--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ এখন ৰাজ্যত এতিয়া অতি সংক্ৰামক নিপাহ ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহৰ উশাহ-নিশাহ, বতাহৰ জড়িয়তে বিয়পি পৰা নিপাহ ভাইৰাছে কেৰালাত দুজন লোকৰ মৃতু্য ঘটোৱাৰ লগতে আন ছজন লোকক আক্ৰান্ত কৰিছে। শতাধিক লোক এতিয়া পৰ্যবেক্ষণত আছে।  লক্ষ্যণীয় কথাটো হ’ল নিপাহত সংক্ৰমিত লোকসকলৰ মৃত্যুৰ হাৰ কোভিডৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ তুলনাত যথেষ্ট বেছি। 

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) মুৰব্বী ড০ ৰাজীৱ বহেলে এই কথা প্ৰকাশ কৰিছে। । ডাঃ বহেলৰ মতে, কোভিডৰ মৃত্যুৰ হাৰ  ২-৩ শতাংশৰ তুলনাত নিপাহ ভাইৰাছত  মৃত্যুৰ হাৰ ৪০-৭০ শতাংশৰ ভিতৰত থাকে। কালি কেৰালাৰ কোজিকোডত নিপাহ ভাইৰাছৰ এটা নতুন ঘটনা ধৰা পৰিছে। ফলত ৰাজ্যখনত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ছয়জনলৈ বৃদ্ধি পাইছে।  কেৰালাত ঘটনা বৃদ্ধি হোৱাৰ মাজতে ভাৰতে অষ্ট্ৰেলিয়াক নিপাহ ভাইৰাছৰ চিকিৎসাৰ বাবে আৰু ২০ টা মনোক্ল'নেল এণ্টিবডী যোগান ধৰিবলৈ আহ্বান জনাইছে । দক্ষিণৰ ৰাজ্যখনত পুনৰাবৃত্তি হোৱা নিপাহ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু কোভিডৰ তুলনাত ইয়াৰ উচ্চ মৃত্যুৰ হাৰৰ পৰিপ্ৰেক্ষিতত আইচিএমআৰে কয় যে এই ভাইৰেল ৰোগৰ বিৰুদ্ধে ভেকছিন বিকশিত কৰাৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।তেওঁ কয় " আমি ২০১৮ চনত অষ্ট্ৰেলিয়াৰ পৰা মনোক্ল'নেল এণ্টিবডীৰ কিছু পালি পাইছিলো।

 বৰ্তমানে, পালিবোৰ কেৱল ১০ জন ৰোগীৰ বাবে উপলব্ধ," । ডাঃ বহেলে লগতে কয়  যে ভাৰতৰ বাহিৰত নিপাহ ভাইৰাছত আক্ৰান্ত হোৱা ১৪ জন লোকে মনোক্ল'নেল এণ্টিবডী চিকিৎসা গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ আৰোগ্য লাভ কৰিছে।বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি, কোজিকোডৰ সকলো শিক্ষানুষ্ঠান আজিৰে পৰা এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে। কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কৈছে  যে কেৰালাত নিপাহ ভাইৰাছ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ  তালিকা ১,০৮০ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৩২৭ গৰাকী স্বাস্থ্যসেৱা কৰ্মীও আছে।কেৰালাত পুনৰ নিপাহ ভাইৰাছৰ সমক্ৰমণৰ ঘটনা ধৰা পৰাৰ পিছতে সষ্টম হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। 

 ইতিমধ্যে ৰাজ্য খনৰ  কোজিকোড জিলাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ  দুজন লোকৰ মৃত্যু ঘটিছে  বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই  নিশ্চিত কৰিছে। ব্যক্তিগত চিকিৎসালয়ৰ পৰা দুটা "অপ্ৰাকৃতিক" মৃত্যুৰ খবৰ পোৱাৰ পিছত কালি জিলা খনত স্বাস্থ্য সতৰ্কতা জাৰি কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ পৰিস্থিতিৰ বুজ ল'বলৈ আৰু নিপাহ ভাইৰাছ সম্পৰ্কীয়  ব্যৱস্থাপনাৰ ক্ষেত্ৰত   ৰাজ্য চৰকাৰক সহায় কৰিবলৈ কেৰালালৈ প্ৰেৰণ কৰা এটা কেন্দ্ৰীয় দলে প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়৷ নিপাহ ভাইৰাছ মূলতঃ বাদুলিৰ দ্বাৰা বিয়পে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে  এই ভাইৰাছ মানুহৰ লগতে আন জীৱ-জন্তুৰ বাবেও সমানে মাৰাত্মক। নিপাহ ভাইৰাছত আক্ৰান্ত হ’লে ৰোগীয়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ,  মূৰ ঘূৰোৱা আৰু ওকালি অহা আদি লক্ষণত ভোগে ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা