--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অর্পিতা মুখোপাধ্যায়ৰ হৰিদেবপুৰ আৰু  বেলঘৰিয়াৰ ফ্লেটৰপৰা বিপুল পৰিমাণৰ ধন উদ্ধাৰ কৰিছে এনফোর্সমেন্ট ডিৰেক্টৰেটে। উদ্ধাৰ হোৱা ধনৰ সমান্তৰালভাৱে  অৰ্পিতা মুখপাধ্যায়ৰ নামত থকা  সম্পত্তিৰ বিষয়েও অনুসন্ধান চলাই থকা হৈছে৷ 

অনুসন্ধানৰ তথ্য মতে , অর্পিতা মুখপাধ্যায়ে তিনিটা  সংস্থা চলাই আছে। সূত্ৰ অনুসৰি , সেই সংস্থাকেইটাৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে  কল্যাণ ধৰ নামৰ একগৰাকী ব্যক্তিয়ে। কামাৰহাটি পুৌৰসভাৰ ২৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা কল্যাণ ধৰ।  কল্যাণ ধৰে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে  তেওঁ অর্পিতাৰ গাড়ী চালক আছিল৷কিছুবছৰ পূৰ্বে এই গাড়ীচালকজনৰ পত্নীয়ে শিক্ষা দপ্তৰৰ চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছিল৷  

 এনে মন্তব্যৰ পিছতেই , কল্যাণৰ পত্নীৰ শিক্ষা বিভাগত চাকৰি কৰাৰ বাবে কিমান শিক্ষাগত যোগ্যতা আছে তাকে লৈ সমালোচনাৰ সৃষ্টি হৈছে৷  

অঞ্চলবাসীৰ মতে , মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে হে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল কল্যাণ ধৰৰ পত্নীয়ে৷কিন্তু চাকৰিত যোগদানৰ বাবে জমা দিছিল দ্বাদশ উৰ্ত্তীণৰ প্ৰমাণপত্ৰ৷সেই প্ৰমাণপত্ৰ অনুসৰিয়েই চাকৰি লাভ কৰিছিল কল্যাণ ধৰৰ পত্নীয়ে। চাকৰি লাভৰ পূৰ্বে কল্যাণ ধৰৰ পত্নীয়েও পৰিচাৰিকাৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে৷ 

অৰ্পিতা মুখপাধ্যায়ৰ তিনিটা সংস্থাৰ পৰিচালক আছিল কল্যাণ ধৰ৷ আচৰ্য্যজনকভাৱে, কল্যাণ ধৰে দাবি কৰিছে যে তেওঁৰ অজ্ঞাতেই নথি-পত্ৰ সমূহত পৰিচালক হিচাপে তেওঁৰ নাম ব্যৱহাৰ কৰা হৈছে৷ নথি-পত্ৰ অনুসৰি অৰ্পিতাৰ সংস্থাসমূহৰ পঞ্চাছ শতাংশত কল্যাণ ধৰৰ নাম মালিক হিচাপে উল্লেখ কৰা হৈছে৷ দীৰ্ঘ দিন ধৰি অৰ্পিতাৰ গাড়ী চলাইছিল কল্যাণে৷অৰ্পিতাৰ বেলঘৰিয়াৰ ফ্লেটলৈয়ো গৈছিল কল্যাণ৷ আনহাতে পত্নীৰ চাকৰিৰ বিষয়ে সাংবাদিকৰ ওচৰত মুখ খোলাৰ পৰা আঁতৰি থাকে কল্যাণ ধৰ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি দুৱাৰ বন্ধ কৰি দিয়ে কল্যাণ ধৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ