--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাতি পাকঘৰত অদ্ভুত শব্দ শুনা যায় নেকি? খাদ্য সামগ্ৰীত সৰু সৰু দাঁতৰ দাগ দেখা যায় নেকি? আলমাৰী খোলাৰ লগে লগে কিবা এটা পলাই যোৱা দেখা পায় নেকি? যদি হয়, তেন্তে বুজি লওক যে আপোনাৰ ঘৰত নিগনিয়ে শিবিৰ পাতিছে! এই সৰু অথচ দুষ্ট জীৱবিধে আপোনাৰ বস্তুবোৰৰ ক্ষতি কৰাই নহয়, গুৰুতৰ ৰোগ বিয়পাব পাৰে। 

বেছিভাগ মানুহেই সিহঁতক হত্যা কৰিবলৈ ফান্দ, বিষ বা আন পদ্ধতি ব্যৱহাৰ কৰে, কিন্তু যদি হিংসাৰ সলনি আপুনি এনে এটা সমাধান বিচাৰে যাৰ দ্বাৰা নিগনিবোৰ মৰি নেপেলোৱাকৈ ঘৰৰ পৰা আঁতৰাই পঠাব পাৰি তেন্তে আমি আপোনালোকৰ বাবে লৈ আহিছো ৫টা সহজ আৰু ফলপ্ৰসূ ঘৰুৱা উপায়।

পদিনাঃ নিগনিয়ে তীব্ৰ গোন্ধযুক্ত বস্তু একেবাৰেই ভাল নাপায়, আৰু পদিনা ইহঁতৰ আটাইতকৈ ডাঙৰ শত্ৰু। কপাহী বলত পদিনা তেল কেইটোপালমান দি নিগনিৰ পথৰ ওচৰত, দুৱাৰৰ ওচৰত বা আলমাৰীত ৰাখিব। ইয়াৰ উপৰিও পানীত পদিনা তেল কেইটোপালমান দি ঘৰৰ চুকত ছটিয়াই স্প্ৰে প্ৰস্তুত কৰিব পাৰে। এই দ্ৰৱটোৱে নিগনিবোৰক আঁতৰাই ৰখাই নহয়, ঘৰখনক সতেজ সুগন্ধিও দিয়ে।

শুকান জলকীয়াঃ আপুনি কেতিয়াবা ভাবিছেনে শুকান জলকীয়াৰ পৰা নিগনি কিয় আঁতৰত থাকে? আচলতে ইয়াত থকা মৌলবোৰে সিহঁতৰ চকু আৰু নাকত বিষৰ সৃষ্টি কৰিব পাৰে। নিগনি লুকাই থকা ঠাই আৰু বাটত শুকান জলকীয়াৰ গুড়ি ছটিয়াই দিব। ইচ্ছা কৰিলে পানীৰ লগত মিহলাই স্প্ৰে বনাব পাৰে আৰু নিগনিয়ে সঘনাই অহা ঠাইত ছটিয়াই দিব পাৰে। 

কৰ্পূৰঃ কৰ্পূৰৰ প্ৰচণ্ড গোন্ধে পৰিৱেশ শুদ্ধ কৰাই নহয়, নিগনিও খেদি পঠিয়ায়। কৰ্পূৰ টেবলেট কেইটামান লৈ ঘৰৰ চুকত ৰাখি বা পানীত ভৰাই ছটিয়াই দিব। 

নেমু আৰু কমলাৰ বাকলিঃ আপুনি জানেনে যে নিগনিয়ে ছাইট্ৰাছ ফলৰ গোন্ধ অপছন্দ কৰে? নেমু আৰু কমলাৰ বাকলি শুকুৱাই সৰু সৰুকৈ কাটি নিগনিৰ ৰাস্তাত থৈ দিব। ইয়াৰ ফলত নিগনিবোৰ আঁতৰি থকাই নহয়, ঘৰত প্ৰাকৃতিক গোন্ধ এটাও থাকিব।

এমোনিয়াঃ এমোনিয়াৰ গোন্ধে নিগনিক বিপদৰ অনুভৱ কৰায়, যাৰ ফলত নিগনি পলাই যায়। পানীত অলপ পৰিমাণৰ এমোনিয়া মিহলাই স্প্ৰে বটলত ভৰাই নিগনিৰ গুহাৰ ওচৰত ছটিয়াই দিব। এমোনিয়াৰ গোন্ধ মানুহৰ বাবে অলপ কঠোৰ হ’ব পাৰে, গতিকে ইয়াক ব্যৱহাৰ কৰাৰ সময়ত খিৰিকী-দুৱাৰ খোলা ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ