--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চীনে পৃথিৱীৰ বিকল্প সন্ধানত আছে!  জনা যায় যে, চীনে মহাকাশত এটা নিগাজী ঠাই বিচাৰি আছে, য'ত সাধাৰণ মানুহে বাস কৰিব পাৰে। চীনৰ এই অভিযানটোৰ নাম 'আৰ্থ ২.০' ৰখা হৈছে। নেচাৰ জাৰ্নেলত প্ৰকাশিত তথ্য অনুসৰি, চীনা বিজ্ঞান একাডেমীয়ে এই অভিযানৰ পৰিকল্পনা কৰিছে। অৱশ্যে, বৰ্তমান প্ৰকল্পটো প্ৰাৰম্ভিক পৰ্যায়ত আছে।

 

জানিব পৰা গৈছে যে বিশেষজ্ঞৰ আন এটা দলে এই অভিযানৰ সমগ্ৰ পৰিকল্পনাটো চোৱা-চিতা কৰিব। পৰিকল্পনাটো অহা  জুনত কাৰ্যকৰী কৰা হ'ব। প্ৰচাৰৰ বাবে কিমান খৰচ হ'ব সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই।

 

এই অভিযানৰ সৈতে জড়িত এজন মহাকাশ বিজ্ঞানী জিয়ান গেয়ে এইদৰে কৈছিল: "চীনৰ উপগ্ৰহটো নাছাৰ কেপলাৰৰ তুলনাত ১,০১৫ গুণ অধিক শক্তিশালী হ'ব।  চীনে এই ক্ষেত্ৰত ৬ টা দূৰবীণ ব্যৱহাৰ কৰিব পাৰে। এই অভিযানৰ জৰিয়তে সৌৰজগতৰ বাহিৰৰ জীৱকূলৰো অন্বেষণ কৰা হ'ব।

 

এই অভিযানৰ উদ্দেশ্য স্পষ্ট, যদি পৃথিৱীত কোনো ডাঙৰ বিপদ ঘটে বা পৃথিৱী ধ্বংস হোৱাৰ উপক্ৰম হয় তেতিয়া যাতে সাধাৰণ মানুহে এক বিকল্প স্থানত বাস কৰিব পাৰে। নাছাই একেটা উদ্দেশ্যৰ বাবে মহাকাশ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। এই বিকল্প পৃথিৱীখন বিচাৰিবলৈ চীনক যথেষ্ট তথ্যৰ প্ৰয়োজন হব।

 

চীনৰ প্ৰাৰম্ভিক অনুমান হৈছে যে পৰৱৰ্তী কেইটামান দশকত বিশ্বৰ পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে। তেনে ক্ষেত্ৰত, চীনে সাতটা দূৰবীণৰ জৰিয়তে এক্সোপ্লেনেট বিলাকৰ সন্ধান আৰম্ভ কৰিছে। অৱশ্যে, মিছনটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ আগতে ছি জিনপিং প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন হব।

মন কৰিবলগীয়া যে চীন অতীতৰ পৰাই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছিল। ২০২০ চনৰ নৱেম্বৰত চীনৰ চন্দ্ৰযান চাং-৫ চন্দ্ৰক প্ৰদক্ষিণ কৰে। অভিযানটো ২৩ দিন ধৰি চলিছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ