--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'কেজিএফ: চেপ্টাৰ-২' ছবিখনে অৱশেষত মুক্তি লাভ কৰিছে। মুক্তিৰ প্ৰথম দিনাই ছবিখনে লাভ কৰিছে ব্যাপক সঁহাৰি। সেই ধাৰা এতিয়াও বিদ্যমান। যশৰ ছবিখনে দক্ষিণ ভাৰতত ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে যে, এজন অনুৰাগীয়ে তেওঁৰ বিবাহৰ কাৰ্ডত নায়কৰ সংলাপ ছপা কৰিছে। অনুৰাগীজনৰ বিবাহৰ কাৰ্ডখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিবাহৰ কাৰ্ড অনুসৰি, চন্দ্ৰশেখৰ নামৰ এগৰাকী যশ অনুৰাগীয়ে শীঘ্ৰেই কৰ্ণাটকত শ্বেতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব। তেওঁ যশৰ ‘ভায়োলেন্স, ভায়োলেন্স, ভায়োলেন্স, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট ভায়োলন্স লাইক মি এ লট, আই কাণ্ট এভোয়েড’ সংলাপৰ পৰা অনুপ্ৰাণিত হৈ  তেওঁৰ বিবাহৰ কাৰ্ডত লিখিছে,‘ ‘মেৰিজ ,মেৰিজ, মেৰিজ, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট মাই ৰিলেটিভছ লাইক মেৰিজ, আই কাণ্ট এভোয়েড’।

অনুৰাগীৰ এনে অভিনৱ পন্থাৰ বাবে  বিবাহৰ কাৰ্ডৰ ছবিখন এতিয়া  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ আগতে ২০১৮ চনত, 'কেজিএফ: চেপ্টাৰ-১'-এ মুক্তিলাভ কৰিছিল। সেই সময়ত, এই ভাৰতীয় চলচ্চিত্ৰখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। গতিকে, চলচ্চিত্ৰখনৰ দ্বিতীয় খণ্ডটোৰ বাবে বাট চাই আছিল চলচ্চিত্ৰ প্ৰেমীসকলে। উল্লেখ্য যে, 'কেজিএফ চেপ্টাৰ ২' ৰ পৰিচালনা প্ৰশান্ত নীলৰ। যশৰ উপৰিও সঞ্জয় দত্ত, শ্ৰীনিধি চেট্টী, অচ্যুত কুমাৰ, নাছেৰ, অনন্ত নাগ, ৰবীনা টোণ্ডনৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ