--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাৰিয়ানাৰ এটা টোল প্লাজাত চাৰিজন সন্দেহযুক্ত খালিস্তানী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আজি কয় যে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।গ্ৰেপ্তাৰ হোৱা গুৰপ্ৰীত নামৰ মুখ্য অভিযুক্তজন আগতে কাৰাগাৰত আছিল আৰু তেওঁ ৰাজবীৰ নামৰ এজন লোকক লগ পাইছিল। তেওঁৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

গুৰপ্ৰীত আৰু আজি গ্ৰেপ্তাৰ হোৱা আন তিনিজনে সমগ্ৰ ভাৰতত বিস্ফোৰক সামগ্ৰীৰ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে কয় যে এই চাৰিজনৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ-চাৰ্ভিচেছ ইণ্টেলিজেঞ্চ বা আইএছআইৰ সৈতে সম্পৰ্ক আছে।
তেওঁলোকক পুৱা ৪ বজাত কৰ্ণালৰ বস্তাৰা টোল প্লাজাত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকে এখন বগা টয়োটা ইনোভা এছইউভিত দিল্লীলৈ গৈ আছিল। গ্ৰেপ্তাৰ হোৱা লোককেইজনক ভূপেন্দ্ৰ, অমনদীপ আৰু পৰবিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন পঞ্জাবৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

সন্ত্ৰাসবাদীকেইজনক গ্ৰেপ্তাৰৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত বোমা নিষ্কাশন বিশেষজ্ঞ উপস্থিত হোৱাৰ লগতে বিভিন্ন ভিডিঅ’ত দেখা গৈছে যে, উদ্ধাৰ হোৱা গাড়ীখনৰ ওচৰলৈ গৈ আইইডিৰ দৰে বিস্ফোৰকৰ সন্ধানত তীব্ৰ তালাচী চলায়। সামৰিক বাহিনী মিনি-ৰোভাৰো এই অভিযানত ব্যৱহাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ