--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অর্পিতা মুখোপাধ্যায়ৰ হৰিদেবপুৰ আৰু  বেলঘৰিয়াৰ ফ্লেটৰপৰা বিপুল পৰিমাণৰ ধন উদ্ধাৰ কৰিছে এনফোর্সমেন্ট ডিৰেক্টৰেটে। উদ্ধাৰ হোৱা ধনৰ সমান্তৰালভাৱে  অৰ্পিতা মুখপাধ্যায়ৰ নামত থকা  সম্পত্তিৰ বিষয়েও অনুসন্ধান চলাই থকা হৈছে৷ 

অনুসন্ধানৰ তথ্য মতে , অর্পিতা মুখপাধ্যায়ে তিনিটা  সংস্থা চলাই আছে। সূত্ৰ অনুসৰি , সেই সংস্থাকেইটাৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে  কল্যাণ ধৰ নামৰ একগৰাকী ব্যক্তিয়ে। কামাৰহাটি পুৌৰসভাৰ ২৬ নম্বৰ ৱাৰ্ডৰ বাসিন্দা কল্যাণ ধৰ।  কল্যাণ ধৰে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে  তেওঁ অর্পিতাৰ গাড়ী চালক আছিল৷কিছুবছৰ পূৰ্বে এই গাড়ীচালকজনৰ পত্নীয়ে শিক্ষা দপ্তৰৰ চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰিছিল৷  

 এনে মন্তব্যৰ পিছতেই , কল্যাণৰ পত্নীৰ শিক্ষা বিভাগত চাকৰি কৰাৰ বাবে কিমান শিক্ষাগত যোগ্যতা আছে তাকে লৈ সমালোচনাৰ সৃষ্টি হৈছে৷  

অঞ্চলবাসীৰ মতে , মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে হে আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল কল্যাণ ধৰৰ পত্নীয়ে৷কিন্তু চাকৰিত যোগদানৰ বাবে জমা দিছিল দ্বাদশ উৰ্ত্তীণৰ প্ৰমাণপত্ৰ৷সেই প্ৰমাণপত্ৰ অনুসৰিয়েই চাকৰি লাভ কৰিছিল কল্যাণ ধৰৰ পত্নীয়ে। চাকৰি লাভৰ পূৰ্বে কল্যাণ ধৰৰ পত্নীয়েও পৰিচাৰিকাৰ কাম কৰিছিল বুলি জানিব পৰা গৈছে৷ 

অৰ্পিতা মুখপাধ্যায়ৰ তিনিটা সংস্থাৰ পৰিচালক আছিল কল্যাণ ধৰ৷ আচৰ্য্যজনকভাৱে, কল্যাণ ধৰে দাবি কৰিছে যে তেওঁৰ অজ্ঞাতেই নথি-পত্ৰ সমূহত পৰিচালক হিচাপে তেওঁৰ নাম ব্যৱহাৰ কৰা হৈছে৷ নথি-পত্ৰ অনুসৰি অৰ্পিতাৰ সংস্থাসমূহৰ পঞ্চাছ শতাংশত কল্যাণ ধৰৰ নাম মালিক হিচাপে উল্লেখ কৰা হৈছে৷ দীৰ্ঘ দিন ধৰি অৰ্পিতাৰ গাড়ী চলাইছিল কল্যাণে৷অৰ্পিতাৰ বেলঘৰিয়াৰ ফ্লেটলৈয়ো গৈছিল কল্যাণ৷ আনহাতে পত্নীৰ চাকৰিৰ বিষয়ে সাংবাদিকৰ ওচৰত মুখ খোলাৰ পৰা আঁতৰি থাকে কল্যাণ ধৰ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি দুৱাৰ বন্ধ কৰি দিয়ে কল্যাণ ধৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক