--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ দুই ছুপাৰষ্টাৰ ছলমান-শ্বাহৰুখৰ ঘৰৰ সন্মুখত ঈদৰ দিনটোত তেওঁলোকৰ অসংখ্য অনুৰাগীয়ে ভিৰ কৰা দৃশ্যই এতিয়া ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে। দুই তাৰকাৰ ঘৰৰ সন্মুখত আগে-পিছেও এনেদৰে উতসাহী অনুৰাগীৰ ভিৰ দেখা যায়। তেওঁলোকে ঘৰৰ বেলকনিত থিয় হৈ অনুৰাগীসকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে সকলোৰে প্ৰতি হাত জোকাৰি কৃতজ্ঞতাও ব্যক্ত কৰে।

প্ৰিয় তাৰকাক এবাৰ স্বচক্ষে চাবলৈ এনেদৰে তেওঁলোকৰ ঘৰৰ সন্মুখত অনুৰাগীসকলে ভিৰ কৰা দৃশ্য এতিয়া নতুন কথা হৈ থকা নাই। কিন্তু প্ৰত্যেকবাৰেই এই কাৰ্যই চৰ্চা লাভ কৰা দেখা যায়। কিন্তু এইবাৰ ইয়াকে লৈ সৃষ্টি হৈছে এক অবাঞ্চিত বিতৰ্কৰ।

ভাইজান ছলমান খানে অইনবাৰৰ দৰে এইবাৰো তেওঁৰ ঘৰৰ বেলকনিৰ পৰা ঈদৰ দিনটোত তেওঁৰ ঘৰৰ বাহিৰত সমবেত হোৱা লোকসকলক অভিবাদন জনাইছিল আৰু সকলোকে শুভেচ্ছা জনাইছিল। অনুৰাগীৰ সৈতে তেওঁ এই মিলনৰ ভিডিঅ’ আৰু আলোকচিত্ৰ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কিন্তু তাকে লৈ এক অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে অভিনেতা কামাল আৰ খানে। ছলমান খানৰ ঘৰৰ বাহিৰত সমবেত হোৱা লোকসকলক কটাক্ষ কৰে অহৌবলিয়া বুলি পৰিচিল কামালে।

ছলমান খানৰ ঘৰৰ বাহিৰত সমবেত হোৱা জনতাৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি কেআৰকেয়ে লিখিছে, ‘ইমান মানুহ জোগাৰ কৰিবলৈ নিশ্চয় বহুত টকা খৰচ কৰিব লাগে!’ অৰ্থাত ছলমানৰ অনুৰাগীসকলক তেওঁ টকা দি ঘৰৰ সন্মুখলৈ মাতি অনা বুলি অভিযোগ কৰিছে যাতে তেওঁ নিজৰ ষ্টাৰডম দেখাব পাৰে। কামাল আৰ খানৰ এই টুইটক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামালৰ এই টুইটক লৈ। শুভম নামৰ এজন টুইটাৰ ইউজাৰে লিখিছে, 'আপুনি টকা দিলেও, কোনো নাহে।'

পাৰাস নামৰ এজন ইউজাৰে লিখিছে, 'ভাই, আপোনাক এই ভিৰৰ মাজত কতো দেখা পোৱা নাই, ই আশ্চৰ্যজনক। পীয়ুষ নামৰ এজনে লিখিছে, 'এই অনুৰাগীসকলেই ছলমানৰ প্ৰকৃত উপাৰ্জন যিসকলে প্ৰতিবছৰে ইদি দিবলৈ আহে।' ৰণী শৰ্মা নামৰ এজনে লিখিছে, 'ভাই, তুমিও টকা দিম বুলি ফোন কৰি মাতা। টকা দিলেও তুমি মাতিলে কোনো নাহে। ৩৩ বছৰ কাম কৰাৰ পাছতো এজন তাৰকাক লৈ এনে ভিৰ সৃষ্টি হোৱাটো সাধাৰণ কথা নহয়।'

আন এজনে আকৌ কামালক কটাক্ষ কৰি লিখিছে, এতিয়া বোধহয় তোমাৰ আফচোছ হৈছে যে, তুমি যোৱা হ’লে কেইটামান টকা তুমিও পালাহেঁতেন। বহুতে তেওঁ ঈৰ্ষা পৰায়ণ আৰু বুলিও অভিহিতি কৰিছে। টকাৰ লোভতে ছলমানৰ ঘৰৰ সন্মুখত ভিৰ জমা হোৱা বুলি কামালে কৰা মন্তব্যক বহুতে শিল্প অনুৰাগীসকলৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে।
সদায়ে নলগা জেঙত লাগি ফুৰা অহৌবলিয়া কামাল আৰ খানৰ এই অবাঞ্চিত মন্তব্যক লৈ পিছে ভাইজানে কোনো মন্তব্য কৰাৰ প্ৰয়োজন বোধ কৰা নাই। কিন্তু নেটিজেন তথা ছলমানৰ অনুৰাগীয়ে তেওঁ ডিটাৰজেণ্টক ধুলাই দিয়াত অকনো কাৰ্পন্য কৰা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement