--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: ষ্টাইল আৰু ফেশ্বনৰ ক্ষেত্ৰত মালাইকা আৰোৰাৰ নাম সদায়ে আগত থাকে৷ প্ৰতিটো অনুষ্ঠানতে সুৰুচিপূৰ্ণ সাজপাৰেৰে নিজক উপস্থাপন কৰি আহিছে বলীউডৰ তাৰকাগৰাকীয়ে৷ বিগত ৩০ জানুৱাৰীত মেঘালয়ৰ ইউএছটিএমৰ প্ৰেক্ষাগৃহত অনুস্থিত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ মেগা ইভেণ্টো ইয়াৰ ব্যতিক্ৰম নহ'ল৷ অনুষ্ঠানটোলৈ মুখ্য অতিথি হিচাপে অহা মালাইকাক দেখা গ'ল অনন্য ৰূপত৷ কিন্তু মালাইকাৰ কেতিয়াও নেদেখা এই ৰূপৰ আঁৰত কোন?

আৰু পঢ়িব পাৰিব : বৃহৎ চু্ক্তি : ১০০খন দেশলৈ ভাৰতত নিৰ্মিত ক’ভিড প্ৰতিষেধক

লেহেংগা ষ্টাইলৰ এযোৰ ক'লা-বগা ডিজাইনাৰ সাজেৰে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ৰেড কাৰ্পেটত ভৰি দিলে মালাইকাই৷ ‘ফিল্ম ফেয়াৰ’ আদিৰ দৰে হিন্দী চিনেমা জগতৰ অনুষ্ঠানৰ দৰেই গ্লেমাৰ বৰ্তাই ৰাখি অথচ সম্পূৰ্ণ শালীন পোচাকেৰে অসমৰ দৰ্শকৰ মন মুহিলে আইটেম কুইন মালাইকাই৷ সেই সাজেৰেই নৃত্য কৰিলে 'আনাৰকলি ডিস্ক' চলী'কে আদি কৰি কেইবাটাও হিট আইটেম নাম্বাৰত৷ অসমীয়া কথা কৈ মঞ্চতে পিঠা-পনাৰ জুতি লোৱা অভিনেত্ৰীগৰাকী স্বাভাৱিকতে অনুষ্ঠানটোৰ পাছত অসমৰ দৰ্শকৰ আপোন হৈ পৰিল৷

আৰু পঢ়িব পাৰিব : ‘চৌৰি চৌৰা আন্দোলন’ৰ শতবৰ্ষীয় উদযাপনৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ…

উল্লেখ্য যে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত মালাইকাই পিন্ধা পোছাকযোৰ ডিজাইন কৰিছিল প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ গৌৰৱ গুপ্তাই৷ জুৱেলাৰী ডিজাইনাৰ ৰেণু অ’বেৰয়ৰ 'মাংগ টীকা'ই মালাইকাৰ সম্পূৰ্ণ লুকটোত সোণত সুৱগা চৰাইছিল৷ এই পোছাকতে শেহতীয়াকৈ মালাইকাই এটা ফটোশ্বুট কৰাও দেখা গ'ল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement