--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ বিজেপিৰ সাংসদ অনিল ফিৰোজিয়াই বৰ্তমান নিজৰ ফিটনেছৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। দৰাচলতে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে অনিল ফিৰোজিয়াক কৈছিল যে তেওঁ যিমানেই ওজন কমাব সিমানেই সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ বাবে তেওঁক ডাঙৰ পেকেজ দিয়া হ’ব৷
 গাডকাৰীয়ে কৈছিল অনিল ফিৰোজিয়াই ১ কেজি ওজন হ্ৰাস কৰিলে এক হাজাৰ কোটি টকাৰ পেকেজ উপলব্ধ হ’ব যিটো অনিল ফিৰোজিয়াই তেওঁৰ সংসদীয় সমষ্টিৰ উন্নয়নমূলক কামত ব্যয় কৰিব পাৰিব। নীতিন গাডকাৰীক কথামতেই সাংসদগৰাকীয়ে এক কেজি, দুই কেজি নহয় ১৫ কেজি ওজন কমাইছে। উল্লেখ্য যে অনিল ফিৰোজিয়া ওজন কমাবলৈ নীতিন গাডকাৰীয়ে প্ৰত্যাহ্বান দিছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত।
 মাত্ৰ চাৰি মাহৰ ভিতৰতে ১৫ কেজি ওজন কমাবলৈ সক্ষম হয় সাংসদগৰাকীয়ে। এই সন্দৰ্ভত ফিৰোজিয়াই কয়, ফিটনেছ চাৰ্ট এটা মনত ৰাখি মই ওজন কমাই আছো। য’ত ডায়েট প্লেন মানি চলা আৰু শাৰীৰিক ব্যায়াম কৰা, চাইকেল চলোৱা আৰু যোগাসন কৰা আদি অন্তৰ্ভুক্ত হৈ আছে। আগতে মোৰ ওজন আছিল ১২৭ কেজি। বৰ্তমান মই ১৫ কেজি কমালো। নীতিন গাডকাৰীয়ে কৈছিল যে যদি মই ১ কেজি কমাও তেন্তে এক হাজাৰ কোটি টকাৰ পেকেজ দিব, এতিয়া মই ১৫ কেজি কমালো, গতিকে এতিয়া মই মোৰ সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ বাবে ১৫ হাজাৰ কোটি টকা দাবী কৰাৰ অধিকাৰী। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ