--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সুৰাপায়ীসকলক উদ্দেশ্যি তীব্ৰ সমালোচনা কৰিছে। বৃহস্পতিবাৰে তেওঁ বিহাৰ বিধানসভাত কয় যে, “যিসকলে সুৰাপান কৰে, তেওঁলোক ভাৰতীয় নহয়। তেওঁলোক সকলো পাপী!” বিহাৰৰ বিৰোধী পক্ষই অভিযোগ কৰিছিল যে বিহাৰত সুৰা নিষিদ্ধ যদিও আইনখন সঠিকভাৱে এতিয়াও কাৰ্যকৰী কৰা হোৱা নাই। ইয়াৰ প্ৰত্যুত্তৰত নীতিশে আজি মুখ খুলিলে। তেওঁৰ মতে, যিসকলে সুৰাপানৰ ক্ষতিৰ বিষয়ে জনাৰ পাছতো সুৰাপান কৰে তেওঁলোকহে প্ৰকৃততে পাপী।

শেহতীয়াকৈ, বিহাৰত বহুলোকে বিষাক্ত সুৰাপান সেৱন কৰি প্ৰাণ হেৰুৱাইছিল। ইফালে, বিহাৰত সুৰা আৰু সুৰা নিষিদ্ধ হোৱাৰ বহু বছৰ হ’ল। তেন্তে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা সকলে বিষাক্ত চোলাই ক’ৰ পৰা পাইছিল? এই সন্দৰ্ভত, নীতিশে ঘটনাটোৰ বিষয়ে বিতংভাৱে তথ্যসহকাৰে উপস্থাপন কৰিলে। তেওঁ দাবী কৰিছিল যে বিষক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে কোনো পদক্ষেপ লোৱা উচিত নহয়। কাৰণ ৰাজ্য চৰকাৰে বহু বছৰ আগতে বিহাৰত সুৰা নিষিদ্ধ কৰিছিল।

নীতিশক পূৰ্বতে কোৱা শুনা গৈছিল যে, এসময়ত ৰাজ্যখনত পাচলিও বিক্ৰী হোৱা নাছিল। কিয়নো, সেই টকাৰে, মানুহে সুৰা ক্ৰয় কৰিছিল। অৱশ্যে, সুৰাৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী হোৱাৰ লগে লগে, পাচলিৰ বিক্ৰী বৃদ্ধি পাইছে!

কিন্তু বিহ পান কৰি প্ৰাণ হেৰুওৱা সকলৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কি ক’ব বিচাৰে? উত্তৰত নীতিশেৰৈছিল, “তেওঁলোক পাপী আৰু মহা বদমাশ। মহাত্মা গান্ধী নিজেই সুৰাপানৰ বিৰোধী আছিল। তেওঁলোকে মহাত্মা গান্ধীকো বুজি নাপায়। মই নাভাবো যে তেওঁলোক ভাৰতীয়!”

নীতিশে কয় যে, সুৰাই যে স্বাস্থ্যৰ ক্ষতি কৰে সেয়া কাৰোৰে বাবে অজ্ঞাত নহয়। তেন্তে তেওঁলোকে এতিয়াও কিয় সুৰাপান কৰে? এই সকলোবোৰ জানি, যদি কোনোবাই সুৰা পান কৰে, আৰু প্ৰাণ হেৰুৱায়, তেন্তে তেওঁ নিজেই এনে ভাগ্যৰ বাবে দায়বদ্ধ হ’ব। বিহাৰৰ মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰে যে চৰকাৰৰ ইয়াত কোনো সম্পৰ্ক নাই। আনকি সুৰা বিষাক্ত হোৱাৰ পাছতো মানুহে ইয়াক কেনেদৰে গ্ৰহণ কৰিব পাৰে বুলি তেওঁ প্ৰশ্ন কৰিছে।

প্ৰসংগক্ৰমে, বুধবাৰে বিহাৰ বিধানসভাত এখন আইন সংশোধন কৰা হৈছিল। ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত বিহাৰ চৰকাৰৰ আইনখন অলপ নমনীয় কৰি তুলিবলৈ সংশোধন কৰিছিল। তাৰ পাছত বৃহস্পতিবাৰে, নীতিশে সমগ্ৰ বিষয়টোৰ বিষয়ে মুকলি কৈছিল। দৰাচলতে, বিহাৰত, সুৰাপান ক অপৰাধ বুলি গণ্য কৰা হয়। যদি কোনোবাই সুৰা পান কৰা ধৰা পৰে, আইনৰ অধীনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। অৱশ্যে, বুধবাৰে গৃহীত সংশোধনীত কোৱা হৈছে যে যিসকলে প্ৰথমবাৰৰ বাবে অপৰাধ কৰে তেওঁলোকক তুলনামূলকভাৱে কম শাস্তি বিহা হব।

আনহাতে, বিৰোধীয়ে অভিযোগ কৰে যে যদিও বিহাৰ চৰকাৰে ৰাজ্যখনত সুৰা আৰু সুৰাৰ ব্যৱসায় নিষিদ্ধ কৰিছে, তথাপিও এই আইন কেৱল কাগজ-কলমতে সীমাবদ্ধ হৈ ৰৈছে। আইনখন এতিয়াও সঠিকভাৱে ৰূপায়ণ কৰা হোৱা নাই। ইয়াৰ প্ৰত্যুত্তৰত, নীতিশে বৃহস্পতিবাৰে তেওঁৰ বক্তব্য প্ৰদান কৰে।

নীতিশ কুমাৰে বিধানসভাত প্ৰদান কৰা ভিডিঅ’টো চাবলৈ লিংকটোত ক্লিক কৰক-https://twitter.com/i/status/1509360548583862272


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি