--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি পূজা মঙলবাৰে, অৰ্থাৎ ১ মাৰ্চত উদযাপন কৰা হ’ব। শিৱক ‘আশুতোষ’ বুলি কোৱা হয়। তেওঁ সোনকালেই সন্তুষ্ট হয়। পানী আৰু বেল পাতত অৰ্পণ কৰিলেই সন্তুষ্ট হয় ভোলেবাবা শিৱ। শিৱক কিয় সামান্য পানী আৰু বেল পাতে মুগ্ধ কৰে? পৌৰাণিক কাহিনীত ইয়াৰ এটা আভাস আছে। শিৱ পূৰাণৰ মতে, সাগৰ মন্থনৰ সময়ত কলকুট নামৰ এটা বিষাক্ত পদাৰ্থ সাগৰৰ শয্যাৰ পৰা ওলাই আহিছিল। ফলস্বৰূপে, সকলো দেৱতা আৰু অসুৰ বিচলিত হ’বলৈ ধৰিছিল। তেতিয়া বিশ্বব্ৰহ্মাণ্ড তচনচ হৈ পৰিছিল৷ বিশৃংখলতাই দেখা দিছিল সমগ্ৰ ধৰা। দেৱতা আৰু অসুৰসকলে বিশ্বব্ৰহ্মাণ্ডৰ সুৰক্ষাৰ বাবে শিৱক একেলগে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এনে সময়তে দেৱাদিদেৱ শিৱ প্ৰকট হৈ বিহ পান কৰিলে। যাৰ ফলত চিন্তিত হৈ পৰিছিল শিৱৰ সহধৰ্মিণী পাৰ্ৱতী; আৰু বিহখিনি ডিঙিৰ পৰা তললৈ নাযাবলৈ ডিঙিটো হাতেৰে ধৰি ৰাখিছিল৷ যাৰ ফলত ডিঙিতেই থাকি যায় মাৰাত্মক বিহ৷ আৰু শিৱৰ ডিঙি নীলা হৈ পৰিছিল। কোৱা হয় যে, বিহ জ্বলাৰ বাবে শিৱৰ শৰীৰ অত্যন্ত অস্বস্তিকৰ হৈ পৰিছিল। এনে পৰিস্থিতিত দেৱতাসকলে শিৱক পানীদিবলৈ আৰম্ভ কৰিলে। সেই সময়ত শিৱক এটা বেলপাত্ৰও আগবঢ়োৱা হয়। যিয়ে শিৱৰ বেদনা হ্ৰাস কৰে। তেতিয়াৰ পৰা, শিৱক পানী-বেলপাত দিয়াৰ প্ৰথা আৰম্ভ হয়। আৰু যিহেতু তেওঁ এই পানী-বেলপাতৰ পৰা সকাহ পাইছিল৷ পাছলৈ তেওঁক পানী আৰু বেলপাতেৰে উপাসনা কৰিলে সহজেই সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ