--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: হজৰত মহম্মদ সম্পৰ্কত কৰা নূপুৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া কেৱল ভাৰততে সীমিত হৈ থকা নাই৷ দ্বেষ বিয়পি পৰিছে দেশে দেশে৷ নূপুৰ শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বাংলাদেশ৷ ভাৰতৰ চুবুৰীয়া দেশখন ক্ষোভিত হৈ পৰা বিষয়টোৱে উদ্বেগ বঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ৷ কিয়নো, আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য আৰু কূটনৈতিক ক্ষেত্ৰত বাংলাদেশৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে ভাৰতে৷ কিন্তু, নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাৰ এটা আপত্তিজনক মন্তব্যৰ বাবেই অৱনতি ঘটিব পাৰে ভাৰত-বাংলাদেশ সম্পৰ্কৰ৷

কালি ভাৰতৰ কেইবাখনো ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে এতিয়া বাংলাদেশত আৰম্ভ হৈছে প্ৰতিবাদ৷ ভাৰতীয় সামগ্ৰী বৰ্জনৰ ধ্বনি শুনা গৈছে বাংলাদেশৰ আকাশে-বতাহে৷ ইছলামী এণ্ডোলন বাংলাদেশ (আইএবি), জমিয়ত উলামা-ই-ইছলাম বাংলাদেশ আৰু ইছলামী অইকিয়াজোতৰ কেইবাটাও ৰাজনৈতিক দল আৰু ইছলামবাদীসকলে সকলোকে ভাৰতীয় সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। ১৯৭১ চনৰ যুদ্ধ অপৰাধী হিচাপে গণ্য কৰা আইএবিৰ মুৰব্বী আৰু চাৰমোনাই পীৰ, চৈয়দ ৰেজাউল কৰিমে পৰৱৰ্তী গণ শোভাযাত্ৰাৰ নেতৃত্ব দিব বুলি প্ৰতিবাদকাৰীসকলে সদৰী কৰে৷

বাইতুল মকাৰমৰ ৰাষ্ট্ৰীয় মছজিদৰ দক্ষিণ গেটত হোৱা প্ৰতিবাদত আইএবি নেতাসকলে কয় যে তেওঁলোকে ঢাকাত ভাৰতীয় উচ্চ আয়োগৰ ফালে এক গণ শোভাযাত্ৰা উলিয়াব৷ তেওঁলোকে বিজেপি নেতাসকলৰ মন্তব্য নিশ্চিত কৰি সংসদত প্ৰতিবাদী প্ৰস্তাৱ লোৱাৰ দাবী জনাইছে৷

নবীনগৰ-চন্দ্ৰ ঘাইপথ অৱৰোধ কৰাকে ধৰি দেশজুৰি এশৰো অধিক ইছলামিক গোটে প্ৰতিবাদ সাব্যস্ত কৰে৷ চিটাগঙত ইছলামিক গোটবিলাকে চ’কবজাৰ, আন্দেৰকিলা, হাথাজাৰী আৰু অন্যান্য অঞ্চলত এক প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল৷ নাৰায়ণগঞ্জত নাৰায়ণগঞ্জ উলেমা পৰিষদৰ বেনাৰত প্ৰতিবাদকাৰীসকলে চহৰখনৰ ডিআইটি ৰেলৱে মছজিদৰ চৌহদত শোভাযাত্ৰাটো উলিয়াই আনিছিল। বক্তাসকলে চৰকাৰক কূটনৈতিক পদক্ষেপ ল’বলৈ আৰু মন্তব্যবোৰক গৰিহণা দিবলৈ আহ্বান জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ