--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অস্কাৰ ২০২৪ৰ বঁটা প্ৰদান অনুষ্ঠানত এক অদ্ভূত ভংগীমাত উপস্থিত থাকি  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মল্লযুঁজৰ  পৰা  পৰা অভিনয় জগতত ভৰি দিয়া জন চিনাই।  ৯৬ সংখ্যক  একাডেমী বঁটা প্ৰদান অনুষ্ঠান লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে।  


জন চিনাই ৯৬সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বঁটা প্ৰদান কৰিবলৈ আহি  তেওঁৰ সকলো পোছাক খুলি দিছিল। ফলত  মঞ্চত তেওঁ সম্পূৰ্ণ উলংগ হৈ পৰিছিল। জন চিনাই অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বিষয়ে কলাত্মকভাবে  উপস্থাপন কৰিবলৈ যাওঁতে তেওঁৰ শৰীৰত এডাল  সূতা ৰখা  নাছিল। অভিনেতাগৰাকীৰ এনে কাণ্ড এতিয়া  আলোচনাৰ আটাইতকৈ গৰম  বিষয় হৈ পৰিছে। যোৱা বছৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠাত   চৰ শোধোৱা  কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এইবাৰ এয়া  নগ্নতালৈ ৰূপান্তৰিত হ'ল।



জন চিনাই  শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ  বঁটা ঘোষণা কৰাৰ সময়তে নগ্ন হৈছিল। জনক আয়োজক জিমি কিমেলে ১১ মাৰ্চত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অস্কাৰ বঁটা মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু  জনে উলংগ অৱস্থাতহে  মঞ্চলৈ উঠি গৈছিল। অৱশ্যে শেষ লজ্জাকণ নিবাৰণ কৰিবলৈ তেওঁৰ হাতত কাগজৰ টুকুৰা এটা আছিল।

জনে তেওঁৰ গোপন অংগ বিজয়ীৰ নাম লিখা কাগজৰ টুকুৰাৰে  ঢাকি ৰাখিছিল। দৰ্শকে তেওঁৰ কাণ্ডত প্ৰতিক্ৰিয়া ব্যক্ত কৰাত জন চিনাই  কয়, "কাপোৰ অতি গুৰুত্বপূৰ্ণ।কথাষাৰ বুজিলেতো" জন চিনাই পোছাকৰ প্ৰয়োজনীয়তাৰ বিষয়ে  আলোকপাত কৰিবলৈয়েই এনেদৰে নগ্ন হৈ   মঞ্চত উঠা বুলি প্ৰকাশ কৰিছে। 

বিশ্বৰ বিভিন্ন দেশৰ চিনেমাসমূহক সামৰি দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আয়োজন কৰা হৈছিল ৯৬সংখ্যক অস্কাৰ সন্মান প্ৰদান অনুষ্ঠান।

এই বৰ্ষত ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা চিনেমাই অস্কাৰ সন্মানেৰে সন্মানিত হ’বলৈ সক্ষম হৈছে।  ‘অপেনহেইমাৰে’ লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। ৰবাৰ্ট ডাউনী জুনিয়ৰে লাভ কৰিছে তেওঁৰ প্রথমটো অস্কাৰ বঁটা। ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ খিতাপ লাভ কৰে। ‘অপেনহেইমাৰ’ ছবিৰ বাবে এই বঁটা ৰবাৰ্ট ডাউনী জুনিয়ৰলৈ। ইয়াৰোপৰি 'অপেনহেইমাৰ’ ছবিখনে শ্রেষ্ঠ চিত্রনাট্যৰ শিতানতো লাভ কৰিছে বঁটা।

আনহাতে শ্রেষ্ঠ চিনেমেট’গ্রাফী চলচিত্রৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ‘অপেনহাইমাৰে’। শ্রেষ্ঠ চলচ্চিত্র পৰিচালকৰ খিতাপ লাভ কৰিছে ক্রিষ্ট’ফাৰ ন’লানে। শ্রেষ্ঠ অভিনেত্রীৰ সন্মানেৰে সন্মানিত হৈছে এমা ষ্ট’ন লগতে শ্রেষ্ঠ অভিনেতাৰ খিতাপ কিলিয়ান মৰ্ফিলৈ আগবঢ়োৱা হৈছে।

এইবেলিৰ অস্কাৰ সন্মানত ক্ৰিষ্টোফাৰ ন’লান পৰিচালিত অপেনহেইমাৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰু কিলিয়ান মৰ্ফি অভিনীত বায়োপিকে শেহতীয়াকৈ অনুষ্ঠিত ৯৬সংখ্যক একাডেমী বঁটাত সাতটা অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷

  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন