--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ দুই ছুপাৰষ্টাৰ ছলমান-শ্বাহৰুখৰ ঘৰৰ সন্মুখত ঈদৰ দিনটোত তেওঁলোকৰ অসংখ্য অনুৰাগীয়ে ভিৰ কৰা দৃশ্যই এতিয়া ইণ্টাৰনেটত ব্যাপক চৰ্চা লাভ কৰিছে। দুই তাৰকাৰ ঘৰৰ সন্মুখত আগে-পিছেও এনেদৰে উতসাহী অনুৰাগীৰ ভিৰ দেখা যায়। তেওঁলোকে ঘৰৰ বেলকনিত থিয় হৈ অনুৰাগীসকলৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে সকলোৰে প্ৰতি হাত জোকাৰি কৃতজ্ঞতাও ব্যক্ত কৰে।

প্ৰিয় তাৰকাক এবাৰ স্বচক্ষে চাবলৈ এনেদৰে তেওঁলোকৰ ঘৰৰ সন্মুখত অনুৰাগীসকলে ভিৰ কৰা দৃশ্য এতিয়া নতুন কথা হৈ থকা নাই। কিন্তু প্ৰত্যেকবাৰেই এই কাৰ্যই চৰ্চা লাভ কৰা দেখা যায়। কিন্তু এইবাৰ ইয়াকে লৈ সৃষ্টি হৈছে এক অবাঞ্চিত বিতৰ্কৰ।

ভাইজান ছলমান খানে অইনবাৰৰ দৰে এইবাৰো তেওঁৰ ঘৰৰ বেলকনিৰ পৰা ঈদৰ দিনটোত তেওঁৰ ঘৰৰ বাহিৰত সমবেত হোৱা লোকসকলক অভিবাদন জনাইছিল আৰু সকলোকে শুভেচ্ছা জনাইছিল। অনুৰাগীৰ সৈতে তেওঁ এই মিলনৰ ভিডিঅ’ আৰু আলোকচিত্ৰ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কিন্তু তাকে লৈ এক অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি অবাঞ্চিত বিতৰ্কৰ সূত্ৰপাত ঘটাইছে অভিনেতা কামাল আৰ খানে। ছলমান খানৰ ঘৰৰ বাহিৰত সমবেত হোৱা লোকসকলক কটাক্ষ কৰে অহৌবলিয়া বুলি পৰিচিল কামালে।

ছলমান খানৰ ঘৰৰ বাহিৰত সমবেত হোৱা জনতাৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি কেআৰকেয়ে লিখিছে, ‘ইমান মানুহ জোগাৰ কৰিবলৈ নিশ্চয় বহুত টকা খৰচ কৰিব লাগে!’ অৰ্থাত ছলমানৰ অনুৰাগীসকলক তেওঁ টকা দি ঘৰৰ সন্মুখলৈ মাতি অনা বুলি অভিযোগ কৰিছে যাতে তেওঁ নিজৰ ষ্টাৰডম দেখাব পাৰে। কামাল আৰ খানৰ এই টুইটক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কামালৰ এই টুইটক লৈ। শুভম নামৰ এজন টুইটাৰ ইউজাৰে লিখিছে, 'আপুনি টকা দিলেও, কোনো নাহে।'

পাৰাস নামৰ এজন ইউজাৰে লিখিছে, 'ভাই, আপোনাক এই ভিৰৰ মাজত কতো দেখা পোৱা নাই, ই আশ্চৰ্যজনক। পীয়ুষ নামৰ এজনে লিখিছে, 'এই অনুৰাগীসকলেই ছলমানৰ প্ৰকৃত উপাৰ্জন যিসকলে প্ৰতিবছৰে ইদি দিবলৈ আহে।' ৰণী শৰ্মা নামৰ এজনে লিখিছে, 'ভাই, তুমিও টকা দিম বুলি ফোন কৰি মাতা। টকা দিলেও তুমি মাতিলে কোনো নাহে। ৩৩ বছৰ কাম কৰাৰ পাছতো এজন তাৰকাক লৈ এনে ভিৰ সৃষ্টি হোৱাটো সাধাৰণ কথা নহয়।'

আন এজনে আকৌ কামালক কটাক্ষ কৰি লিখিছে, এতিয়া বোধহয় তোমাৰ আফচোছ হৈছে যে, তুমি যোৱা হ’লে কেইটামান টকা তুমিও পালাহেঁতেন। বহুতে তেওঁ ঈৰ্ষা পৰায়ণ আৰু বুলিও অভিহিতি কৰিছে। টকাৰ লোভতে ছলমানৰ ঘৰৰ সন্মুখত ভিৰ জমা হোৱা বুলি কামালে কৰা মন্তব্যক বহুতে শিল্প অনুৰাগীসকলৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে।
সদায়ে নলগা জেঙত লাগি ফুৰা অহৌবলিয়া কামাল আৰ খানৰ এই অবাঞ্চিত মন্তব্যক লৈ পিছে ভাইজানে কোনো মন্তব্য কৰাৰ প্ৰয়োজন বোধ কৰা নাই। কিন্তু নেটিজেন তথা ছলমানৰ অনুৰাগীয়ে তেওঁ ডিটাৰজেণ্টক ধুলাই দিয়াত অকনো কাৰ্পন্য কৰা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু