--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমৰ মানুহৰ মাজত ঔ টেঙা অতি জনপ্ৰিয়। গাঁৱে-ভূঞে অতি সহজলভ্য ঔ টেঙা অতি ঔষধি গুণসম্পন্ন। বিভিন্ন অসমীয়া খাদ্যত ঔটেঙাৰ ব্যৱহাৰ হয়। ঢেকীয়া শাকৰ লগত ঔটেঙাৰ জুতি সকলোৱে ভাল পায়। ঔ টেঙাৰ বহুতো ঔষধি গুণ আছে। ঔষধিগুণৰ বিষয়ে আপুনি হয়তু বহু কথাই নাজানে। বৰ্তমান ঔ টেঙাৰ চাহিদা বৃদ্ধি হৈছে। আহকচোন জানো ঔ টেঙাৰ ঔষধি গুণৰ বিষয়ে।  

১)পেটৰ বাবে বহু উপকাৰী ঔটেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে। 

২)নিম্ন ৰক্তচাপৰ বাবে অতি উপকাৰী। 

৩)ঔ টেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে ই চকুৰ বাবে অতি উপকাৰী। ভিটামিন চি থকাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়।

৪)ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে উপকাৰী। মূৰৰ উফি দূৰ কৰে। বহু দিনীয়া বিষৰ উপশমৰ বাবে ঔ টেঙা অতি উপকাৰী। 

৫)শৰীৰ উত্তাপ বৃদ্ধি পালে অথবা পেটত গৰম সোমালে ঔ টেঙা খালে ভাল।

৬) লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত ৷

 ৭)পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয় ৷

 ৮)ঔটেঙাৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয়

৯)এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে ৷

 ১০) ঔ টেঙাৰ ৰস হৃদৰোগীৰ বাবে উপকাৰী ।

 ১১)ঔ টেঙাই হজম শক্তি বৃদ্ধি কৰে।

অসমীয়া মানুহে ঔটেঙাৰ মাছৰ আঞ্জা, দাইলত দি, অম্বল বনাই, চৰবত, আচাৰ আৰু চাটনি কৰি খায় ভাল পায় ৷ আন বহুতে জাম,জেলি আদিও প্ৰস্তুত কৰে।  অসমীয়া ৰান্ধনীসকলে ঔটেঙাৰ নানাবিধ জুতিলগা ব্যঞ্জন বনায় ৷ তাৰ কিছুমান হ’ল : – মাটিদাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইলৰ লগত ঔটেঙা, ঢেকীয়াশাকৰ আঞ্জা,  মাছৰ ঔটেঙা আঞ্জা, কুমলীয়া  ঔটেঙাৰ কলিৰ চৰ্চৰি ভাজি, ভাতত সিদ্ধ কৰা ঔটেঙাৰ পিতিকা আদি ৷ বহুতে ঔটেঙা সৰুসৰুকৈ কুটি নিমখ লগাই ৰ’দত শুকুৱাই সাঁচি থয় ৷ কেঁচা ঔটেঙা ফ্ৰিজত এমাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

অসমীয়া জনজীৱনত অতীজৰে পৰা ঔটেঙাই বিশিষ্ট স্থান লাভ কৰি আহিছে ৷ গতিকে আহক ঔ টেঙা খাই আমাৰ শৰীৰক নিৰোগী কৰি ৰাখো।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ