--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ বক্সিং একাডেমিত মনোনিৱেশ কৰিবলৈ এটা সময়ত অৱসৰৰ চিন্তা কৰা অসম কন্যা লাভলীনাই এতিয়া ৪ ছেপ্টেম্বৰত লিভাৰপুলত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্রত্যাবর্তন ঘটাব

ডিজিটেল ডেস্ক : অলিম্পিক ব্রঞ্জজয়ী লাভলীনা বৰগোহাঁয়ে পেৰিছত পদক জয়ৰ পৰা বঞ্চিত হ'লেও নিজৰ বক্সিং কেৰিয়াৰ অব্যাহত ৰখাৰ লগতে আন এক অলিম্পিক পদক দখলৰ বাবে দৃষ্টি নিবদ্ধ কৰিছে।


নিজৰ বক্সিং একাডেমিত মনোনিৱেশ কৰিবলৈ এটা সময়ত অৱসৰৰ চিন্তা কৰা অসম কন্যা লাভলীনাই এতিয়া ৪ ছেপ্টেম্বৰত লিভাৰপুলত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্রত্যাবর্তন ঘটাব। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী ২৭বছৰীয়া তাৰকা বক্সাৰগৰাকীয়ে যোৱা বছৰৰ আগষ্টত অনুষ্ঠিত পেৰিছ গেমছৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পৰা আঁতৰি আছে।


ৰিঙৰ পৰা আঁতৰি থকাৰ সময়ছোৱাত নিজৰ একাডেমি স্থাপন কৰাৰ কামত মনোনিৱেশ কৰে লাভলীনাই। গুৱাহাটীত যোৱা জুনত লাভলীনাৰ বক্সিং একাডেমি মুকলি কৰা হয়।


লাভলীনাই কয়, 'যেতিয়া মই মোৰ একাডেমি আৰম্ভ কৰাৰ কথা ভাবিছিলোঁ, তেতিয়া মই পেৰিছ অলিম্পিকলৈকে খেলাৰ পৰিকল্পনা কৰিছিলোঁ আৰু তাৰ পাছত হয়তো খেল এৰি দিম। কিন্তু পেৰিছত ফলাফল মই আশা কৰা ধৰণৰ নহ'ল। তাত পদক লাভ কৰা হ'লে সেয়া মোৰ বিদায়ী খেল হ'লহেঁতেন।' ফ্ৰান্সৰ ৰাজধানী চহৰখনত হোৱা অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ক্ৰমাগত পদক জয়ৰ কাষ চাপিছিল লাভলীনা। পিছে ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ হাতত পৰাজিত হোৱাত লাভলীনাৰ আশা ভংগ হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ