--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : এইবাৰ অসমৰ ৰাজনীতিতো খোজ দিব আৰজেডি-এ। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সন্মুখত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰা তেজস্বী যাদৱ নেতৃত্বৰ আৰডেডিয়ে অসমৰ নিৰ্বাচনত অংশ লোৱাৰ বাবে সহযোগী দলৰ সন্ধান কৰিছে। মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনত অংশ লোৱাৰ লক্ষ্যৰে গুৱাহাটীত বাহৰ পাতিছে তেজস্বী যাদৱে।

আৰু পঢ়িব পাৰিব : ডিগবৈত কৰ’নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

কংগ্ৰেছৰ সৈতে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত পুৰণি মিত্ৰতা সূত্ৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটতে তেজস্বী যাদৱৰ আৰজেডি-এ যোগ দিয়াৰ সম্ভাৱনা প্ৰৱল বুলি ধাৰণা কৰা হৈছে। তেজস্বীয়ে ইতিমধ্যে কালি গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰে আলোচনাত মিলিত হৈছে। আজিও কংগ্ৰেছ নেতৃত্বৰে তেজস্বীৰ বৈঠক অনুষ্ঠিত হ’ব। অসমত আৰজেডিৰ কোনো ভেটি নাথাকিলেও অসমত থকা ভোজপুৰী ভোট বেংকক নিজৰ ফলীয়া কৰাৰ বাবে বিৰোধী মহাজোঁটে তেজস্বীক ষ্টাৰ কেম্পেইনাৰ হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ বিষয়ে এতিয়া চৰ্চা চলিছে। এতিয়া এই ভোটখিন বিজেপিৰ সৈতে আছে।

আৰু পঢ়িব পাৰিব : চুক্ৰুংবাৰীত বন্যহস্থীৰ উপদ্ৰৱঃ হাতীয়ে ভাঙিলে বাসগৃহ

উল্লেখ্য যে, বিপিএফৰ সৈতেও মিত্ৰতাত আবদ্ধ হৈ আছে লালু প্ৰসাদ যাদৱৰ আৰজেডি। বিটিএডিৰ অনুষ্ঠানত হাগ্ৰামাৰ আমন্ত্ৰণক্ৰমে তেজস্বী যাদৱে অংশগ্ৰহণো কৰিছিল। আজি এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সৈতেও মিলিত হ’ব তেজস্বী যাদৱ। অসমলৈ আহি 'মা কামাখ্যা' মন্দিৰতো সেৱা লয় আৰজেডিৰ নেতা তেজস্বী যাদৱে৷ নেতাগৰাকীয়ে অসমৰ লগতে পশ্চিমবংগ আৰু কেৰালাতো নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, আৰজেডিৰ নেতাগৰাকীয়ে অসমৰ আন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতেও আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে৷ ইফালে, ‘অসম জাতীয় পৰিষদ’ৰ নেতা লুৰীণজ্যোতি গগৈয়ে তেজস্বীক সাক্ষাৎ নকৰে বুলি স্পষ্ট কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ