--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তামিলনাডু ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি তামিলনাডু ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন কাৰ্যসূচীত ভাগ ল’ব। মোদীয়ে ৰাজ্যখনত সম্পূৰ্ণ হৈ উঠা প্ৰকল্পসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰিব। তেওঁ ৩১,০০০ কোটি টকাৰ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ১১ টা প্ৰকল্পৰ আধাৰ শিলাও স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে বেংগালুৰু আৰু চেন্নাইৰ মাজত এটা ঘাইপথ প্ৰকল্প। তামিলনাডুৰ বিজেপিৰ নেতা-কৰ্মীসকলে মোদীক আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱাৰ বাবে সাজু হৈছে। একে সময়তে, আৰক্ষী বিভাগে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।

যোৱা বছৰ ডিএমকেই এআইএডিএমকেক পৰাস্ত কৰি চৰকাৰ গঠন কৰাৰ পাছত এয়া প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম চৰকাৰী ভ্ৰমণ। প্ৰধানমন্ত্ৰীয়ে ২,৯৬০ কোটি টকা ব্যয়েৰে নিৰ্মিত পাঁচটা প্ৰকল্প উদ্বোধন কৰিব। অনুষ্ঠানটোত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱও উপস্থিত থাকিব।

এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, দক্ষিণ তামিলনাডুত ৫০০ কোটি টকাৰ অধিক ব্যয়েৰে ৭৫ কিলোমিটাৰ দীঘল মাদুৰাই-টেনি (ৰে'লৱে গজ ৰূপান্তৰ প্ৰকল্প)য়ে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নক কৰি তুলিব আৰু পৰ্যটনৰো উন্নয়ন সাধিব। তদুপৰি, প্ৰাকৃতিক গেছ, পাইপলাইন প্ৰকল্পৰ দ্বাৰা গ্ৰাহক আৰু উদ্যোগসমূহ যথেষ্ট লাভান্বিত হ'ব। মোডীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত 'লাইট হাউছ প্ৰকল্প-চেন্নাই'ৰ অধীনত ১১৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১,১৫২ টা ঘৰো উদ্বোধন কৰিব বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।

বিষয়াবৰ্গই প্ৰকাশ কৰা অনুসৰি প্ৰকল্পটোত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ফিনলেণ্ডৰ দৰে এক পূৰ্ব-নিৰ্মিত কংক্ৰিট নিৰ্মাণ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে কয় যে, দেশত প্ৰথমবাৰৰ বাবে নিৰ্মাণ খণ্ডত ইমান বৃহৎ পৰিমাণে নতুন যুগৰ গোলকীয় প্ৰযুক্তি, সামগ্ৰী আৰু প্ৰক্ৰিয়াৰ অধিক ভালদৰে ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ ১ জানুৱাৰীত সমগ্ৰ দেশৰ ছয়টা স্থানত 'লাইট হাউছ প্ৰকল্প'ৰ আধাৰশিলা স্থাপন কৰিছিল। বিষয়াসকলে কয় যে প্ৰধানমন্ত্ৰীয়ে নিয়মীয়াকৈ প্ৰকল্পটোৰ স্থিতি পৰ্যালোচনা কৰি আছে, যাৰ ভিতৰত আছে ড্ৰোন-আধাৰিত নিৰীক্ষণ ব্যৱস্থাও।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement