--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: ষ্টাইল আৰু ফেশ্বনৰ ক্ষেত্ৰত মালাইকা আৰোৰাৰ নাম সদায়ে আগত থাকে৷ প্ৰতিটো অনুষ্ঠানতে সুৰুচিপূৰ্ণ সাজপাৰেৰে নিজক উপস্থাপন কৰি আহিছে বলীউডৰ তাৰকাগৰাকীয়ে৷ বিগত ৩০ জানুৱাৰীত মেঘালয়ৰ ইউএছটিএমৰ প্ৰেক্ষাগৃহত অনুস্থিত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ মেগা ইভেণ্টো ইয়াৰ ব্যতিক্ৰম নহ'ল৷ অনুষ্ঠানটোলৈ মুখ্য অতিথি হিচাপে অহা মালাইকাক দেখা গ'ল অনন্য ৰূপত৷ কিন্তু মালাইকাৰ কেতিয়াও নেদেখা এই ৰূপৰ আঁৰত কোন?

আৰু পঢ়িব পাৰিব : বৃহৎ চু্ক্তি : ১০০খন দেশলৈ ভাৰতত নিৰ্মিত ক’ভিড প্ৰতিষেধক

লেহেংগা ষ্টাইলৰ এযোৰ ক'লা-বগা ডিজাইনাৰ সাজেৰে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ৰেড কাৰ্পেটত ভৰি দিলে মালাইকাই৷ ‘ফিল্ম ফেয়াৰ’ আদিৰ দৰে হিন্দী চিনেমা জগতৰ অনুষ্ঠানৰ দৰেই গ্লেমাৰ বৰ্তাই ৰাখি অথচ সম্পূৰ্ণ শালীন পোচাকেৰে অসমৰ দৰ্শকৰ মন মুহিলে আইটেম কুইন মালাইকাই৷ সেই সাজেৰেই নৃত্য কৰিলে 'আনাৰকলি ডিস্ক' চলী'কে আদি কৰি কেইবাটাও হিট আইটেম নাম্বাৰত৷ অসমীয়া কথা কৈ মঞ্চতে পিঠা-পনাৰ জুতি লোৱা অভিনেত্ৰীগৰাকী স্বাভাৱিকতে অনুষ্ঠানটোৰ পাছত অসমৰ দৰ্শকৰ আপোন হৈ পৰিল৷

আৰু পঢ়িব পাৰিব : ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ…

উল্লেখ্য যে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত মালাইকাই পিন্ধা পোছাকযোৰ ডিজাইন কৰিছিল প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ গৌৰৱ গুপ্তাই৷ জুৱেলাৰী ডিজাইনাৰ ৰেণু অ’বেৰয়ৰ 'মাংগ টীকা'ই মালাইকাৰ সম্পূৰ্ণ লুকটোত সোণত সুৱগা চৰাইছিল৷ এই পোছাকতে শেহতীয়াকৈ মালাইকাই এটা ফটোশ্বুট কৰাও দেখা গ'ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ