--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অস্কাৰ ২০২৪ৰ বঁটা প্ৰদান অনুষ্ঠানত এক অদ্ভূত ভংগীমাত উপস্থিত থাকি  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মল্লযুঁজৰ  পৰা  পৰা অভিনয় জগতত ভৰি দিয়া জন চিনাই।  ৯৬ সংখ্যক  একাডেমী বঁটা প্ৰদান অনুষ্ঠান লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে।  


জন চিনাই ৯৬সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বঁটা প্ৰদান কৰিবলৈ আহি  তেওঁৰ সকলো পোছাক খুলি দিছিল। ফলত  মঞ্চত তেওঁ সম্পূৰ্ণ উলংগ হৈ পৰিছিল। জন চিনাই অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ বিষয়ে কলাত্মকভাবে  উপস্থাপন কৰিবলৈ যাওঁতে তেওঁৰ শৰীৰত এডাল  সূতা ৰখা  নাছিল। অভিনেতাগৰাকীৰ এনে কাণ্ড এতিয়া  আলোচনাৰ আটাইতকৈ গৰম  বিষয় হৈ পৰিছে। যোৱা বছৰৰ অস্কাৰ বঁটা প্ৰদান অনুষ্ঠাত   চৰ শোধোৱা  কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। এইবাৰ এয়া  নগ্নতালৈ ৰূপান্তৰিত হ'ল।



জন চিনাই  শ্ৰেষ্ঠ পোছাক ডিজাইনিঙৰ  বঁটা ঘোষণা কৰাৰ সময়তে নগ্ন হৈছিল। জনক আয়োজক জিমি কিমেলে ১১ মাৰ্চত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অস্কাৰ বঁটা মঞ্চলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু  জনে উলংগ অৱস্থাতহে  মঞ্চলৈ উঠি গৈছিল। অৱশ্যে শেষ লজ্জাকণ নিবাৰণ কৰিবলৈ তেওঁৰ হাতত কাগজৰ টুকুৰা এটা আছিল।

জনে তেওঁৰ গোপন অংগ বিজয়ীৰ নাম লিখা কাগজৰ টুকুৰাৰে  ঢাকি ৰাখিছিল। দৰ্শকে তেওঁৰ কাণ্ডত প্ৰতিক্ৰিয়া ব্যক্ত কৰাত জন চিনাই  কয়, "কাপোৰ অতি গুৰুত্বপূৰ্ণ।কথাষাৰ বুজিলেতো" জন চিনাই পোছাকৰ প্ৰয়োজনীয়তাৰ বিষয়ে  আলোকপাত কৰিবলৈয়েই এনেদৰে নগ্ন হৈ   মঞ্চত উঠা বুলি প্ৰকাশ কৰিছে। 

বিশ্বৰ বিভিন্ন দেশৰ চিনেমাসমূহক সামৰি দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত আয়োজন কৰা হৈছিল ৯৬সংখ্যক অস্কাৰ সন্মান প্ৰদান অনুষ্ঠান।

এই বৰ্ষত ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা চিনেমাই অস্কাৰ সন্মানেৰে সন্মানিত হ’বলৈ সক্ষম হৈছে।  ‘অপেনহেইমাৰে’ লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। ৰবাৰ্ট ডাউনী জুনিয়ৰে লাভ কৰিছে তেওঁৰ প্রথমটো অস্কাৰ বঁটা। ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ খিতাপ লাভ কৰে। ‘অপেনহেইমাৰ’ ছবিৰ বাবে এই বঁটা ৰবাৰ্ট ডাউনী জুনিয়ৰলৈ। ইয়াৰোপৰি 'অপেনহেইমাৰ’ ছবিখনে শ্রেষ্ঠ চিত্রনাট্যৰ শিতানতো লাভ কৰিছে বঁটা।

আনহাতে শ্রেষ্ঠ চিনেমেট’গ্রাফী চলচিত্রৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ‘অপেনহাইমাৰে’। শ্রেষ্ঠ চলচ্চিত্র পৰিচালকৰ খিতাপ লাভ কৰিছে ক্রিষ্ট’ফাৰ ন’লানে। শ্রেষ্ঠ অভিনেত্রীৰ সন্মানেৰে সন্মানিত হৈছে এমা ষ্ট’ন লগতে শ্রেষ্ঠ অভিনেতাৰ খিতাপ কিলিয়ান মৰ্ফিলৈ আগবঢ়োৱা হৈছে।

এইবেলিৰ অস্কাৰ সন্মানত ক্ৰিষ্টোফাৰ ন’লান পৰিচালিত অপেনহেইমাৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰু কিলিয়ান মৰ্ফি অভিনীত বায়োপিকে শেহতীয়াকৈ অনুষ্ঠিত ৯৬সংখ্যক একাডেমী বঁটাত সাতটা অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷

  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক