--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজনৈতিক ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই চিনেমা উপভোগ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ‘সম্ৰাট পৃথ্বীৰাজ’ ছবিখনৰ বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। অমিত শ্বাহে পৰিয়ালৰ সৈতে ছবিখন চাবলৈ আহিছিল। ছবিখন চাই তেওঁ উল্লাসিত হৈ অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকৰ উচ্চা প্ৰশংসা কৰে। তেওঁ কয়, "এজন ইতিহাসৰ ছাত্ৰ হিচাপে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক চিত্ৰিত কৰা এই ছবিখন চাই মই কেৱল ভালপোৱাই নহয়, ভাৰতীয়সকলৰ বাবে ইয়াৰ গুৰুত্বও বুজি পালোঁ।" 

শ্বাহে লগতে জনায় যে তেওঁ ১৩ বছৰৰ পাছত পৰিয়ালৰ সৈতে চিনেমা হলত চিনেমা উপভোগ কৰিলে। অমিত শ্বাহে কয় যে, "প্ৰায় ১৩ বছৰৰ ব্যৱধানৰ পিছত মই মোৰ পৰিয়ালৰ সৈতে এখন ছবি চাইছো। আমাৰ পৰিয়ালৰ বাবে এই দিনটো এটা অতি বিশেষ দিন আছিল কাৰণ আমি হলৰ শেষ শাৰীত বহি অভিনেতা-অভিনেত্ৰী আৰু প্ৰযোজকসকলৰ সৈতে চিনেমাখন উপভোগ কৰিলো।" 

উল্লেখযোগ্য যে ৩ জুনত ছবিগৃহত মুক্তি পাব এই ছবিখনে। প্ৰথমবাৰৰ বাবে ২০১৭ বৰ্ষৰ মিছ ৱৰ্ল্ড মানুষী ছিল্লাৰক অক্ষয় কুমাৰৰ সৈতে এই ছবিখনত দেখা যাব। এইখন মানুষীৰ প্ৰথম চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে। অমিত শ্বাহে কয় যে "এই ছবিখনে ভাৰতীয় সংস্কৃতি আৰু নাৰী সবলীকৰণক প্ৰকৃত অৰ্থত প্ৰতিফলিত কৰিছে। ছবিখনে মধ্যযুগীয় যুগত নাৰীৰ ৰাজনৈতিক ক্ষমতা আৰু পছন্দৰ স্বাধীনতাক দৃঢ়ভাৱে প্ৰদৰ্শন কৰিছে। ‘সম্ৰাট পৃথ্বীৰাজ’ কেৱল আমাৰ মাতৃভূমিৰ বাবে সাহসেৰে যুঁজ দিয়া এজন অনন্য যোদ্ধাৰ কাহিনীয়েই নহয়, ই আমাৰ সংস্কৃতিৰ মহানতাও প্ৰতিফলিত কৰিছে।" 

ইয়াৰ লগতে ছবিখনৰ উৎকৃষ্ট কামৰ বাবে তেওঁ ছবিখনৰ সমগ্ৰ দলটোক অভিনন্দন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা ছবিখনৰ প্ৰশংসা শুনি ‘সম্ৰাট পৃথ্বীৰাজ’ৰ মুখ্য অভিনেতা অক্ষয় কুমাৰে টুইট কৰি ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে ছবিখনৰ এটা সংলাপৰ আশ্ৰয় লৈ অমিত শ্বাহে পত্নী সোণাল শ্বাহক কৈছিল ‘চালো হুকুম’, যি কথাই তাত উপস্থিত থকা সকলোকে বৰকৈ আমোদ দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ