ডিজিটেল ডেস্ক: দিল্লী আৰু অসম৷ একেখন দেশতে শিক্ষাৰ দুখন পৃথিৱী৷ এফালে চৰকাৰী শিক্ষাখণ্ডৰ জয়জয়কাৰ ৰূপ, আনফালে চৰকাৰী শিক্ষাখণ্ডই গণিছে মৃত্যুৰ ক্ষণ৷ দিল্লীত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত চৰকাৰী শিক্ষাব্যৱস্থাই নতুন দিগন্তৰ সূচনা কৰিছে৷ আনফালে, অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেন ব্যৰ্থ হৈছে অসমৰ চৰকাৰী শিক্ষাব্যৱস্থাক পুনৰুজ্জীৱিত কৰাত৷ আনহে নালাগে, চৰকাৰী উদ্যোগতে অসমৰ চৰকাৰী শিক্ষাখণ্ডলৈ নমাই অনা হৈছে অনিশ্চয়তা৷
অসম চৰকাৰৰ কেবিনেটে কালি অসমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজীত পাঠদান হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ৰাজ্যত ইংৰাজী মাধ্যমক প্ৰাধান্য দি প্ৰতিখন জিলাতে ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিবলৈও চৰকাৰে সিদ্ধান্ত লয়৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়৷ চিন্তাবিদ ড° হীৰেন গোহাঁয়েও চৰকাৰৰ এই সিদ্ধান্তই অসমীয়া ভাষাৰ বিলুপ্তিত সহায়ক হ’ব বুলি মন্তব্য কৰে৷ চৰকাৰৰ কেবিনেট সিদ্ধান্তই অসমীয়া ভাষাৰ মৃত্যুঘণ্টা বজাব বুলিও সতৰ্ক কৰি দিয়ে বিশিষ্ট চিন্তাবিদগৰাকীয়ে৷
যিটো দিনত আজি অসমত ভাষা ৰক্ষাৰ বাবে চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে, সেইৈ দিনটোতে দিল্লীত চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হৈছে সুখ উৎসৱ৷ আজি দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত সুখ উৎসৱ কাৰ্যসূচীৰ অন্তিম দিন আছিল।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজিৰ দিনটোত উপস্থিত আছিল। কাৰ্যসূচীৰ শেষত অৰবিন্দ কেজৰিৱালে কৈছিল যে সন্ধিয়া মই সভা শেষ হোৱাৰ পিছত অভিভাৱকৰ সৈতে আধা ঘণ্টা কটাবলৈ চেষ্টা কৰোঁ।
এই কাৰ্যসূচীৰ সময়ত তেওঁ কয় যে সুখৰ শ্ৰেণী চলোৱাৰ সময়ত ৪ বছৰ সম্পূৰ্ণ হৈছে। প্ৰথমতে, যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বেয়া আছিল। প্ৰথমে আন্তঃগাঁথনি ঠিক কৰা হৈছিল। সুৰক্ষা স্থিৰ কৰা হৈছে, খোৱা পানী প্ৰদান কৰা হৈছে। আমি শিক্ষাৰ বাবে ৯০ হাজাৰ কোটি টকা খৰচ কৰিছোঁ৷ এইটো এটা ব্যয় নহয়, ই এক বিনিয়োগ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিগত বৰ্ষত দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯৯.৭ শতাংশ৷ যিটো আজিলৈকে ইতিহাস।
অৰবিন্দ কেজৰিৱালে কয় যে, শিশুসকলে তিনিটা বস্তুৰ বাবে সাজু থাকিব লাগিব। প্ৰথমতে, তেওঁলোকক এজন ভাল মানুহ হিচাপে গঢ়ি তুলিব লাগিব। দ্বিতীয়তে, তেওঁ এজন দেশপ্ৰেমী হ’ব লাগে আৰু তৃতীয়তে শিক্ষাহৰণৰ পাছত তেওঁ নিজকে খুৱাবলৈ সক্ষম হ’ব লাগে। এই তিনিটা কথা মনত ৰাখি, সুখশ্ৰেণীৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা হৈছিল। তেওঁ কৈছিল যে যদি শিশুটো ভিতৰৰ পৰাই সুখী হয়, নিঃসন্দেহে তেওঁ এজন ভাল ব্যক্তিও হ’ব।
ইয়াৰ পৰাই এটা কথা প্ৰতীয়মান হয় যে অসম আৰু দিল্লীত চৰকাৰী শিক্ষা ব্যৱস্থাত আছে বৃহৎ তফাৎ৷ এইক্ষেত্ৰত চৰকাৰ দুখনৰো ভূমিকাৰ বিষয়েও উল্লেখ কৰিব পাৰি৷ দিল্লীত অৰবিন্দ কেজৰিৱালে যিধৰণে চৰকাৰী শিক্ষাখণ্ডক গুৰুত্ব আৰোপ কৰিছে, তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখা যায় অসমত৷
অসমত চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা ইমানেই নিম্নগামী, যাৰবাবে আজিও কোনো মন্ত্ৰী-বিধায়কে নিজ সন্তানক চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰোৱাবলৈ সাহস নকৰে৷ কেৱল নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবেহে যেন অসমৰ চৰকাৰী শিক্ষাব্যৱস্থা৷ সেই ঐতিহ্যবাহী ব্যৱস্থাই এতিয়া চৰকাৰী গুৰুত্বহীনতা আৰু কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বাবেই মৃত্যুৰ ক্ষণ গণা পৰিলক্ষিত হৈছে৷