--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্তমান ক্ৰিকেট জগতত আটাইতকৈ জনপ্ৰিয় ফৰ্মেটত পৰিণত হৈছে।

ডিজিটেল ডেস্ক : টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্তমান ক্ৰিকেট জগতত আটাইতকৈ জনপ্ৰিয় ফৰ্মেটত পৰিণত হৈছে। দুৰ্দান্ত চাৰি আৰু ছয়েৰে মেচখনত জয়ৰ দিশে খোজ আগবঢ়োৱা খেলুৱৈসকল এই ফৰ্মেটত অনুৰাগীৰ মাজত নায়ক হৈ পৰে।


ক্ৰিকেটৰ ইতিহাসত বহু বেটছমেনে ষ্ট্ৰাইক ৰেটৰ ক্ষেত্ৰত বহু অভিলেখ গঢ়িছে। এই তালিকাত শীৰ্ষস্থান দখল কৰিছে ভাৰতৰ যুৱ তাৰকা অভিষেক শৰ্মাই। টি-২০ ইণ্টাৰনেশ্যনেলত কেৰিয়াৰৰ ষ্ট্ৰাইক ৰেট সৰ্বাধিক হোৱা শীৰ্ষ ৫ জন খেলুৱৈৰ বিষয়ে জনাওক।


অভিষেক শৰ্মা - ভাৰত


ভাৰতৰ যুৱ অলৰাউণ্ডাৰ অভিষেক শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয়ত বিস্ফোৰক বেটিঙেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । ২০২৪ চনৰ পৰা ২০২৫ চনলৈ খেলা ১৭খন মেচত ৫৩৫ ৰান সংগ্ৰহ কৰিছে অভিষেকে ।এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৯৩.৮৪, যিটো আজিৰ পৰ্যন্ত সৰ্বাধিক। অভিষেকে দুটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰিছে। মাত্ৰ ২৭৬টা বলত ইমান ৰান সংগ্ৰহ কৰি তেওঁৰ আক্ৰমণাত্মক শৈলী প্ৰকাশ পাইছে।


সাহিল চৌহান - ইষ্টোনিয়া


ইষ্ট’নিয়াৰ ছাহিল চৌহানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ২২খন মেচত ৪৭৯ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ কেৰিয়াৰৰ এতিয়ালৈকে সৰ্বাধিক স্ক’ৰ হৈছে ১৪৪ ৰান নট আউট। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৮৪.২৩। সৰু ক্ৰিকেট শৈলীৰ পৰা অহা সত্ত্বেও চৌহানে দ্ৰুত বেটিঙেৰে নিজৰ নাম উজলাই তুলিছে।


কাইৰন জে ষ্টেগনো - জিব্ৰাল্টাৰ


জিব্ৰাল্টাৰৰ বেটছমেন কেৰন ষ্টেগন’ই টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ২৫খন মেচত ৬৫৬ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৭.২৯। ষ্টেগনোৰ নামত এটা শতক আৰু তিনিটা অৰ্ধশতিকা আছে। ৫৬টা ছয় আৰু ৪১টা চাৰি মাৰি তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ।


ফৈছাল খান - চৌদি আৰব


ছৌদি আৰৱৰ ফৈছাল খানৰ নামো এই তালিকাত সন্নিবিষ্ট কৰা হৈছে। ৬১খন মেচত ১৭৪৩ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৭৩.৪৩। টি-২০ত ফৈছালে এটা শতক আৰু ১০টা অৰ্ধশতক অৰ্জন কৰিছে। ১৮০টা চাৰি আৰু ১০৬টা ছয়ে তেওঁৰ আক্ৰমণাত্মক শৈলীৰ স্পষ্ট বৰ্ণনা কৰিছে।


ছাবেৰ জাখিল (বেলজিয়াম) - ষ্ট্ৰাইক ৰেট ১৬৯.০৪


এই তালিকাৰ পঞ্চম স্থানত আছে বেলজিয়ামৰ বেটছমেন ছাবেৰ জাখিল। ৫৬খন মেচত ১১৬৩ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৬৯.০৪। তেওঁৰ বেটৰ পৰা এটা শতক আৰু তিনিটা অৰ্ধশতিকা আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু