--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ  অনন্তনাগত সেনা-আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাই থকা অভিযানে আজি চতুৰ্থ দিনত ভৰি দিছে। অনন্তনাগৰ ওখ পাহাৰৰ শিখৰৰ এটা গুহাত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছে। সেই গুহাটোলো যোৱা পথটো তেনেই ঠেক আৰু পথটোৰ এফালে থিয় শিলৰ প্ৰাচীৰ আৰু আনফালে দ’ খাদ আছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেনা আৰক্ষীয়ে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই গৈছে। 

ইতিমধ্যে এই অভিযান চলাবলৈ গৈ চাৰিজন সেনা-আৰক্ষীৰ বিষয়া নিহত হৈছে।  অৱশেষত সেনা-আৰক্ষী হত্যাৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। জম্মু আৰু কাশ্মীৰৰ বাৰামুলা জিলাত সেনাৰে  সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। সুৰক্ষা বাহিনীয়ে এতিয়াও উৰি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।  

সেনাৰ এগৰাকী বিষয়াই কয় "ঘটনাটো উৰিৰ কাষৰীয়া বাৰামুলা জিলাৰ হাথলাঙ্গা অঞ্চলত সংঘটিত হৈছে। সেনা আৰু বাৰামুলা আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানৰ সময়তে  দুজন সন্ত্ৰাসবাদী  নিহত হয়। ’’নিহত সন্ত্ৰাসবাদী দুজনে ভাৰতলৈ পাকিস্তানৰ পৰা  অস্ত্ৰ সৰবৰাহ কৰিছিল বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।

ইপিনে মঙলবাৰে নিশাৰে  পৰা সেনা আৰু আৰক্ষীৰ এটা যুটীয়া বাহিনীয়ে অনন্তনাগত লুকাই থকা লস্কৰ সন্ত্ৰাসবাদীৰ  সৈতে সংঘৰ্ষত লিপ্ত হৈ আছে। যুটীয়া সুৰক্ষা বাহিনীয়ে বনাঞ্চলত সন্ত্ৰাসবাদীৰ  উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত  অভিযান আৰম্ভ কৰিছিল। একে সময়তে, সন্ত্ৰাসবাদীৰ আক্ৰমণত তিনিজন সেনা বিষয়াৰ লগতে এজন আৰক্ষী  নিহত হয়।  লস্কৰ-ই-তৈবাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। 

লস্কৰৰ  সহযোগী সংস্থা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে কৈছে  যে এই মাহৰ আৰম্ভণিতে পাকিস্তান অধিকৃত কাশ্মীৰত সংগঠনটোৰ এজন নেতা নিহত হৈছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপে সুৰক্ষা বাহিনীক আক্ৰমণ কৰা হৈছে।উল্লেখ্য পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে। ভাৰতীয় সেনায়ো প্ৰত্যুত্তৰত অভিযান চলাই আছে। সেনাই কাশ্মীৰী পণ্ডিতসকলৰ হত্যাকাৰীসকলক নিধন কৰি জেহাদীসকলৰ ৰাজহাড়  ভাঙি পেলাইছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন