--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। চাৰিওফালে কেৱল এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি। 

ইতিমধ্যে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ লগতে প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান চাবলৈ উৎসুক হৈ আছে বিহুবলীয়া ৰাইজ ৷ তেনে সময়তে ৰঙালী বিহুৰ মঞ্চত এক নতুন ৰূপত দেখিবলৈ পোৱা গ'ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গক।

ৰঙালীৰ মঞ্চত জুবিনৰ নতুন ৰূপে মুহিলে দৰ্শকক ৷ হাতত লাখুটি লৈ ৰঙালীৰ মঞ্চত নতুন ৰূপত দেখা গ’ল জুবিন গাৰ্গক । কিন্তু কিয় এনে ৰূপত দেখা গ'ল শিল্পীগৰাকীক। শীঘ্ৰেই আহি আছে জুবিন গাৰ্গৰ অন্য এখন নতুন চিনেমা ‘ৰৈ ৰৈ বিনালে’ ৷ ইতিমধ্যে পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । আৰু এই নতুন ৰূপেৰে ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ প্ৰচাৰ চলাইছে জুবিনে । ৰৈ ৰৈ বিনালে" অসমৰ প্ৰথমখন মিউজিকেল ছবি ।
May be an illustration of 1 person and text that says "CREATION A zubeen Garg Musical বেখে લে রে রিনলের ล By のを場かyanごまま刀 ByRajeshBhuyan Rajesh Bhuyan & Team COMING OMINGSOON SOON" 

উল্লেখযোগ্য যে ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব কণ্ঠশিল্পী আচুর্য বৰপাত্ৰ, নীল আকাশৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে । ছবিখন পৰিচালনা কৰিব ৰাজেশ ভূঞাই । চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ । ছবিখনৰ কাহিনী জুবিন গাৰ্গৰ ।প্ৰিয় শিল্পীগৰাকীৰ ছবিখনক লৈ উৎসাহী এতিয়া অসমবাসী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ