--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজনৈতিক ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই চিনেমা উপভোগ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে পৰিয়ালৰ সৈতে ছবিখন চাবলৈ আহিছিল। ছবিখন চাই তেওঁ উল্লাসিত হৈ অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকৰ উচ্চা প্ৰশংসা কৰে। তেওঁ কয়, "এজন ইতিহাসৰ ছাত্ৰ হিচাপে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক চিত্ৰিত কৰা এই ছবিখন চাই মই কেৱল ভালপোৱাই নহয়, ভাৰতীয়সকলৰ বাবে ইয়াৰ গুৰুত্বও বুজি পালোঁ।" 

শ্বাহে লগতে জনায় যে তেওঁ ১৩ বছৰৰ পাছত পৰিয়ালৰ সৈতে চিনেমা হলত চিনেমা উপভোগ কৰিলে। অমিত শ্বাহে কয় যে, "প্ৰায় ১৩ বছৰৰ ব্যৱধানৰ পিছত মই মোৰ পৰিয়ালৰ সৈতে এখন ছবি চাইছো। আমাৰ পৰিয়ালৰ বাবে এই দিনটো এটা অতি বিশেষ দিন আছিল কাৰণ আমি হলৰ শেষ শাৰীত বহি অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকসকলৰ সৈতে চিনেমাখন উপভোগ কৰিলো।" 

উল্লেখযোগ্য যে ৩ জুনত ছবিগৃহত মুক্তি পাব এই ছবিখনে। প্ৰথমবাৰৰ বাবে ২০১৭ বৰ্ষৰ মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰক অক্ষয় কুমাৰৰ সৈতে এই ছবিখনত দেখা যাব। এইখন মানুষীৰ প্ৰথম চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে। অমিত শ্বাহে কয় যে "এই ছবিখনে ভাৰতীয় সংস্কৃতি আৰু নাৰী সবলীকৰণক প্ৰকৃত অৰ্থত প্ৰতিফলিত কৰিছে। ছবিখনে মধ্যযুগীয় যুগত নাৰীৰ ৰাজনৈতিক ক্ষমতা আৰু পছন্দৰ স্বাধীনতাক দৃঢ়ভাৱে প্ৰদৰ্শন কৰিছে। ‘সম্ৰাট পৃথ্বীৰাজ’ কেৱল আমাৰ মাতৃভূমিৰ বাবে সাহসেৰে যুঁজ দিয়া এজন অনন্য যোদ্ধাৰ কাহিনীয়েই নহয়, ই আমাৰ সংস্কৃতিৰ মহানতাও প্ৰতিফলিত কৰিছে।" 



ইয়াৰ লগতে ছবিখনৰ উৎকৃষ্ট কামৰ বাবে তেওঁ ছবিখনৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা ছবিখনৰ প্ৰশংসা শুনি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ মুখ্য অভিনেতা অক্ষয় কুমাৰে টুইট কৰি ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে ছবিখনৰ এটা সংলাপৰ আশ্ৰয় লৈ অমিত শ্বাহে পত্নী সোণাল শ্বাহক কৈছিল ‘চালো হুকুম’, যি কথাই তাত উপস্থিত থকা সকলোকে বৰকৈ আমোদ দিছিল। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি