--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাৰিয়ানাৰ এটা টোল প্লাজাত চাৰিজন সন্দেহযুক্ত খালিস্তানী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আজি কয় যে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।গ্ৰেপ্তাৰ হোৱা গুৰপ্ৰীত নামৰ মুখ্য অভিযুক্তজন আগতে কাৰাগাৰত আছিল আৰু তেওঁ ৰাজবীৰ নামৰ এজন লোকক লগ পাইছিল। তেওঁৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।

গুৰপ্ৰীত আৰু আজি গ্ৰেপ্তাৰ হোৱা আন তিনিজনে সমগ্ৰ ভাৰতত বিস্ফোৰক সামগ্ৰীৰ সৰবৰাহৰ সৈতে জড়িত আছিল বুলি প্ৰকাশ পাইছে। আৰক্ষীয়ে কয় যে এই চাৰিজনৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ-চাৰ্ভিচেছ ইণ্টেলিজেঞ্চ বা আইএছআইৰ সৈতে সম্পৰ্ক আছে।
তেওঁলোকক পুৱা ৪ বজাত কৰ্ণালৰ বস্তাৰা টোল প্লাজাত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকে এখন বগা টয়োটা ইনোভা এছইউভিত দিল্লীলৈ গৈ আছিল। গ্ৰেপ্তাৰ হোৱা লোককেইজনক ভূপেন্দ্ৰ, অমনদীপ আৰু পৰবিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন পঞ্জাবৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।

সন্ত্ৰাসবাদীকেইজনক গ্ৰেপ্তাৰৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত বোমা নিষ্কাশন বিশেষজ্ঞ উপস্থিত হোৱাৰ লগতে বিভিন্ন ভিডিঅ’ত দেখা গৈছে যে, উদ্ধাৰ হোৱা গাড়ীখনৰ ওচৰলৈ গৈ আইইডিৰ দৰে বিস্ফোৰকৰ সন্ধানত তীব্ৰ তালাচী চলায়। সামৰিক বাহিনী মিনি-ৰোভাৰো এই অভিযানত ব্যৱহাৰ কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ