--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চীনে পৃথিৱীৰ বিকল্প সন্ধানত আছে!  জনা যায় যে, চীনে মহাকাশত এটা নিগাজী ঠাই বিচাৰি আছে, য'ত সাধাৰণ মানুহে বাস কৰিব পাৰে। চীনৰ এই অভিযানটোৰ নাম 'আৰ্থ ২.০' ৰখা হৈছে। নেচাৰ জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি, চীনা বিজ্ঞান একাডেমীয়ে এই অভিযানৰ পৰিকল্পনা কৰিছে। অৱশ্যে, বৰ্তমান প্ৰকল্পটো প্ৰাৰম্ভিক পৰ্যায়ত আছে।

জানিব পৰা গৈছে যে বিশেষজ্ঞৰ আন এটা দলে এই অভিযানৰ সমগ্ৰ পৰিকল্পনাটো চোৱা-চিতা কৰিব। পৰিকল্পনাটো অহা  জুনত কাৰ্যকৰী কৰা হ'ব। প্ৰচাৰৰ বাবে কিমান খৰচ হ'ব সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই।

এই অভিযানৰ সৈতে জড়িত এজন মহাকাশ বিজ্ঞানী জিয়ান গেয়ে এইদৰে কৈছিল: "চীনৰ উপগ্ৰহটো নাছাৰ কেপলাৰৰ তুলনাত ১,০১৫ গুণ অধিক শক্তিশালী হ'ব।  চীনে এই ক্ষেত্ৰত ৬ টা দূৰবীণ ব্যৱহাৰ কৰিব পাৰে। এই অভিযানৰ জৰিয়তে সৌৰজগতৰ বাহিৰৰ জীৱকূলৰো অন্বেষণ কৰা হ'ব।

এই অভিযানৰ উদ্দেশ্য স্পষ্ট, যদি পৃথিৱীত কোনো ডাঙৰ বিপদ ঘটে বা পৃথিৱী ধ্বংস হোৱাৰ উপক্ৰম হয় তেতিয়া যাতে সাধাৰণ মানুহে এক বিকল্প স্থানত বাস কৰিব পাৰে। নাছাই একেটা উদ্দেশ্যৰ বাবে মহাকাশ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এই বিকল্প পৃথিৱীখন বিচাৰিবলৈ চীনক যথেষ্ট তথ্যৰ প্ৰয়োজন হব।

চীনৰ প্ৰাৰম্ভিক অনুমান হৈছে যে পৰৱৰ্তী কেইটামান দশকত বিশ্বৰ পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে। তেনে ক্ষেত্ৰত, চীনে সাতটা দূৰবীণৰ জৰিয়তে এক্সোপ্লেনেট বিলাকৰ সন্ধান আৰম্ভ কৰিছে। অৱশ্যে, মিছনটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ আগতে ছি জিনপিং প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হব।

মন কৰিবলগীয়া যে চীন অতীতৰ পৰাই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছিল। ২০২০ চনৰ নৱেম্বৰত চীনৰ চন্দ্ৰযান চাং-৫ চন্দ্ৰক প্ৰদক্ষিণ কৰে। অভিযানটো ২৩ দিন ধৰি চলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ