--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ  অনন্তনাগত সেনা-আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাই থকা অভিযানে আজি চতুৰ্থ দিনত ভৰি দিছে। অনন্তনাগৰ ওখ পাহাৰৰ শিখৰৰ এটা গুহাত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছে। সেই গুহাটোলো যোৱা পথটো তেনেই ঠেক আৰু পথটোৰ এফালে থিয় শিলৰ প্ৰাচীৰ আৰু আনফালে দ’ খাদ আছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো সেনা আৰক্ষীয়ে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই গৈছে। 

ইতিমধ্যে এই অভিযান চলাবলৈ গৈ চাৰিজন সেনা-আৰক্ষীৰ বিষয়া নিহত হৈছে।  অৱশেষত সেনা-আৰক্ষী হত্যাৰ প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। জম্মু আৰু কাশ্মীৰৰ বাৰামুলা জিলাত সেনাৰে  সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। সুৰক্ষা বাহিনীয়ে এতিয়াও উৰি অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।  

সেনাৰ এগৰাকী বিষয়াই কয় "ঘটনাটো উৰিৰ কাষৰীয়া বাৰামুলা জিলাৰ হাথলাঙ্গা অঞ্চলত সংঘটিত হৈছে। সেনা আৰু বাৰামুলা আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানৰ সময়তে  দুজন সন্ত্ৰাসবাদী  নিহত হয়। ’’নিহত সন্ত্ৰাসবাদী দুজনে ভাৰতলৈ পাকিস্তানৰ পৰা  অস্ত্ৰ সৰবৰাহ কৰিছিল বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।

ইপিনে মঙলবাৰে নিশাৰে  পৰা সেনা আৰু আৰক্ষীৰ এটা যুটীয়া বাহিনীয়ে অনন্তনাগত লুকাই থকা লস্কৰ সন্ত্ৰাসবাদীৰ  সৈতে সংঘৰ্ষত লিপ্ত হৈ আছে। যুটীয়া সুৰক্ষা বাহিনীয়ে বনাঞ্চলত সন্ত্ৰাসবাদীৰ  উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত  অভিযান আৰম্ভ কৰিছিল। একে সময়তে, সন্ত্ৰাসবাদীৰ আক্ৰমণত তিনিজন সেনা বিষয়াৰ লগতে এজন আৰক্ষী  নিহত হয়।  লস্কৰ-ই-তৈবাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। 

লস্কৰৰ  সহযোগী সংস্থা দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে কৈছে  যে এই মাহৰ আৰম্ভণিতে পাকিস্তান অধিকৃত কাশ্মীৰত সংগঠনটোৰ এজন নেতা নিহত হৈছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপে সুৰক্ষা বাহিনীক আক্ৰমণ কৰা হৈছে।উল্লেখ্য পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইয়ে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে। ভাৰতীয় সেনায়ো প্ৰত্যুত্তৰত অভিযান চলাই আছে। সেনাই কাশ্মীৰী পণ্ডিতসকলৰ হত্যাকাৰীসকলক নিধন কৰি জেহাদীসকলৰ ৰাজহাড়  ভাঙি পেলাইছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক