--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে এক সংবাদমেল সম্বোধন কৰে৷ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়ৰ পলিং হ'ব ২৭ মাৰ্চত৷ এইবাৰ অসমত ২,৩১,৮৬,৩৬২ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব আগন্তুক জনপ্ৰতিনিধিৰ ভাগ্য৷

আৰু পঢ়িব পাৰিব : অসমৰ ৰাজনীতিতো তেজস্বী যাদৱ! বিৰোধী মহাজোঁটৰে চামিলৰ সম্ভাৱনা

ইয়াৰে পুৰুষ ভোটাৰ ১,১৭,৪২,৬৮১ গৰাকী, মহিলা ভোটাৰ ১,১৪,৪৩,৬৮১ গৰাকী, তৃতীয় লিংগৰ ভোটাৰ ৪৪২ গৰাকী আৰু ডি ভোটাৰ ১,০৮,৫৯৬ গৰাকী৷ ইপিনে এখন থানাৰ অন্তৰ্গত ১,০০০ তকৈ অধিক থকা লোকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ এইবাৰৰ নিৰ্বাচনত মুঠ ৩৩,৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে৷

আনহাতে, নিৰ্বাচন সম্পৰ্কীয় যি কোনো তথ্যৰ বাবে ১৯৫০ টল ফ্ৰী নাম্বাৰ মুকলি কৰাৰ কথাও সদৰী কৰিছে নিৰ্বাচন আয়োগে৷ লগতে ক'ভিডৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰতিটো ভোটকেন্দ্ৰত চাবোন আৰু চেনীটাইজাৰৰ ব্যৱস্থা থাকিব৷

আৰু পঢ়িব পাৰিব : ডিগবৈত কৰ’নাৰ গণসংক্ৰমণ : আতংকিত সাধাৰণ জনসাধাৰণ

প্ৰথমবাৰৰ বাবে তিনি শ্ৰেণীৰ লোকক পোষ্টেল ভোটৰ ব্যৱস্থা কৰা হৈছে৷ কভিড পজিটিভ, ৮০ বছৰ উৰ্ধৰ আৰু দিবাংগ্যসকলক পোষ্টেল ভোটৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ ইয়াৰোপৰি কেৱল পাঁচজনহে প্ৰচাৰ চলাবলৈ ঘৰে ঘৰে যাব পাৰিব৷ নিৰ্বাচনৰ বাবে ৪০ টা কোম্পানীৰ অনুমোদন পাইছে যদিও আৰু বিচাৰিছে অসম আৰক্ষীয়ে। ৩৫২৫ টা কেন্দ্ৰ অতিৰিক্তভাৱে বনোৱা হৈছে ভোটাৰৰ সুবিধাৰ্থে৷ ২,৪১,০০০ লোক জড়িত থাকিব এইবাৰৰ নিৰ্বাচনত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ