--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপৰ্যস্ত হৈ পৰিছে। কেইবাটাও পথ খহি পৰাৰ ফলত কমেও ২হাজাৰ পৰ্যটক আৱদ্ধ হৈ আছে। নিশাৰ ভিতৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া নদী ওফন্দি উঠিছে। সেই পানীত ডুবিছে ৰাস্তাবোৰ। কেইবা ঠাইতো ভূমিস্খলন ঘটিছে।

১০ নং ৰাষ্ট্ৰীয় ঘাইপথত খহনীয়া হোৱাৰ বাবে লাচুং, লাচেন, ইউমথাঙৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। পেগঙৰ সমীপতো খহনীয়াৰ বাবে পথ অৱৰোধ হৈ পৰিছে। জানিব পৰা মতে, মানগনৰ পৰা চুংথাংলৈ যোৱা পথটো সদ্যহতে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। চাংগুৰ নাথুলা পথত যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

কমেও ২০০০ পৰ্যটক এই ভয়াবহ পৰিস্থিতিত আৱদ্ধ হৈ আছে। আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে সেনাই। যুদ্ধকালীন পৰিস্থিতিৰে পথ মুকলিৰ কাম চলি আছে। কিন্তু নেৰানেপেৰা বৰষুণত এই কাম কৰিবলৈ যথেষ্ট আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছে। ছিকিম প্ৰশাসনে পৰ্যটকক উত্তৰ ছিকিমৰ পৰা ওলাই যাবলৈ দিয়া নাই।

ছিকিমৰ কেইবাটাও অঞ্চলত পৰ্যটকৰ ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও সকলো অঞ্চলতে নিষেধাজ্ঞা বলবৎ কৰা হোৱা নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
কাজিৰঙাৰ মোনা বিলত মৃত অৱস্থাত উদ্ধাৰ ৬টা ম'হ
ধনখড়ৰ উত্তৰসুৰী কোন হ'ব ?
ভাৰত-আমেৰিকা সম্বন্ধৰ নতুন মোৰ
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে