছিল। এতিয়ালৈকে, ধুলিৰ নমুনাবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ ওচৰত ৰখা হৈছিল।

অৱশ্যে, আপোনাৰ-মোৰ বাবে, চন্দ্ৰৰ এই ধূলিৰ মূল্য আকাশচুম্বী যেন লাগিলেও, কিন্তু উদ্যোগীসকলে এই মূল্য লাভ কৰি একেবাৰে সুখী নহয়! তেওঁলোকে আশা কৰিছিল যে ধুলিবোৰ অধিক মূল্যত বিক্ৰী কৰা হ'ব। তেওঁলোক সকলোৱে ভাবিছিল যে নিলামত চন্দ্ৰৰ ধূলিৰ মূল্য ৮,০০,০০০ ৰ পৰা ১২ নিযুত আমেৰিকান ডলাৰ হ'ব। কিন্তু বাস্তৱত, খুব কম দামতে এই ধূলি বিক্ৰী কৰা হল।

১৯৬৯ চনত চন্দ্ৰপৃষ্ঠত উপনীত হোৱাৰ পিছত নীল আৰ্মষ্ট্ৰং আৰু বাজ এল্ড্ৰিনে পৃথিৱীত এই বিষয়ে জনায়। তাৰ পিছত, নিৰ্দেশনা অনুসৰি, নীলে চন্দ্ৰত নমুনা সংগ্ৰহৰ কাম আৰম্ভ কৰিছিল। সেই সময়ত, মহাকাশচাৰীসকলক কোৱা শুনা গৈছিল যে তেওঁলোকে চন্দ্ৰৰ পৰা মাটি হিচাপে সংগ্ৰহ কৰি থকা নমুনাবোৰ প্ৰকৃততে শিলাময় আছিল, যিটো  বালিৰ দৰে। চন্দ্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰাৰ পাছত, নীলা আৰ্মষ্ট্ৰঙে সজতনে এটা নিৰ্দিষ্ট মোনাত মাটিখিনি সংগ্ৰহ কৰিছিল।

বিশেষজ্ঞসকলৰ মতে, চন্দ্ৰৰ পিছফালে বতাহৰ কোনো চলাচল নাই। অৱশ্যে, সৌৰজগতৰ বতাহ নিয়মীয়াকৈ তাত পৰে। ফলস্বৰূপে, এক বিশেষ প্ৰকাৰৰ বৈদ্যুতিক শক্তি ক্ষেত্ৰ সৃষ্টি কৰা হয়। যাৰ প্ৰভাৱত চন্দ্ৰপৃষ্ঠৰ পদাৰ্থবোৰ পৰিশোধিত বালিৰ দৰে মসৃণ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ