--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জনমূৰি আয়ৰ দিশৰ পৰা চুবুৰীয়া বাংলাদেশতকৈও পিছ পৰিব ভাৰত! বিগত কেইটামান বছৰত বাংলাদেশে অৰ্থনৈতিক দিশটোত যথেষ্ট উন্নতি কৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতেতে অৰ্থনৈতিক বিকাশৰ দিশত ভাৰতক পিছ পেলোৱাৰ সম্ভাৱনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে বাংলাদেশে। ইণ্টাৰনেচনেল মনিটৰী ফাণ্ড চমুকৈ আইএমএফে কৰা পূৰ্বানুমান অনুসৰি সমাগত বছৰবোৰত জনমূৰি আয়ৰ দিশৰ পৰা ভাৰততকৈ আগুৱাই যাব বাংলাদেশ। 

যদিও ভাৰতকৈ আগুৱাই থকাৰ এই পৰম্পৰা অব্যাহত ৰখাটো সহজ নহ’ব তথাপি ২০২২-২৩ চনৰ পৰা পৰৱৰ্তী ভালেমান বছৰত বাংলাদেশতকৈ ভাৰত পিছ পৰি ৰোৱাৰ পূৰ্বানুমান কৰিছে আইএমএফ-এ। ‘বিজনেছ ষ্টেণ্ডাৰ্ড’ কাকতত এই তথ্য প্ৰকাশ পাইছে। ২০২১-২২ চনত ভাৰতৰ জনমূৰি আয় বাংলাদেশতকৈ সামান্য আগবাঢ়ি থকাৰ সম্ভাৱনা আছে। এই ব্যৱধান হ’ব পাৰে ৩৮ডলাৰ। বাংলাদেশৰ প্ৰতিজন নাগৰিকৰ গড় আয় ২০২০-২১ বৰ্ষত আছিল ১,৯৬২ ডলাৰ আৰু ভাৰতীয়ৰ গড় জনমূৰি আয় আছিল ১,৯৩৫ ডলাৰ। 

কিন্তু এই ব্যৱধান ভাৰতে ধৰি ৰাখিব নোৱাৰিব বুলি অনুমান কৰা হৈছে। ২০২৭-২০২৮ চনলৈ ভাৰতৰ সৈতে বাংলাদেশৰ জনমূৰি আয়ৰ ব্যৱধান হ’ল ২০০ডলাৰ। আইএমএফৰ পূ্ৰ্বানুমান অনুসৰি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ গড় আয় বাংলাদেশৰ নাগৰিকৰ গড় আয়তকৈ এই সময়ছোৱাত প্ৰায় ২০০ ডলাৰ কম হ’ব। সম্প্ৰতি ডলাৰৰ মূল্য আৰু দেশ দুখনৰ জিডিপিৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

উল্লেখ্য যে, বাংলাদেশ হৈছে বস্ত্ৰ উদ্যোগৰ দিশত বিশ্বৰ ভিতৰতে এক উল্লেখযোগ্য ৰপ্তানিকৃত দেশ। শ্ৰম নিৰ্ভৰ এই উদ্যোগৰ দিশত ভালেখিনি আগুৱাই আছে বাংলাদেশ। বাংলাদেশৰ জিডিপিত ২০ শতাংশ অৰিহনা আগবঢ়ায় এই উদ্যোগে। আনহাতে ঢাকাৰ ব্যৱসায়িক ৰপ্তানিৰ ক্ষেত্ৰতো ইয়াৰ অৰিহণা হৈছে ৮০ শতাংশ। উল্লেখ্য যে, দক্ষিণ এছিয়াৰ ভিতৰত ভাৰতৰ পাছতে দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈছে বাংলাদেশৰ। বিগত ছবছৰে দেশখনে ৬ শতাংশ হাৰত একেৰাহে জিডিপিৰ বিকাশ ঘটাই আছে। আনকি বিশ্বজোৰা মহামাৰীৰ সময়ত ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ জিডিপি যেতিয়া সংকুচিত হৈ আহিছিল সেই সময়তো বাংলাদেশৰ জিডিপি বিকশিত হৈ আছিল। 
বাংলাদেশৰ অৰ্থনীতিৰ এনে সুস্থিৰ গতিশীলতাৰ বিপৰীতে ভাৰতৰ অৱস্থা এতিয়া থৰক-বৰক হৈ পৰাটো স্পষ্ট হৈ পৰিছে। ভগ্ন অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে ব্যাপক হাৰত মূল্যবৃদ্ধিৰে পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ চেষ্টা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত এসময়ত অনগ্ৰসৰ বুলি অৱহেলা কৰা বাংলাদেশে অৰ্থনৈতিক বিকাশৰ দিশৰ পৰা ভাৰতক চেৰাই যোৱাটো অৱধাৰিত বুলিয়েই ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement