--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিগত পোন্ধৰ দিনে সন্ধানহীন হৈ আছে ভাৰতীয় সেনাৰ দুগৰাকী জোৱান। অতি স্পৰ্শকাতৰ দেশৰ চীন সীমান্তত নিয়োজিত হৈ থকা জোৱান দুগৰাকী সন্ধানহীন হৈ পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কি পৰিস্থিতিত জোৱান দুজন হেৰাই থাকিল তাক লৈ সেনাই স্পষ্ট তথ্য প্ৰকাশ নকৰাৰ পৰিপ্ৰেক্ষিতত সন্দেহ অধিক ঘণীভূত হৈছে। তাৎপৰ্যপূৰ্ণ কথা যে, অৰুণাচল সীমান্তত প্ৰায়েই চীনৰ সৈন্যবাহিনী পিএলএই আগ্ৰাসন কৰি আহিছে। সময়ে সময়ে অৰুণাচলৰ স্থানীয় যুৱকসকলৰ আটক কৰি লৈ যোৱা চীনা সৈন্যৰ দুষ্কাৰ্যক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে বিভিন্ন সময়ত। এতিয়া সন্দেহ হৈছে যে, চীনা সৈন্যই ভাৰতীয় সেনাৰ জোৱান দুগৰাকীক অপহৰণ কৰিব পাৰে। এই সম্পৰ্কত ভাৰতীয় সেনাৰ মৌনতা তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।   

 

উল্লেখ্য যে, বিগত ১৫ দিনে জোৱান দুগৰাকী সন্ধানহীন হৈ থকা বুলি প্ৰকাশ পাইছে। জোৱান দুগৰাকী সপ্তম গাড়ৱাল ৰাইফলছ জোৱান আছিল। উত্তৰাখণ্ডৰ এই জোৱান দুগৰাকী হৰেন্দ্ৰ নেগী আৰু প্ৰকাশ সিং ৰাণা বুলি সদৰি কৰা হৈছে। বিগত ২৮ মে’ৰ পৰাই জোৱান দুগৰাকী সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।

 

প্ৰকাশ সিং ৰানাৰ পত্নী মমতা ৰানাৰ লগত এই সন্দৰ্ভত সংবাদ মাধ্যমে কথা পতাত তেওঁ ভালেমান তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, সেনাৰ তৰফৰ পৰা তেওঁলোকক ২৯ মে’ত জনোৱা হৈছিল যে, ২৮ মে’ত তেওঁৰ স্বামী সন্ধানহীন হৈ পৰিছে। আনহাতে ৯ জুনত তেওঁলৈ দ্বিতীয়টো ফোনকল কৰে সেনাৰ ফালৰ পৰা। তেতিয়াই দুয়োগৰাকী সেনা জোৱান সন্ধানহীন হোৱাৰ কথা সদৰি কৰে আৰু কয় যে, জোৱান দুজন নৈত উটি যোৱা বুলি সন্দেহ কৰা হৈছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰে মমতাই। মমতাই তেওঁৰ দুই নাবালক সন্তান ১০ বছৰীয়া অনুজ আৰু ৭ বছৰীয়া অনামিকাক বুকুত বান্ধি পোন্ধৰ দিনে অনিশ্চয়তাৰে অপেক্ষা কৰি আছে প্ৰকাশক। ইফালে, হৰেন্দ্ৰ নেগীৰ পত্নী পুনম নেগীয়ে উল্লেখ কৰিছে যে, দুয়োগৰাকী সেনা জোৱান নৈৰ পাৰলৈ যোৱা আৰু কোনেও সেই বিষয়ে গম নোপোৱা কথাটো তেওঁ বিশ্বাস কৰিব পৰা নাই।

TRENDING

হৰেন্দ্ৰ নেগী আৰু পুনম নেগীৰ এটি এবছৰীয়া সন্তান আছে আৰু তেওঁলোকৰ বিয়াৰ মাত্ৰ তিনি বছৰহে হৈছে। ইফালে, সাহসপুৰৰ বিজেপি বিধায়ক সহদেৱ সিং পুণ্ডিৰ প্ৰকাশ সিং ৰাণাৰ পৰিয়ালক শুকুৰবাবে সৈনিক কল’নীত থকা বাসগৃহত সাক্ষাৎ কৰে। তাৰ পাছতে বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘মই প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটৰ সৈতে কথা পাতিছোঁ আৰু তেওঁ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ সন্ধানহীন জোৱান দুজনৰ সবিশেষ তথ্য মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।

অতি স্পৰ্শকাতৰ ভাৰত-চীন সীমান্তত বিগত ১৫ দিনে দুগৰাকীকৈ সেনা জোৱান সন্ধানহীন হৈ থকা ঘটনা অতি উদ্বেগজনক আৰু চাঞ্চল্যকৰ বিবেচিত হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ