--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল'ৰ দৰে চিৰসেউজ গীত গাই মানুহৰ হৃদয়ত সুকীয়া ঘৰ সজা কণ্ঠশিল্পী কেকেই চিৰদিনৰ বাবে এই পৃথিৱীখন এৰি অজানা দেশলৈ গুচি গ’ল। ৩১ মে’ৰ নিশা কলকাতাত অনুষ্ঠিত এক মিউজিক কনচাৰ্টত কেকেৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁৰ মৃত্যু হয়। কেকেৰ আকস্মিক মৃত্যুক এতিয়াও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে। আজি অৰ্থাৎ ২ জুনত মুম্বাইত কেকেৰ অন্তিম সংস্কাৰ সাধন হয়। পঞ্চভূতত বিলীন হ’ল সকলোৰে মৰমৰ কেকে। পাৰ্থিৱ জগতৰ পৰা কেকেক আজি শেষ বিদায় জনালে অনুৰাগীসকলে। 



কেকে শাৰীৰিকভাৱে হে আমাৰ মাজত নাই কিন্তু তেওঁৰ গীতৰ জৰিয়তে সদায় আমাৰ হৃদয়ত জীয়াই থাকিব বুলি অনুভৱ কৰিছে প্ৰতিজন সংগীতপ্ৰেমীয়ে। মুম্বাইৰ ভাৰ্চোভা শ্মশানত জ্বলি উঠে কেকেৰ চিতাৰ জুই। মুখাগ্নি কৰে পুত্ৰ নকুল কৃষ্ণ কুন্নাথে। বুজাব নোৱাৰা এবুকু দুখ আৰু সেমেকা চকুৰে সকলোৱে শেষ বিদায় জনায় প্ৰিয় শিল্পীগৰাকীক। কণ্ঠশিল্পীগৰাকীৰ শেষ যাত্ৰাত উপস্থিত থাকে উদিত নাৰায়ণ,হৰিহৰণ, ৰাহুল বৈদ্য, তোশী ছাবৰি, জাবেদ আলী,অভিজিৎ ভট্টাচাৰ্য, চেলিম মাৰ্চেণ্ট আদি। কেকেৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে তামাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শেষৰটো গ্লিম্পছ পোষ্ট শ্বেয়াৰ কৰি কেপচনত লিখিছিল "লাভ ইউ ফৰ এভাৰ ডেড"।



উল্লেখ্য যে ৫৩ বছৰত জীৱন নাট সামৰা কেকেয়ে হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলাকে ধৰি কেইবাটাও ভাষাত গীত গাই গৈছে। অসমীয়াতো গান গাইছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। প্ৰতিজন অসমীয়াই এতিয়াও ভালপায় কেকেই গোৱা 'কাজল তুমি নুবুজানে' শীৰ্ষক অসমীয়া গীতটি। 'কাইটছ' ছবিৰ 'জিন্দেগী দ’ পল কী', 'ওম শান্তি ওম'ৰ 'আঁখো মে তেৰি', 'বাচনা এ হাছিনোৰ' 'খুদা জানে', 'হাম দিল দে চুকে চনম'ৰ 'তাড়প তাড়প', 'জন্নত'ৰ 'জাৰা চা', 'ৱহ লমহে'ৰ 'ক্যা মুঝে প্যাৰ হে' আদি অসংখ্য মনপৰশা গীতেৰে কেকে আজীৱন চিৰস্মৰণীয় হৈ থাকিব প্ৰতিজন গান ভালপোৱা মানুহৰ হৃদয়ত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ