--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ এগৰাকী যুৱ অভিযন্তাই গুগলৰ পৰা লাভ কৰিলে ৬৫ কোটি টকাৰ পুৰস্কাৰ। কিহৰ বাবে গুগলে যুৱ অভিযন্তাগৰাকীক যাঁচিলে এই বিশাল পৰিমাণৰ ধনৰাশি? দৰাচলতে ইন্দোৰৰ চাইবাৰ সুৰক্ষা গৱেষক তথা Bugsmirror প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অমন পাণ্ডেই গুগলৰ এণ্ড্ৰইডত ২৩২ টা ত্ৰুটি বিচাৰি পাইছিল। এই ত্ৰুটিসমূহৰ বিষয়ে গুগলক অৱগত কৰে অমনে। গুগলে সেইবাবেই অমন পাণ্ডেক ৬৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰে। তেওঁ ২০১৯ চনৰ পৰা গুগলৰ ত্ৰুটিবোৰ অন্বেষণ কৰি গুগলক ৰিপৰ্ট দি আহিছিল। গুগলে যোৱা বছৰ ২০২১ চনত ইয়াৰ দুৰ্বলতা পুৰস্কাৰ কাৰ্যসূচীৰ অধীনত অমন পাণ্ডেক শীৰ্ষ গৱেষক হিচাপে ঘোষণা কৰি ৬৫ কোটি টকাৰ পুৰস্কাৰ দিয়ে। অমন পাণ্ডে ইন্দোৰৰ বাসিন্দা। তেওঁ এনআইটি ভূপালৰ পৰা বিটেকত স্নাতক ডিগ্ৰী লাভ কৰিছিল।তেওঁ মোবাইল এপ বিকাশ, জাভা, ছফ্টৱেৰ আৰু সামগ্ৰী বিকাশৰ বিশেষজ্ঞ। তেওঁ প্ৰায় চাৰি বছৰ ধৰি চাইবাৰ সুৰক্ষা গৱেষণাৰ ওপৰত কাম কৰি আছে। তেওঁ মানুহক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে বাগমিৰ নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল। আৰু পঢ়কঃ দুটা মূৰ, তিনিখন হাত! এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটি আজৱ শিশু

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ