--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমৰ মানুহৰ মাজত ঔ টেঙা অতি জনপ্ৰিয়। গাঁৱে-ভূঞে অতি সহজলভ্য ঔ টেঙা অতি ঔষধি গুণসম্পন্ন। বিভিন্ন অসমীয়া খাদ্যত ঔটেঙাৰ ব্যৱহাৰ হয়। ঢেকীয়া শাকৰ লগত ঔটেঙাৰ জুতি সকলোৱে ভাল পায়। ঔ টেঙাৰ বহুতো ঔষধি গুণ আছে। ঔষধিগুণৰ বিষয়ে আপুনি হয়তু বহু কথাই নাজানে। বৰ্তমান ঔ টেঙাৰ চাহিদা বৃদ্ধি হৈছে। আহকচোন জানো ঔ টেঙাৰ ঔষধি গুণৰ বিষয়ে।  

১)পেটৰ বাবে বহু উপকাৰী ঔটেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে। 

২)নিম্ন ৰক্তচাপৰ বাবে অতি উপকাৰী। 

৩)ঔ টেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে ই চকুৰ বাবে অতি উপকাৰী। ভিটামিন চি থকাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়।

৪)ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে উপকাৰী। মূৰৰ উফি দূৰ কৰে। বহু দিনীয়া বিষৰ উপশমৰ বাবে ঔ টেঙা অতি উপকাৰী। 

৫)শৰীৰ উত্তাপ বৃদ্ধি পালে অথবা পেটত গৰম সোমালে ঔ টেঙা খালে ভাল।

৬) লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত ৷

 ৭)পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয় ৷

 ৮)ঔটেঙাৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয়

৯)এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে ৷

 ১০) ঔ টেঙাৰ ৰস হৃদৰোগীৰ বাবে উপকাৰী ।

 ১১)ঔ টেঙাই হজম শক্তি বৃদ্ধি কৰে।

অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায় ৷ আন বহুতে জাম,জেলি আদিও প্ৰস্তুত কৰে।  অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায় ৷ তাৰ কিছুমান হ’ল : – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইলৰ লগত ঔটেঙা, ঢেকীয়াশাকৰ আঞ্জা,  মাছৰ ঔটেঙা আঞ্জা, কুমলীয়া  ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি ৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ’দত শুকুৱাই সাঁচি থয় ৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে ৷ গতিকে আহক ঔ টেঙা খাই আমাৰ শৰীৰক নিৰোগী কৰি ৰাখো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ