--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পত্নী আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ বাবে এজন লোকে ‘শ্লো পইজন’ ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সংঘটিত হৈছে দিল্লীত। অভিযুক্ত লোকজনে পত্নী, তেওঁৰ মাতৃ আৰু খুলশালীয়েকক হত্যা কৰিবলৈ থেলিয়াম নামৰ বিহ ব্যৱহাৰ কৰিছিল।

আৰু পঢ়িব পাৰিব : চিকিৎসালয়ত শৌচালয়ত বিহাৰৰ লোকৰ মৃতদেহ উদ্ধাৰ

মাছৰ আঞ্জাত থেলিয়াম মিহলাই খুওৱাৰ ফলত তেওঁৰ শাহুৱেক আৰু খুলশালীয়েকৰ মৃত্যু হয় আৰু লোকজনৰ পত্নী গুৰুতৰভাৱে অসুস্থ হৈ পৰে। আৰক্ষীয়ে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৩৭ বছৰীয়া বৰুণ অৰোৰা নামৰ লোকজনে ছাদ্দাম হুছেইনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপ গ্ৰহণ কৰিছিল। ছাদ্দাম হুছেইনে তেওঁ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক হত্যা কৰিবলৈ থেলিয়াম নামৰ শ্লো পইজন ব্যৱহাৰ কৰিছিল বুলি জনা যায়।

আৰু পঢ়িব পাৰিব : অসহিষ্ণুতা! ‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনি দিবলৈ যুৱকক নিৰ্যাতন

মঙলবাৰে আৰক্ষীয়ে বৰুণ অৰোৰাৰ শাহুৱেকৰ মৃত্যুৰ ৰহস্যৰ অনুসন্ধান কৰাৰ পাছত তেওঁক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। বৰুণে শাহুৱেক আৰু পত্নী আৰু খুলশালীয়েকক খাবলৈ দিয়া খাদ্যত বিহ থকা বুলি আৰক্ষী নিশ্চিত হৈছিল। তেওঁলোকে অভিযুক্ত লোকজনক কৰা অপমানৰ পোতক তুলিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জেৰাত প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ