--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি পূজা মঙলবাৰে, অৰ্থাৎ ১ মাৰ্চত উদযাপন কৰা হ’ব। শিৱক ‘আশুতোষ’ বুলি কোৱা হয়। তেওঁ সোনকালেই সন্তুষ্ট হয়। পানী আৰু বেল পাতত অৰ্পণ কৰিলেই সন্তুষ্ট হয় ভোলেবাবা শিৱ। শিৱক কিয় সামান্য পানী আৰু বেল পাতে মুগ্ধ কৰে? পৌৰাণিক কাহিনীত ইয়াৰ এটা আভাস আছে। শিৱ পূৰাণৰ মতে, সাগৰ মন্থনৰ সময়ত কলকুট নামৰ এটা বিষাক্ত পদাৰ্থ সাগৰৰ শয্যাৰ পৰা ওলাই আহিছিল। ফলস্বৰূপে, সকলো দেৱতা আৰু অসুৰ বিচলিত হ’বলৈ ধৰিছিল। তেতিয়া বিশ্বব্ৰহ্মাণ্ড তচনচ হৈ পৰিছিল৷ বিশৃংখলতাই দেখা দিছিল সমগ্ৰ ধৰা। দেৱতা আৰু অসুৰসকলে বিশ্বব্ৰহ্মাণ্ডৰ সুৰক্ষাৰ বাবে শিৱক একেলগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এনে সময়তে দেৱাদিদেৱ শিৱ প্ৰকট হৈ বিহ পান কৰিলে। যাৰ ফলত চিন্তিত হৈ পৰিছিল শিৱৰ সহধৰ্মিণী পাৰ্ৱতী; আৰু বিহখিনি ডিঙিৰ পৰা তললৈ নাযাবলৈ ডিঙিটো হাতেৰে ধৰি ৰাখিছিল৷ যাৰ ফলত ডিঙিতেই থাকি যায় মাৰাত্মক বিহ৷ আৰু শিৱৰ ডিঙি নীলা হৈ পৰিছিল। কোৱা হয় যে, বিহ জ্বলাৰ বাবে শিৱৰ শৰীৰ অত্যন্ত অস্বস্তিকৰ হৈ পৰিছিল। এনে পৰিস্থিতিত দেৱতাসকলে শিৱক পানীদিবলৈ আৰম্ভ কৰিলে। সেই সময়ত শিৱক এটা বেলপাত্ৰও আগবঢ়োৱা হয়। যিয়ে শিৱৰ বেদনা হ্ৰাস কৰে। তেতিয়াৰ পৰা, শিৱক পানী-বেলপাত দিয়াৰ প্ৰথা আৰম্ভ হয়। আৰু যিহেতু তেওঁ এই পানী-বেলপাতৰ পৰা সকাহ পাইছিল৷ পাছলৈ তেওঁক পানী আৰু বেলপাতেৰে উপাসনা কৰিলে সহজেই সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ