--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বানৰ প্ৰবল সোঁতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি ষ্টেছনৰ চৌহদ বুৰাই পেলোৱাৰ লগতে কেইবাঠাইতো ৰে'লপথ ক্ষতিগ্রস্ত হৈছে।

ডিজিটেল ডেস্ক: উজনি অসমৰ কেইবাখনো জিলাত অব্যাহত ধাৰাসাৰ বৰষুণ আৰু ভয়াৱহ বান পৰিস্থিতিৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। বানৰ বাবে ৰে'ল সেৱাৰ লগতে উজনিমুৱা যান-বাহন চলাচলৰ পথ সলনি কৰা হৈছে। 


বানৰ প্ৰবল সোঁতে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ শিমলুগুৰি ষ্টেছনৰ চৌহদ বুৰাই পেলোৱাৰ লগতে কেইবাঠাইতো ৰে'লপথ ক্ষতিগ্রস্ত হৈছে। সেয়ে যাত্ৰীৰ সুৰক্ষা আৰু পৰিচালনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিমলুগুৰি-নামটিয়ালি আৰু শিমলুগুৰি-চেলেংহাট খণ্ডৰ মাজত ৰে'লৰ চলাচল পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ কৰি দিয়া হৈছে। ফলত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আহিবলগীয়া কেইবাখনো দীর্ঘ দূৰত্বৰ ৰে'ল ৰঙিয়া-ৰঙাপাৰা-ডিব্ৰুগড় পথেৰে ডাইভার্ট কৰা হৈছে। ইয়াৰ উপৰি কেইবাখনো স্থানীয় যাত্রী সেৱা বাতিল কৰাৰ বিপৰীতে কিছুমান ৰে'ল ছৰ্ট টার্মিনেট কৰা হৈছে। 


উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, ৭৫৬০২ তিনিচুকীয়া-লামডিং ডেম' ৰে'ল, ১৫৬০৩/১৫৬০৪ লিডু-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্রেছ, ৭৫৬০১ লামডিং-তিনিচুকীয়া ডেম' ৰে'ল, ১৫৯২৭ ৰঙিয়া-নিউ তিনিচুকীয়া ইণ্টাৰচিটি এক্সপ্ৰেছ, ১৩২৮১ ডিব্ৰুগড়-ৰাজেন্দ্ৰ নগৰ এক্সপ্রেছ, ১৫৯৬০ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ, ৫৫৯১৪ তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ, ৫৫৯১৩ যোৰহাট টাউন-তিনিচুকীয়া পেছেঞ্জাৰ, ১৫৯২৮ নিউ তিনিচুকীয়া-ৰঙিয়া ইণ্টাৰচিটি এক্সপ্রেছ, ৫৫৯০৯ শিমলুগুৰি-ডিব্ৰুগড় পেছেঞ্জাৰ আৰু ১৫৯৩৩ নিউ তিনিচুকীয়া-অমৃতসৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। সেইদৰে অমৃতসৰ নিউ তিনিচুকীয়া এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ, ৰাজেন্দ্ৰ নগৰ-ডিব্ৰুগড় এক্সপ্রেছ, ৰাজধানী এক্সপ্ৰেছ, নগালেণ্ড এক্সপ্রেছ, অব'ধ আছাম এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লৰ যাত্ৰাৰ গতিপথ সলনি তথা সীমাবদ্ধ কৰা হৈছে। 


ইফালে, বানৰ সংহাৰৰ মাজতে উজনিমুৱা যান-বাহন চলাচলৰ ক্ষেত্ৰতো পথ সলনি কৰা হৈছে। ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়ালৈ যাবলৈ কলিয়াবৰ হৈ বগীবিলেৰে ডিব্ৰুগড় হৈ যাব লাগিব যাত্রী। কলিয়াবৰৰ পৰা যান-বাহনসমূহৰ পথ সলনি কৰা হৈছে। একেদৰে নামনিলৈ আহিব লগা বাহনসমূহ বগীবিল হৈ আহিব লাগিব। ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাটলৈকেহে বাহনসমূহ যাব পাৰিব।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ