--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বিজেপিৰ সাংসদ অনিল ফিৰোজিয়াই বৰ্তমান নিজৰ ফিটনেছৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। দৰাচলতে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে অনিল ফিৰোজিয়াক কৈছিল যে তেওঁ যিমানেই ওজন কমাব সিমানেই সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ বাবে তেওঁক ডাঙৰ পেকেজ দিয়া হ’ব৷
 গাডকাৰীয়ে কৈছিল অনিল ফিৰোজিয়াই ১ কেজি ওজন হ্ৰাস কৰিলে এক হাজাৰ কোটি টকাৰ পেকেজ উপলব্ধ হ’ব যিটো অনিল ফিৰোজিয়াই তেওঁৰ সংসদীয় সমষ্টিৰ উন্নয়নমূলক কামত ব্যয় কৰিব পাৰিব। নীতিন গাডকাৰীক কথামতেই সাংসদগৰাকীয়ে এক কেজি, দুই কেজি নহয় ১৫ কেজি ওজন কমাইছে। উল্লেখ্য যে অনিল ফিৰোজিয়া ওজন কমাবলৈ নীতিন গাডকাৰীয়ে প্ৰত্যাহ্বান দিছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত।
 মাত্ৰ চাৰি মাহৰ ভিতৰতে ১৫ কেজি ওজন কমাবলৈ সক্ষম হয় সাংসদগৰাকীয়ে। এই সন্দৰ্ভত ফিৰোজিয়াই কয়, ফিটনেছ চাৰ্ট এটা মনত ৰাখি মই ওজন কমাই আছো। য’ত ডায়েট প্লেন মানি চলা আৰু শাৰীৰিক ব্যায়াম কৰা, চাইকেল চলোৱা আৰু যোগাসন কৰা আদি অন্তৰ্ভুক্ত হৈ আছে। আগতে মোৰ ওজন আছিল ১২৭ কেজি। বৰ্তমান মই ১৫ কেজি কমালো। নীতিন গাডকাৰীয়ে কৈছিল যে যদি মই ১ কেজি কমাও তেন্তে এক হাজাৰ কোটি টকাৰ পেকেজ দিব, এতিয়া মই ১৫ কেজি কমালো, গতিকে এতিয়া মই মোৰ সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ বাবে ১৫ হাজাৰ কোটি টকা দাবী কৰাৰ অধিকাৰী। 
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ