--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বানৰ প্ৰবল সোঁতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি ষ্টেছনৰ চৌহদ বুৰাই পেলোৱাৰ লগতে কেইবাঠাইতো ৰে'লপথ ক্ষতিগ্রস্ত হৈছে।

ডিজিটেল ডেস্ক: উজনি অসমৰ কেইবাখনো জিলাত অব্যাহত ধাৰাসাৰ বৰষুণ আৰু ভয়াৱহ বান পৰিস্থিতিৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। বানৰ বাবে ৰে'ল সেৱাৰ লগতে উজনিমুৱা যান-বাহন চলাচলৰ পথ সলনি কৰা হৈছে। 


বানৰ প্ৰবল সোঁতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি ষ্টেছনৰ চৌহদ বুৰাই পেলোৱাৰ লগতে কেইবাঠাইতো ৰে'লপথ ক্ষতিগ্রস্ত হৈছে। সেয়ে যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি-নামটিয়ালি আৰু শিমলুগুৰি-চেলেংহাট খণ্ডৰ মাজত ৰে'লৰ চলাচল পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ কৰি দিয়া হৈছে। ফলত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আহিবলগীয়া কেইবাখনো দীর্ঘ দূৰত্বৰ ৰে'ল ৰঙিয়া-ৰঙাপাৰা-ডিব্ৰুগড় পথেৰে ডাইভার্ট কৰা হৈছে। ইয়াৰ উপৰি কেইবাখনো স্থানীয় যাত্রী সেৱা বাতিল কৰাৰ বিপৰীতে কিছুমান ৰে'ল ছৰ্ট টার্মিনেট কৰা হৈছে। 


উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, ৭৫৬০২ তিনিচুকীয়া-লামডিং ডেম' ৰে'ল, ১৫৬০৩/১৫৬০৪ লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্রেছ, ৭৫৬০১ লামডিং-তিনিচুকীয়া ডেম' ৰে'ল, ১৫৯২৭ ৰঙিয়া-নিউ তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ১৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰ নগৰ এক্সপ্রেছ, ১৫৯৬০ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ, ৫৫৯১৪ তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ, ৫৫৯১৩ যোৰহাট টাউন-তিনিচুকীয়া পেছেঞ্জাৰ, ১৫৯২৮ নিউ তিনিচুকীয়া-ৰঙিয়া ইণ্টাৰচিটি এক্সপ্রেছ, ৫৫৯০৯ শিমলুগুৰি-ডিব্ৰুগড় পেছেঞ্জাৰ আৰু ১৫৯৩৩ নিউ তিনিচুকীয়া-অমৃতসৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। সেইদৰে অমৃতসৰ নিউ তিনিচুকীয়া এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্রেছ, ৰাজধানী এক্সপ্ৰেছ, নগালেণ্ড এক্সপ্রেছ, অব'ধ আছাম এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লৰ যাত্ৰাৰ গতিপথ সলনি তথা সীমাবদ্ধ কৰা হৈছে। 


ইফালে, বানৰ সংহাৰৰ মাজতে উজনিমুৱা যান-বাহন চলাচলৰ ক্ষেত্ৰতো পথ সলনি কৰা হৈছে। ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়ালৈ যাবলৈ কলিয়াবৰ হৈ বগীবিলেৰে ডিব্ৰুগড় হৈ যাব লাগিব যাত্রী। কলিয়াবৰৰ পৰা যান-বাহনসমূহৰ পথ সলনি কৰা হৈছে। একেদৰে নামনিলৈ আহিব লগা বাহনসমূহ বগীবিল হৈ আহিব লাগিব। ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাটলৈকেহে বাহনসমূহ যাব পাৰিব।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু