--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবাদলৈ ভয় কৰে নেকি বিজেপি চৰকাৰে? নে কোনো বাদ-বিবাদৰ অৱতাৰণা নকৰাকৈ স্বেচ্ছাচাৰীভাৱে নিজৰ সিদ্ধান্ত প্ৰতিপন্ন কৰিব খোজে বিজেপিয়ে? ভাৰতীয় গণতন্ত্ৰৰ অন্যতম শক্তিশালী উপাদান বিৰোধীৰ ভূমিকা শূন্য কৰিব খুজিছে নেকি চৰকাৰখনে? বৃহস্পতিবাৰে প্ৰকাশিত এখন বিশেষ আদেশৰ পিছত এতিয়া এই প্ৰশ্নসমূহ ব্যাপক ৰূপত উত্থাপন হৈছে। সততে শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে যি অগণতান্ত্ৰিক আৰু জনবিৰোধী বুলি অভিযোগ উঠি আহিছে, সেই অভিযোগকে প্ৰায় নায্যতা দিয়া বুলি ধৰা হৈছে এই আদেশৰ পিছত।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা হৈছে এই আদেশ। এই আদেশত উল্লেখ কৰা মতে সংসদত অনুমতি দিয়া নহ'ব কোনো ধৰ্ণা কাৰ্যসূচীৰ। ৰাজ্যসভাৰ মহাসচিব পিচি মডিৰ স্বাক্ষৰিত এই আদেশখন বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছে।

পিচি মডিৰ নিৰ্দেশ অনুসৰি সংসদৰ সদস্যসকলে সংসদ চৌহদ কোনো ধৰ্ণা বা ধৰ্মঘটৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। নিৰ্দেশত উল্লেখ কৰা মতে সদস্যসকলে কোনো বিক্ষোভ প্ৰদৰ্শন, ধৰ্ণা, ধৰ্মঘট বা যিকোনো ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰাৰ উদ্দেশ্যে সংসদ ভৱনৰ চৌহদ ব্যৱহাৰ কৰিব নোৱাৰে।

উল্লেখ্য যে বুধবাৰে লোকসভা সচিবালয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে এখন পুস্তিকা মুকলি কৰিছে। পুস্তিকাখনত এনে কিছুমান শব্দৰ তালিকা অন্তৰ্গত কৰা হৈছে, যিসমূহ শব্দক এতিয়াৰ পৰা দুয়োখন সদনতে 'অসংসদীয়' গণ্য কৰা হ'ব বুলি উল্লেখ কৰা হৈছে।

পুস্তিকাখনৰ মতে জুমলাজীভি, বাল বুদ্ধি, ক’ভিড স্প্ৰেডাৰ, স্নুপগেট, লজ্জিত, অপব্যৱহাৰ, বিশ্বাসঘাতকতা, যৌন নিৰ্যাতন, দুৰ্নীতিগ্ৰস্ত, নাটক, ভণ্ডামি, অক্ষমৰ দৰে শব্দ ব্যৱহাৰ কৰাটো লোকসভা আৰু ৰাজ্যসভাত অসংসদীয় বিবেচিত হ’ব।

পুস্তিকাখনৰ বিষয়ে প্ৰচাৰ হোৱাৰ লগে লগে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে  আৰু এই নিষেধাজ্ঞাক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে। নিজৰ অক্ষমতা ঢাকিবলৈকে বিজেপি চৰকাৰে কিছুমান শব্দক নিষিদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি বিৰোধীয়ে অভিযোগ কৰিছে।

অৱশ্যে ব্যাপক ৰূপত সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বাতৰি অস্বীকাৰ কৰে। বিৰলাৰ ভাষ্য অনুসৰি সংসদৰ সদস্যসকলৰ মত প্ৰকাশৰ স্বাধীনতা আছে। সংসদত কোনো শব্দৰে নিষিদ্ধকৰণৰ ব্যৱস্থা লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে বিৰলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক