--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেনে তেনে পোছাক পিন্ধি ৰাজপথলৈ ওলাই আহিবলৈও কোনো ধৰণৰ সংকোচে হেঁচা মাৰি নধৰে উৰ্ফি জাভেদক। উদ্ভট পোছাকৰ বাবে প্ৰায়ে সংবাদ শিৰোনামত থাকে উৰ্ফি জাভেদ।তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’লেও নিজ মতত অলৰ-অচৰ উৰ্ফি। উৰ্ফিৰ এনে ৰূপ এতিয়া নেটিজেনৰ বাবে হৈ পৰিছে দৈনন্দিন। বহুলোকে উৰ্ফিক এতিয়া পোছাক পৰিধান কৰাৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিয়া দেখা গৈছে। তেনেস্থলত উৰ্ফিক লৈ চৰ্চা নোহোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি? কেতিয়াবা যদি চেফটিপিনৰ পোছাকত, কেতিয়াবা বুকুত ৰঙা-নীলা ফুল, আৰু কেতিয়াবা বিকিনি পিন্ধিয়েই ধৰা দিয়েহি উৰ্ফিয়ে। উৰ্ফিৰ এনে ৰূপ দেখাৰ লগে লগে খোল খায় কেমেৰাৰ লেন্স। তাৰ পাছৰ খিনি নকলোৱেই জেনিবা…।

সেইকাৰণে আজি উৰ্ফিৰ অনুৰাগীৰ সংখ্যাও চকুত লগা। শেহতীয়াকৈ, উৰ্ফিৰ এটি বিপুল উল্লাসৰ ভিডিঅ' ভাইৰেল হৈছে। য'ত স্বল্পবসনা উৰ্ফিয়ে অনুৰাগীৰ হাতত ধৰি ঘূৰি ফুৰা দেখা গৈছে। উৰ্ফিৰ উন্মুক্ত নিতম্বত হাত থৈ এজন অনুৰাগীয়ে আন এজনৰ কোলাত তুলি দিছে। কিন্তু কিহৰ বাবে  এই উৎসৱ? ইমান হাঁহি? ইমান উল্লাস? পৰৱৰ্তী সময়তহে জানিবলৈ পোৱা গ’ল যে, ৩০ লক্ষ্য অনুৰাগীৰ ঘৰ স্পৰ্শ কৰিছে উৰ্ফিয়ে। ইয়াকে লৈয়ো ব্যংগ কৰিবলৈ নেৰিলে উৰ্ফিয়ে। সকলোকে ধন্যবাদ জনাই তেওঁ লিখে, ‘যিসকলে মোক ভাল নাপায়, মই জানো তেওঁলোকেও মোক লুকাই লুকাই চায়।’

অৱশ্যে, এই বিশেষ দিনটোত উন্মত্ত উৰ্ফিক সাগৰ-নীলা ব্ৰেলেট টপ আৰু কলা হ’ট পেণ্টত দেখা গৈছিল।  নেটৱৰ্ল্ডত অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত গভীৰ নিশালৈকে যে বিশেষ দিনটো উদযাপন কৰিছে উৰ্ফিয়ে সেয়া ভিডিঅ’ই প্ৰমাণ। উৰ্ফিৰ এই ভিডিঅ’ দেখি ভালপোৱা উজাৰি দিছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু