--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবাদলৈ ভয় কৰে নেকি বিজেপি চৰকাৰে? নে কোনো বাদ-বিবাদৰ অৱতাৰণা নকৰাকৈ স্বেচ্ছাচাৰীভাৱে নিজৰ সিদ্ধান্ত প্ৰতিপন্ন কৰিব খোজে বিজেপিয়ে? ভাৰতীয় গণতন্ত্ৰৰ অন্যতম শক্তিশালী উপাদান বিৰোধীৰ ভূমিকা শূন্য কৰিব খুজিছে নেকি চৰকাৰখনে? বৃহস্পতিবাৰে প্ৰকাশিত এখন বিশেষ আদেশৰ পিছত এতিয়া এই প্ৰশ্নসমূহ ব্যাপক ৰূপত উত্থাপন হৈছে। সততে শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে যি অগণতান্ত্ৰিক আৰু জনবিৰোধী বুলি অভিযোগ উঠি আহিছে, সেই অভিযোগকে প্ৰায় নায্যতা দিয়া বুলি ধৰা হৈছে এই আদেশৰ পিছত।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা হৈছে এই আদেশ। এই আদেশত উল্লেখ কৰা মতে সংসদত অনুমতি দিয়া নহ'ব কোনো ধৰ্ণা কাৰ্যসূচীৰ। ৰাজ্যসভাৰ মহাসচিব পিচি মডিৰ স্বাক্ষৰিত এই আদেশখন বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছে।

পিচি মডিৰ নিৰ্দেশ অনুসৰি সংসদৰ সদস্যসকলে সংসদ চৌহদ কোনো ধৰ্ণা বা ধৰ্মঘটৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। নিৰ্দেশত উল্লেখ কৰা মতে সদস্যসকলে কোনো বিক্ষোভ প্ৰদৰ্শন, ধৰ্ণা, ধৰ্মঘট বা যিকোনো ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰাৰ উদ্দেশ্যে সংসদ ভৱনৰ চৌহদ ব্যৱহাৰ কৰিব নোৱাৰে।

উল্লেখ্য যে বুধবাৰে লোকসভা সচিবালয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে এখন পুস্তিকা মুকলি কৰিছে। পুস্তিকাখনত এনে কিছুমান শব্দৰ তালিকা অন্তৰ্গত কৰা হৈছে, যিসমূহ শব্দক এতিয়াৰ পৰা দুয়োখন সদনতে 'অসংসদীয়' গণ্য কৰা হ'ব বুলি উল্লেখ কৰা হৈছে।

পুস্তিকাখনৰ মতে জুমলাজীভি, বাল বুদ্ধি, ক’ভিড স্প্ৰেডাৰ, স্নুপগেট, লজ্জিত, অপব্যৱহাৰ, বিশ্বাসঘাতকতা, যৌন নিৰ্যাতন, দুৰ্নীতিগ্ৰস্ত, নাটক, ভণ্ডামি, অক্ষমৰ দৰে শব্দ ব্যৱহাৰ কৰাটো লোকসভা আৰু ৰাজ্যসভাত অসংসদীয় বিবেচিত হ’ব।

পুস্তিকাখনৰ বিষয়ে প্ৰচাৰ হোৱাৰ লগে লগে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে  আৰু এই নিষেধাজ্ঞাক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে। নিজৰ অক্ষমতা ঢাকিবলৈকে বিজেপি চৰকাৰে কিছুমান শব্দক নিষিদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি বিৰোধীয়ে অভিযোগ কৰিছে।

অৱশ্যে ব্যাপক ৰূপত সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বাতৰি অস্বীকাৰ কৰে। বিৰলাৰ ভাষ্য অনুসৰি সংসদৰ সদস্যসকলৰ মত প্ৰকাশৰ স্বাধীনতা আছে। সংসদত কোনো শব্দৰে নিষিদ্ধকৰণৰ ব্যৱস্থা লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে বিৰলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ