--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পাছৰে পৰা, বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' সমগ্ৰ দেশতে চৰ্চাত আছে। এই চলচ্চিত্ৰখনে কৰো`নাৰ মহামাৰী পাছত বক্স অফিচৰ অন্যতম এখন হিট ছবি। নানা বিতৰ্কৰ পাছত, দৰ্শকে এই ছবিখন চাইছে। ছবিখনে ইতিমধ্য ২৫০ কোটি টকাৰ ব্যৱসায় কৰিছে। দৰ্শকৰ এটা অংশৰ পৰা নেতা আৰু মন্ত্ৰীলৈকে ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষং হৈছে। যদিও ছবিখনে ভাৰতত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে, কিন্তু এইবাৰ ছিংগাপুৰত 'দ্য কাশ্মীৰ ফাইলছ' বোলছবিখন নিষিদ্ধ কৰা হৈছে।

ছিংগাপুৰৰ চলচ্চিত্ৰ শ্ৰেণীবিভাজনে কৈছে যে ছবিখনত যি দেখুওৱা হৈছে, য'ত একপক্ষীয় মুছলমান হিতৰ বিপৰীতে প্ৰদৰ্শন কৰা হৈছে, যিয়ে দেশখনৰ সম্প্ৰীতিক আঘাত কৰিব পাৰে। যিটোৱে দেশত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। যাৰ বাবে এই ছবিখন নিষিদ্ধ কৰা হৈছে।

বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ ১১ মাৰ্চত মুকলি কৰা হৈছিল। এই চলচ্চিত্ৰখনে ১৯৯০ ৰ দশকত কাশ্মীৰী হিন্দুসকলক উপত্যকাৰ পৰা কেনেদৰে মুক্তি দিয়া হৈছিল আৰু তেওঁলোকে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতিৰ বৰ্ণনা কৰা হৈছে। অৱশ্যে, এই চলচ্চিত্ৰখনত দেখুওৱা কিছুমান তথ্য অশুদ্ধ বুলি অভিযোগ কৰা হৈছে। উদাহৰণ স্বৰূপে, চলচ্চিত্ৰখনত কাশ্মীৰৰ পৰা কাশ্মীৰী পণ্ডিতসকলক বহিষ্কাৰ কৰাৰ আঁৰত পাকিস্তানী সমৰ্থিত উগ্ৰপন্থীক কৰ্টাক্ষ কৰা হৈছে। বিৰোধী দলৰ বহুতে ইয়াৰ বিৰোধিতা কৰিছিল।

চলচ্চিত্ৰখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰ, ভাষা সুম্বালি, চিন্ময় মন্দ্ৰেকাৰ, পুনীত ইছাৰ, মৃণাল কুলকাৰ্ণী, অতুল শ্ৰীবাস্তৱ আৰু পৃথ্বীৰাজ সৰনায়কে অভিনয় কৰিছে। এই ছবিখনৰ মুক্তিৰ পাছত, নানা পাটেকাৰৰ পৰা আমিৰ খানলৈকে বলীউডৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ