--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'কেজিএফ: চেপ্টাৰ-২' ছবিখনে অৱশেষত মুক্তি লাভ কৰিছে। মুক্তিৰ প্ৰথম দিনাই ছবিখনে লাভ কৰিছে ব্যাপক সঁহাৰি। সেই ধাৰা এতিয়াও বিদ্যমান। যশৰ ছবিখনে দক্ষিণ ভাৰতত ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে যে, এজন অনুৰাগীয়ে তেওঁৰ বিবাহৰ কাৰ্ডত নায়কৰ সংলাপ ছপা কৰিছে। অনুৰাগীজনৰ বিবাহৰ কাৰ্ডখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বিবাহৰ কাৰ্ড অনুসৰি, চন্দ্ৰশেখৰ নামৰ এগৰাকী যশ অনুৰাগীয়ে শীঘ্ৰেই কৰ্ণাটকত শ্বেতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব। তেওঁ যশৰ ‘ভায়োলেন্স, ভায়োলেন্স, ভায়োলেন্স, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট ভায়োলন্স লাইক মি এ লট, আই কাণ্ট এভোয়েড’ সংলাপৰ পৰা অনুপ্ৰাণিত হৈ  তেওঁৰ বিবাহৰ কাৰ্ডত লিখিছে,‘ ‘মেৰিজ ,মেৰিজ, মেৰিজ, আই ড’ণ্ট লাইক ইট, আই এভোয়েড, বাট মাই ৰিলেটিভছ লাইক মেৰিজ, আই কাণ্ট এভোয়েড’।

অনুৰাগীৰ এনে অভিনৱ পন্থাৰ বাবে  বিবাহৰ কাৰ্ডৰ ছবিখন এতিয়া  ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ আগতে ২০১৮ চনত, 'কেজিএফ: চেপ্টাৰ-১'-এ মুক্তিলাভ কৰিছিল। সেই সময়ত, এই ভাৰতীয় চলচ্চিত্ৰখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছিল। গতিকে, চলচ্চিত্ৰখনৰ দ্বিতীয় খণ্ডটোৰ বাবে বাট চাই আছিল চলচ্চিত্ৰ প্ৰেমীসকলে। উল্লেখ্য যে, 'কেজিএফ চেপ্টাৰ ২' ৰ পৰিচালনা প্ৰশান্ত নীলৰ। যশৰ উপৰিও সঞ্জয় দত্ত, শ্ৰীনিধি চেট্টী, অচ্যুত কুমাৰ, নাছেৰ, অনন্ত নাগ, ৰবীনা টোণ্ডনৰ দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ