--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশ ভাৰত বৰ্ষ নানা জাতি -উপজাতিৰ লোকেৰে ভৰি আছে৷ প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা কিছুমান পৰম্পৰা আছে৷ তেনে পৰম্পৰাৰ দোহাই দিয়েই এটা বিশেষ জনগোষঠীৰ প্ৰেমিক-প্ৰেমিকাই  বিয়াৰ পূৰ্বে এনিশা অৰণ্যত কটাব লাগে৷

ছত্তিশগড় আৰু মধ্য প্ৰদেশত বাস কৰি অহা বাইগা জনজাতিৰ মাজত প্ৰচলন আছে এই পৰম্পৰা৷ বাইগা নামৰ জনগোষ্ঠীৰ মাজত প্ৰচলনথকা এই পৰম্পৰাক  দশাৰাহা বুলি কোৱা হয়৷এই লোকাচাৰ অনুসৰি গাঁৱৰ যুৱক-যুৱতীসকলে ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ নৃত্য-গীত পৰিৱেশন কৰি যাব লাগে।


এইদেৰ নৃত্য কৰি গৈ থাকোতেই বহু যুৱক-যুৱতীয়ে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে৷প্ৰেমত পৰাৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে উক্ত  যুৱক-যুৱতী হালে অৰণ্যত  এনিশা কটাব লাগে৷

নিশা অৰণ্যত থকাৰ পিছত পিছদিনা পুৱা  ৰীতি নীতি অনুসৰি  যুৱক-যুৱতী হালৰ বিবাহ সম্পন্ন কৰা হয়৷
 হোলীৰ পিছতে বাইগা জনগোষ্ঠীৰ  যুৱক-যুৱতীসকলে এমাহজোৰা কাৰ্যসূচীৰে  নৃত্যৰ আয়োজন কৰে ৷

বাইগা জনগোষ্ঠীৰ মাজত এনে বিবাহক  ভাগা বুলি কোৱা হয়।

উল্লেখ্য যে জনজাতীয় সমাজত যুৱতী তথা নাৰীক যথেষ্ট সন্মান প্ৰদান কৰা হয়। বিয়াৰ পূৰ্বে জনজাতীয় যুৱতী এগৰাকীক নিজৰ ভাবী স্বামীক বাছি লোৱাৰ অধিকাৰো দিয়া হয়।

বিয়াৰ শোভাযাত্ৰা দৰাৰ ঘৰৰ পৰা আৰম্ভ হয় আৰু গাওঁৰ বাহিৰত কইনাৰ দেউতাকে আদৰণি জনায়। নিয়ম অনুসৰি দৰাই বিয়া কৰিবলৈ যাওঁতে হাতীত উঠি যাব লাগে। হাতী নাপালে  দুখন কাঠৰ বিচনা  একেলগে বান্ধি  ইয়াক কম্বল এখনেৰে ঢাকি ৰখা হয় আৰু সন্মুখত শুঁড়ৰ দৰে ক'লা কাপোৰেৰে বান্ধি দিয়া হয়। 

বিবাহ অনুষ্ঠানৰ সময়ত লৰা আৰু ছোৱালীজনীয়ে ভাগৰ নলগা লৈকে ইজনে সিজনলৈ ভজা চাউল দলিয়াই থাকে৷ তাৰ পিছত তেওঁলোকে বিয়াৰ মণ্ডপৰ চাৰিওফালে সাতবাৰ ঘূৰে।এনেদৰেই বিবাহ কাৰ্য সম্পাদন কৰা হয়৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ