--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত সমগ্ৰ বিশ্বই মহাত্মা  গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে সেই সময়তে একাংশ হিনদুত্ববাদী নেতাই মহাত্মা গান্ধীৰ বিৰুদ্ধে নানান কটু কথা কৈ আহিছে।এনে এক ঘটনাৰ পৰিপ্ৰেক্ষিততে মহাত্মা গান্ধীৰ  নাতিয়েক  তুষাৰ গান্ধীয়ে শুকুৰবাৰে কয় যে তেওঁ হিন্দুত্ববাদী নেতা সম্ভাজী ভিদেৰ বিৰুদ্ধে মহাত্মাৰ বিৰুদ্ধে কৰা "মানহানিকৰ" মন্তব্যৰ বাবে পুনেৰ এখন আদালতত অপৰাধমূলক গোচৰ ৰুজু কৰিছে।

গান্ধীয়ে কয়  যে তেওঁ তেওঁৰ অধিবক্তাৰ  জৰিয়তে পুনে আৰক্ষীৰ বিৰুদ্ধে শিৱাজী নগৰৰ জিলা আৰু সত্ৰ আদালতত যোৱা মাহত  দাখিল কৰা এখন আবেদনৰ বিষয়ত  কাম নকৰাৰ বাবে অভিযোগ দাখিল কৰিছে। তেওঁ ভিদেৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও বিচাৰিছে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় , "এয়া  দুৰ্ভাগ্যজনক যে আৰক্ষীয়ে তেওঁলোকৰ কৰ্তব্য পাহৰি ৰাজনৈতিক হেঁচাত কাম কৰি আছে।"উল্লেখ্য তুষাৰ গান্ধীয়ে যেতিয়া ভিদেৰ বিৰুদ্ধে অভিযোগন দাখিল কৰিছিল, আৰক্ষীয়ে কৈছিল যে তেওঁলোকে বিষয়টোত আগবাঢ়ি যোৱাৰ আগতে আইনী মতামত বিচাৰিব।

এই প্ৰসংগতে তুষাৰ গান্ধীয়ে কয় "ভিদেৰ বিৰুদ্ধে গোচৰ নোলোৱাৰ  বাবে  আমি আদালতৰ কাষ চাপিব লগা হৈছে আৰু আদালতত ভিদেৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰিব লগা হৈছে," ।ইয়াৰ পিছতে তুষাৰ গান্ধীয়ে তেওঁৰ অধিবক্তাৰ সৈতে   ডেক্কান জিমখানা আৰক্ষী থানালৈ গৈছিল আৰু হিন্দুত্ববাদী  নেতাজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ভিদেৰ  বিৰুদ্ধে আইপিচি ধাৰা ১৫৩ ক (বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা), ৪৯৯ (মানহানি) আৰু ৫০৫( দুষ্টতাৰ মনোভাবেৰে ৰাজহুৱা বিবৃতি)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তুষাৰ গান্ধীয়ে লগতে কয় , "ভিদেই কেৱল বাপুৰ বিৰুদ্ধেই নহয়, তেওঁৰ পৰিয়ালৰ বিৰুদ্ধেও অপমানজনক মন্তব্য কৰিছিল।"
জুলাইৰ শেষ সপ্তাহত পূৱ মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত এক অনুষ্ঠানত  ভাষণ দি ভিদেই  মহাত্মা গান্ধীৰ বংশ সম্পৰ্কে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উঠিছিল।

এনে মন্ত্ব্যৰ পিছতে শ্ৰী শিৱ প্ৰতিষ্ঠান হিন্দুস্তান সংগঠনৰ প্ৰতিষ্ঠাপক ভিদেৰ বিৰুদ্ধে অমৰাৱতী আৰু নাছিকত এজাহাৰ দাখিল কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা