ডিজিটেল ডেস্কঃ আমাৰ দেশ ভাৰত বৰ্ষ নানা জাতি -উপজাতিৰ লোকেৰে ভৰি আছে৷ প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা কিছুমান পৰম্পৰা আছে৷ তেনে পৰম্পৰাৰ দোহাই দিয়েই এটা বিশেষ জনগোষঠীৰ প্ৰেমিক-প্ৰেমিকাই বিয়াৰ পূৰ্বে এনিশা অৰণ্যত কটাব লাগে৷
ছত্তিশগড় আৰু মধ্য প্ৰদেশত বাস কৰি অহা বাইগা জনজাতিৰ মাজত প্ৰচলন আছে এই পৰম্পৰা৷ বাইগা নামৰ জনগোষ্ঠীৰ মাজত প্ৰচলনথকা এই পৰম্পৰাক দশাৰাহা বুলি কোৱা হয়৷এই লোকাচাৰ অনুসৰি গাঁৱৰ যুৱক-যুৱতীসকলে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ নৃত্য-গীত পৰিৱেশন কৰি যাব লাগে।
এইদেৰ নৃত্য কৰি গৈ থাকোতেই বহু যুৱক-যুৱতীয়ে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে৷প্ৰেমত পৰাৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে উক্ত যুৱক-যুৱতী হালে অৰণ্যত এনিশা কটাব লাগে৷
নিশা অৰণ্যত থকাৰ পিছত পিছদিনা পুৱা ৰীতি নীতি অনুসৰি যুৱক-যুৱতী হালৰ বিবাহ সম্পন্ন কৰা হয়৷
হোলীৰ পিছতে বাইগা জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে এমাহজোৰা কাৰ্যসূচীৰে নৃত্যৰ আয়োজন কৰে ৷
বাইগা জনগোষ্ঠীৰ মাজত এনে বিবাহক ভাগা বুলি কোৱা হয়।
উল্লেখ্য যে জনজাতীয় সমাজত যুৱতী তথা নাৰীক যথেষ্ট সন্মান প্ৰদান কৰা হয়। বিয়াৰ পূৰ্বে জনজাতীয় যুৱতী এগৰাকীক নিজৰ ভাবী স্বামীক বাছি লোৱাৰ অধিকাৰো দিয়া হয়।
বিয়াৰ শোভাযাত্ৰা দৰাৰ ঘৰৰ পৰা আৰম্ভ হয় আৰু গাওঁৰ বাহিৰত কইনাৰ দেউতাকে আদৰণি জনায়। নিয়ম অনুসৰি দৰাই বিয়া কৰিবলৈ যাওঁতে হাতীত উঠি যাব লাগে। হাতী নাপালে দুখন কাঠৰ বিচনা একেলগে বান্ধি ইয়াক কম্বল এখনেৰে ঢাকি ৰখা হয় আৰু সন্মুখত শুঁড়ৰ দৰে ক'লা কাপোৰেৰে বান্ধি দিয়া হয়।
বিবাহ অনুষ্ঠানৰ সময়ত লৰা আৰু ছোৱালীজনীয়ে ভাগৰ নলগা লৈকে ইজনে সিজনলৈ ভজা চাউল দলিয়াই থাকে৷ তাৰ পিছত তেওঁলোকে বিয়াৰ মণ্ডপৰ চাৰিওফালে সাতবাৰ ঘূৰে।এনেদৰেই বিবাহ কাৰ্য সম্পাদন কৰা হয়৷