--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ এগৰাকী যুৱ অভিযন্তাই গুগলৰ পৰা লাভ কৰিলে ৬৫ কোটি টকাৰ পুৰস্কাৰ। কিহৰ বাবে গুগলে যুৱ অভিযন্তাগৰাকীক যাঁচিলে এই বিশাল পৰিমাণৰ ধনৰাশি? দৰাচলতে ইন্দোৰৰ চাইবাৰ সুৰক্ষা গৱেষক তথা Bugsmirror প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অমন পাণ্ডেই গুগলৰ এণ্ড্ৰইডত ২৩২ টা ত্ৰুটি বিচাৰি পাইছিল। এই ত্ৰুটিসমূহৰ বিষয়ে গুগলক অৱগত কৰে অমনে। গুগলে সেইবাবেই অমন পাণ্ডেক ৬৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদান কৰে। তেওঁ ২০১৯ চনৰ পৰা গুগলৰ ত্ৰুটিবোৰ অন্বেষণ কৰি গুগলক ৰিপৰ্ট দি আহিছিল। গুগলে যোৱা বছৰ ২০২১ চনত ইয়াৰ দুৰ্বলতা পুৰস্কাৰ কাৰ্যসূচীৰ অধীনত অমন পাণ্ডেক শীৰ্ষ গৱেষক হিচাপে ঘোষণা কৰি ৬৫ কোটি টকাৰ পুৰস্কাৰ দিয়ে। অমন পাণ্ডে ইন্দোৰৰ বাসিন্দা। তেওঁ এনআইটি ভূপালৰ পৰা বিটেকত স্নাতক ডিগ্ৰী লাভ কৰিছিল।তেওঁ মোবাইল এপ বিকাশ, জাভা, ছফ্টৱেৰ আৰু সামগ্ৰী বিকাশৰ বিশেষজ্ঞ। তেওঁ প্ৰায় চাৰি বছৰ ধৰি চাইবাৰ সুৰক্ষা গৱেষণাৰ ওপৰত কাম কৰি আছে। তেওঁ মানুহক চাইবাৰ ভাবুকিৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে বাগমিৰ নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল। আৰু পঢ়কঃ দুটা মূৰ, তিনিখন হাত! এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটি আজৱ শিশু

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ