--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনমূৰি আয়ৰ দিশৰ পৰা চুবুৰীয়া বাংলাদেশতকৈও পিছ পৰিব ভাৰত! বিগত কেইটামান বছৰত বাংলাদেশে অৰ্থনৈতিক দিশটোত যথেষ্ট উন্নতি কৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতেতে অৰ্থনৈতিক বিকাশৰ দিশত ভাৰতক পিছ পেলোৱাৰ সম্ভাৱনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বাংলাদেশে। ইণ্টাৰনেচনেল মনিটৰী ফাণ্ড চমুকৈ আইএমএফে কৰা পূৰ্বানুমান অনুসৰি সমাগত বছৰবোৰত জনমূৰি আয়ৰ দিশৰ পৰা ভাৰততকৈ আগুৱাই যাব বাংলাদেশ। 

যদিও ভাৰতকৈ আগুৱাই থকাৰ এই পৰম্পৰা অব্যাহত ৰখাটো সহজ নহ’ব তথাপি ২০২২-২৩ চনৰ পৰা পৰৱৰ্তী ভালেমান বছৰত বাংলাদেশতকৈ ভাৰত পিছ পৰি ৰোৱাৰ পূৰ্বানুমান কৰিছে আইএমএফ-এ। ‘বিজনেছ ষ্টেণ্ডাৰ্ড’ কাকতত এই তথ্য প্ৰকাশ পাইছে। ২০২১-২২ চনত ভাৰতৰ জনমূৰি আয় বাংলাদেশতকৈ সামান্য আগবাঢ়ি থকাৰ সম্ভাৱনা আছে। এই ব্যৱধান হ’ব পাৰে ৩৮ডলাৰ। বাংলাদেশৰ প্ৰতিজন নাগৰিকৰ গড় আয় ২০২০-২১ বৰ্ষত আছিল ১,৯৬২ ডলাৰ আৰু ভাৰতীয়ৰ গড় জনমূৰি আয় আছিল ১,৯৩৫ ডলাৰ। 

কিন্তু এই ব্যৱধান ভাৰতে ধৰি ৰাখিব নোৱাৰিব বুলি অনুমান কৰা হৈছে। ২০২৭-২০২৮ চনলৈ ভাৰতৰ সৈতে বাংলাদেশৰ জনমূৰি আয়ৰ ব্যৱধান হ’ল ২০০ডলাৰ। আইএমএফৰ পূ্ৰ্বানুমান অনুসৰি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ গড় আয় বাংলাদেশৰ নাগৰিকৰ গড় আয়তকৈ এই সময়ছোৱাত প্ৰায় ২০০ ডলাৰ কম হ’ব। সম্প্ৰতি ডলাৰৰ মূল্য আৰু দেশ দুখনৰ জিডিপিৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

উল্লেখ্য যে, বাংলাদেশ হৈছে বস্ত্ৰ উদ্যোগৰ দিশত বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য ৰপ্তানিকৃত দেশ। শ্ৰম নিৰ্ভৰ এই উদ্যোগৰ দিশত ভালেখিনি আগুৱাই আছে বাংলাদেশ। বাংলাদেশৰ জিডিপিত ২০ শতাংশ অৰিহনা আগবঢ়ায় এই উদ্যোগে। আনহাতে ঢাকাৰ ব্যৱসায়িক ৰপ্তানিৰ ক্ষেত্ৰতো ইয়াৰ অৰিহণা হৈছে ৮০ শতাংশ। উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈছে বাংলাদেশৰ। বিগত ছবছৰে দেশখনে ৬ শতাংশ হাৰত একেৰাহে জিডিপিৰ বিকাশ ঘটাই আছে। আনকি বিশ্বজোৰা মহামাৰীৰ সময়ত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ জিডিপি যেতিয়া সংকুচিত হৈ আহিছিল সেই সময়তো বাংলাদেশৰ জিডিপি বিকশিত হৈ আছিল। 
বাংলাদেশৰ অৰ্থনীতিৰ এনে সুস্থিৰ গতিশীলতাৰ বিপৰীতে ভাৰতৰ অৱস্থা এতিয়া থৰক-বৰক হৈ পৰাটো স্পষ্ট হৈ পৰিছে। ভগ্ন অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে ব্যাপক হাৰত মূল্যবৃদ্ধিৰে পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ চেষ্টা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত এসময়ত অনগ্ৰসৰ বুলি অৱহেলা কৰা বাংলাদেশে অৰ্থনৈতিক বিকাশৰ দিশৰ পৰা ভাৰতক চেৰাই যোৱাটো অৱধাৰিত বুলিয়েই ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে