--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : এইবাৰ অসমৰ ৰাজনীতিতো খোজ দিব আৰজেডি-এ। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সন্মুখত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰা তেজস্বী যাদৱ নেতৃত্বৰ আৰডেডিয়ে অসমৰ নিৰ্বাচনত অংশ লোৱাৰ বাবে সহযোগী দলৰ সন্ধান কৰিছে। মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনত অংশ লোৱাৰ লক্ষ্যৰে গুৱাহাটীত বাহৰ পাতিছে তেজস্বী যাদৱে।

আৰু পঢ়িব পাৰিব : ডিগবৈত কৰ’নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

কংগ্ৰেছৰ সৈতে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত পুৰণি মিত্ৰতা সূত্ৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটতে তেজস্বী যাদৱৰ আৰজেডি-এ যোগ দিয়াৰ সম্ভাৱনা প্ৰৱল বুলি ধাৰণা কৰা হৈছে। তেজস্বীয়ে ইতিমধ্যে কালি গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰে আলোচনাত মিলিত হৈছে। আজিও কংগ্ৰেছ নেতৃত্বৰে তেজস্বীৰ বৈঠক অনুষ্ঠিত হ’ব। অসমত আৰজেডিৰ কোনো ভেটি নাথাকিলেও অসমত থকা ভোজপুৰী ভোট বেংকক নিজৰ ফলীয়া কৰাৰ বাবে বিৰোধী মহাজোঁটে তেজস্বীক ষ্টাৰ কেম্পেইনাৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে এতিয়া চৰ্চা চলিছে। এতিয়া এই ভোটখিন বিজেপিৰ সৈতে আছে।

আৰু পঢ়িব পাৰিব : চুক্ৰুংবাৰীত বন্যহস্থীৰ উপদ্ৰৱঃ হাতীয়ে ভাঙিলে বাসগৃহ

উল্লেখ্য যে, বিপিএফৰ সৈতেও মিত্ৰতাত আবদ্ধ হৈ আছে লালু প্ৰসাদ যাদৱৰ আৰজেডি। বিটিএডিৰ অনুষ্ঠানত হাগ্ৰামাৰ আমন্ত্ৰণক্ৰমে তেজস্বী যাদৱে অংশগ্ৰহণো কৰিছিল। আজি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতেও মিলিত হ’ব তেজস্বী যাদৱ। অসমলৈ আহি 'মা কামাখ্যা' মন্দিৰতো সেৱা লয় আৰজেডিৰ নেতা তেজস্বী যাদৱে৷ নেতাগৰাকীয়ে অসমৰ লগতে পশ্চিমবংগ আৰু কেৰালাতো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, আৰজেডিৰ নেতাগৰাকীয়ে অসমৰ আন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে৷ ইফালে, ‘অসম জাতীয় পৰিষদ’ৰ নেতা লুৰীণজ্যোতি গগৈয়ে তেজস্বীক সাক্ষাৎ নকৰে বুলি স্পষ্ট কৰি দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ