--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেনে তেনে পোছাক পিন্ধি ৰাজপথলৈ ওলাই আহিবলৈও কোনো ধৰণৰ সংকোচে হেঁচা মাৰি নধৰে উৰ্ফি জাভেদক। উদ্ভট পোছাকৰ বাবে প্ৰায়ে সংবাদ শিৰোনামত থাকে উৰ্ফি জাভেদ।তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ’লেও নিজ মতত অলৰ-অচৰ উৰ্ফি। উৰ্ফিৰ এনে ৰূপ এতিয়া নেটিজেনৰ বাবে হৈ পৰিছে দৈনন্দিন। বহুলোকে উৰ্ফিক এতিয়া পোছাক পৰিধান কৰাৰ পৰা বিৰত থকাৰো পৰামৰ্শ দিয়া দেখা গৈছে। তেনেস্থলত উৰ্ফিক লৈ চৰ্চা নোহোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি? কেতিয়াবা যদি চেফটিপিনৰ পোছাকত, কেতিয়াবা বুকুত ৰঙা-নীলা ফুল, আৰু কেতিয়াবা বিকিনি পিন্ধিয়েই ধৰা দিয়েহি উৰ্ফিয়ে। উৰ্ফিৰ এনে ৰূপ দেখাৰ লগে লগে খোল খায় কেমেৰাৰ লেন্স। তাৰ পাছৰ খিনি নকলোৱেই জেনিবা…।

সেইকাৰণে আজি উৰ্ফিৰ অনুৰাগীৰ সংখ্যাও চকুত লগা। শেহতীয়াকৈ, উৰ্ফিৰ এটি বিপুল উল্লাসৰ ভিডিঅ' ভাইৰেল হৈছে। য'ত স্বল্পবসনা উৰ্ফিয়ে অনুৰাগীৰ হাতত ধৰি ঘূৰি ফুৰা দেখা গৈছে। উৰ্ফিৰ উন্মুক্ত নিতম্বত হাত থৈ এজন অনুৰাগীয়ে আন এজনৰ কোলাত তুলি দিছে। কিন্তু কিহৰ বাবে  এই উৎসৱ? ইমান হাঁহি? ইমান উল্লাস? পৰৱৰ্তী সময়তহে জানিবলৈ পোৱা গ’ল যে, ৩০ লক্ষ্য অনুৰাগীৰ ঘৰ স্পৰ্শ কৰিছে উৰ্ফিয়ে। ইয়াকে লৈয়ো ব্যংগ কৰিবলৈ নেৰিলে উৰ্ফিয়ে। সকলোকে ধন্যবাদ জনাই তেওঁ লিখে, ‘যিসকলে মোক ভাল নাপায়, মই জানো তেওঁলোকেও মোক লুকাই লুকাই চায়।’

অৱশ্যে, এই বিশেষ দিনটোত উন্মত্ত উৰ্ফিক সাগৰ-নীলা ব্ৰেলেট টপ আৰু কলা হ’ট পেণ্টত দেখা গৈছিল।  নেটৱৰ্ল্ডত অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত গভীৰ নিশালৈকে যে বিশেষ দিনটো উদযাপন কৰিছে উৰ্ফিয়ে সেয়া ভিডিঅ’ই প্ৰমাণ। উৰ্ফিৰ এই ভিডিঅ’ দেখি ভালপোৱা উজাৰি দিছে অনুৰাগীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ