--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নিজৰ বক্সিং একাডেমিত মনোনিৱেশ কৰিবলৈ এটা সময়ত অৱসৰৰ চিন্তা কৰা অসম কন্যা লাভলীনাই এতিয়া ৪ ছেপ্টেম্বৰত লিভাৰপুলত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্রত্যাবর্তন ঘটাব

ডিজিটেল ডেস্ক : অলিম্পিক ব্রঞ্জজয়ী লাভলীনা বৰগোহাঁয়ে পেৰিছত পদক জয়ৰ পৰা বঞ্চিত হ'লেও নিজৰ বক্সিং কেৰিয়াৰ অব্যাহত ৰখাৰ লগতে আন এক অলিম্পিক পদক দখলৰ বাবে দৃষ্টি নিবদ্ধ কৰিছে।


নিজৰ বক্সিং একাডেমিত মনোনিৱেশ কৰিবলৈ এটা সময়ত অৱসৰৰ চিন্তা কৰা অসম কন্যা লাভলীনাই এতিয়া ৪ ছেপ্টেম্বৰত লিভাৰপুলত হ'বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্রত্যাবর্তন ঘটাব। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জজয়ী ২৭বছৰীয়া তাৰকা বক্সাৰগৰাকীয়ে যোৱা বছৰৰ আগষ্টত অনুষ্ঠিত পেৰিছ গেমছৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাৰ পৰা আঁতৰি আছে।


ৰিঙৰ পৰা আঁতৰি থকাৰ সময়ছোৱাত নিজৰ একাডেমি স্থাপন কৰাৰ কামত মনোনিৱেশ কৰে লাভলীনাই। গুৱাহাটীত যোৱা জুনত লাভলীনাৰ বক্সিং একাডেমি মুকলি কৰা হয়।


লাভলীনাই কয়, 'যেতিয়া মই মোৰ একাডেমি আৰম্ভ কৰাৰ কথা ভাবিছিলোঁ, তেতিয়া মই পেৰিছ অলিম্পিকলৈকে খেলাৰ পৰিকল্পনা কৰিছিলোঁ আৰু তাৰ পাছত হয়তো খেল এৰি দিম। কিন্তু পেৰিছত ফলাফল মই আশা কৰা ধৰণৰ নহ'ল। তাত পদক লাভ কৰা হ'লে সেয়া মোৰ বিদায়ী খেল হ'লহেঁতেন।' ফ্ৰান্সৰ ৰাজধানী চহৰখনত হোৱা অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ক্ৰমাগত পদক জয়ৰ কাষ চাপিছিল লাভলীনা। পিছে ৭৫ কেজি ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ হাতত পৰাজিত হোৱাত লাভলীনাৰ আশা ভংগ হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু