ডিজিটেল ডেস্কঃ এই পৃথিৱীত যে কি কি নঘটে! এজন ১৯ বছৰীয়া যুৱকে বিদেশত কাম কৰিবলৈ গৈছিল। যেতিয়া বিদেশৰ পৰা ঘৰলৈ ঘূৰি আহে, তেতিয়া এক ৰোমাঞ্চকৰ পৰিঘটনা ঘটিল। বিদেশৰ পৰা যুৱকজন ঘূৰি আহিল এটা বাকচৰ ভিতৰত সোমাই। ষাঠিৰ দশকত ঘটা এই ঘটনাক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। কিন্তু আচলতে কি ঘটিছিল?
১৯৬৫ চন। সেই বছৰতে যুৱকজনে কৰ্মভূমি অষ্ট্ৰেলিয়াৰ পৰা নিজৰ জন্মভূমি ৱেলছলৈ উভটনি যাত্ৰা কৰিবলৈ ধৰিলে। আজৱ উপায় অৱলম্বন কৰি তেওঁ এই যাত্ৰা কৰিলে। সকলোৰে চকুৰ পৰা নিজকে আঁতৰাই এটা বাকচৰ ভিতৰত সোমাই বিমানেৰে নিজৰ দেশলৈ উভতি আহে।
যুৱকজনৰ নাম ব্রায়ান ৰবছন৷ তেতিয়া ৰবছনৰ বয়স আছিল ১৯ বছৰ। তেওঁ ৱেলছত বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল। ৰবছনে ভিক্টোৰিয়ান ৰেলৱেৰ চাকৰিৰ বাবে আবেদন কৰিছিল। ভিক্টোৰিয়ান ৰেলৱেই অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত ৰেল সেৱাৰ সৈতে জড়িত আছিল। ৰবছনে তাতে চাকৰিটো পাইছিল। নতুন চাকৰিৰ সপোন লৈ তেওঁ ৱেলছৰ পৰা অষ্ট্ৰেলিয়ালৈ গ’ল। তেওঁৰ নতুন জীৱনৰ আৰম্ভণি হয় অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত।
কিন্তু ভবাৰ দৰে নহ’ল! অষ্ট্ৰেলিয়াত অৱতৰণ কৰাৰ পিছতে নতুন চাকৰিটোক লৈ ৰবছনৰ মনে শান্তি নাপালে। তেওঁক থাকিবলৈ দিয়া হোষ্টেলখনৰ অৱস্থা দুখজনক। হোষ্টেলৰ চাৰিওফালে নিগনিৰ ৰাজত্ব। এই পৰিস্থিতি দেখি ৰবছনে অষ্ট্ৰেলিয়াত থকাৰ সিদ্ধান্ত সলনি কৰিলে। কামটো নকৰি নিজৰ দেশলৈ উভটিবলৈ সিদ্ধান্ত ল’লে।
কিন্তু অষ্ট্ৰেলিয়াৰ পৰা তৎক্ষণাত উভতি আহিব নোৱাৰিলে তেওঁ। কাৰণ ঘৰলৈ উভতি যাবলৈ হাতত পইচা নাছিল। ৬-৭ মাহ ৰেলৱে’ত নতুন চাকৰিটো কৰি গৈছিল। কিন্তু একেবাৰেই সুখী নাছিল। সদায় ভাবিছিল ঘৰলৈ কেনেকৈ উভতি যাবলৈ পাব?
অৱশেষত চাকৰি এৰিলে ৰবছনে। তেওঁৰ বাবে আবণ্টিত হোষ্টেলৰ পৰাও ওলাই গ’ল। ইয়াৰ পিছত তেওঁ মেলব’ৰ্ণলৈ যায়। তাত কাগজৰ কাৰখানা এটাত যোগদান কৰিলে।
অৱশ্যে তেওঁৰ মনটো অষ্ট্ৰেলিয়াত স্থায়ী নহ’ল। মেলবৰ্ণৰ কাগজ কলত কাম কৰাৰ পিছত তেওঁ ঘৰলৈ উভতি যাবলৈ উদ্যত হৈ পৰিল। কিন্তু দেশলৈ উভটিবলৈ হাতত টকা নাই। কেনেকৈ ঘৰৰ মুখ দেখিব তেওঁ? এই লৈ ৰবছন হতাশ হৈ পৰিল।
তাৰমাজতে তেওঁ পুনৰ আগৰ ৰে’লৱে’ৰ চাকৰি কৰি থকাৰ সময়ৰ হোষ্টেললৈ গ’ল। উদ্দেশ্য আছিল- হোষ্টেলখন ভালদৰে মেৰামতি কৰা হৈছে নেকি তাক চোৱা। তাতে তেওঁ জন আৰু প’ল নামৰ দুজন যুৱকৰ লগত কথা পাতে। ৰবছনে জন আৰু পলৰ লগত সোনকালে বন্ধুত্ব গঢ়ি তুলিলে। ৰবছনে ঘৰলৈ উভতি যোৱাৰ ইচ্ছাৰ কথা দুজন বন্ধুক ক’লে।
তেওঁলোকে এখন প্ৰদৰ্শনীলৈ গৈছিল। ব্ৰিটিছ কুৰিয়াৰ চাৰ্ভিচ কোম্পানী এটাৰ ষ্টল আছিল। ৰবছনে তাতে ধেমালিৰ সুৰত বন্ধু দুজনক ক’লে যে তেওঁকো কুৰিয়াৰেৰে দেশলৈ পঠিয়াব লাগে। গোটেই কথাটো ধেমেলীয়া আছিল। ইয়াৰ পিছত নিজকে কুৰিয়াৰ কৰি পঠোৱাৰ পৰিকল্পনা ৰবছনৰ মূৰত খেলালে।
পিছদিনা ৰবছনে মেলবৰ্ণৰ এটা অষ্ট্ৰেলিয়ান বিমান সংস্থাৰ কাৰ্যালয়লৈ গৈ কুৰিয়াৰৰ বাকচটো বিদেশলৈ পঠিয়াবলৈ কি কৰিব লাগে সেই বিষয়ে জানিবলৈ গ’ল। বাকচটো কিমান ডাঙৰ হ’ব, কি কি নিয়ম জানি ল’লে।
সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত ৰবছনে হোষ্টেললৈ উভটি আহে। বন্ধু জন আৰু পলক কয় যে তেওঁৰ ঘৰলৈ উভতি যোৱাৰ এটা উপায় আছে। সেইমতেই কাম কৰা যাওক।
ৰবছনে ৩০ ইঞ্চি দীঘল, ২৬ ইঞ্চি বহল আৰু ৩৮ ইঞ্চি বহল এটা বাকচ কিনে। তেওঁৰ বন্ধু দুজনে ৰবছনক সেই বাকচটোৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত পৰিকল্পনা অনুসৰি সেই বাকচটো এখন বিমানেৰ টিকট কাটি লণ্ডনলৈ পঠিয়াই দিয়া হয়। ৰবছনৰ সৈতে বাকচটোত হাতুৰী, ছুটকেছ, আঠুৱা, পানী, টৰ্চ, খালী বটল আছিল।
পৰিকল্পনা সফল হ’ল। প্ৰায় এমাহ ধৰি ৰবচনক বাকচত সোমোৱাৰ চৰ্চাৰ অন্ত এই কাম কৰা হ’ল। ৰবছনক বহু সময় ধৰি বাকচটোত ভৰাই কিবা অসুবিধা হৈছে নেকি সেয়া বন্ধু দুজনে লক্ষ্য কৰিছিল।
এইদৰেই ৰবছনে এটা বাকচত বন্দী হৈ ঘৰলৈ উভটে। কিন্তু এই যাত্ৰা তেওঁৰ বাবে একেবাৰেই সুখৰ নাছিল। বৰঞ্চ মুখামুখি হৈছিল আহুকালৰ।
বিমানখনে প্ৰথমে মেলবৰ্ণৰ পৰা ছিডনীলৈ উৰা মাৰিছিল। প্ৰায় ৯০ মিনিট সময় লাগিছিল। ইয়াৰ পিছত বাকচটো লণ্ডনলৈ যোৱা এখন বিমানৰ দ্বাৰা পঠোৱাৰ কথা আছিল। কিন্তু সেই বিমানখনত ঠাই নথকাৰ বাবে লছ এঞ্জেলছলৈ যোৱা এখন বিমানত বাকচটো তুলি দিয়া হ’ল। তাৰ পিছত লণ্ডনৰ পৰিৱৰ্তে ৰবছনে বাকছৰ সৈতে লছ এঞ্জেলছলৈ উৰা মাৰে।
এনেদৰে ৰবছনে একেৰাহে প্ৰায় ৫ দিন বাকচত বন্দী হৈ আছিল। কেৱল সেয়াই নহয়, বাকচটো কেতিয়াবা বিমান পৰিচাৰিকাই পেলাই দিয়ে, আৰু কেতিয়াবা বাকচটোক লৈ টনা আঁজোাৰা চলে। মুঠতে ৰবছনে বাকচত বন্দী অৱস্থাত দুৰ্বিষহ দুৰ্বিসহ পৰিস্থিতিৰ মুখামুখি হৈছিল।
ঘৰৰ মাটিত ভৰি দিয়ে এটা প্ৰেছ বিজ্ঞপ্তিযোগে ৰবছনে এই ভয়ংকৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। কয় যে তেওঁ বাকচৰ ভিতৰত অত্যন্ত কষ্টেৰে উশাহ ল’বলগা হৈছিল। বহুত কষ্ট সহ্য কৰিব লগা হৈছিল। মৃত্যুৰ কথাও মনলৈ আহিছিল।
বিমানখন লছ এঞ্জেলছত অৱতৰণ কৰাৰ লগে লগে বাকচটোৰ ওপৰত ২ জন বিমানবন্দৰৰ কৰ্মীৰ চকু পৰে। সেই সময়ত বাকচটোৰ তলৰ পৰা এটা তৰ্চলাইট সৰি পৰে। ২ জন শ্ৰমিকে বাকচটো লক্ষ্য কৰিব ধৰিলে। বাকচটো পৰীক্ষা কৰাৰ সময়ত ভিতৰৰ পৰা শব্দ শুনা গ’ল। কৰ্মীসকলে উপলব্ধি কৰে যে কিবা এটা সন্দেহজনক বস্তু ভিতৰত আছে। লগে লগে তেওঁলোকে বাকচটো খোলে।
বাকচটো খুলিয়েই তেওঁলোক স্তম্ভিত হৈ পৰিল। দেখে যে এজন মানুহ সোমাই আছে। বিমানবন্দৰৰ কৰ্মচাৰীসকলে ভাবিছিল যে সেইটো এটা মৃতদেহ। কুৰিয়াৰ বাকচৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা বুলি চিঞৰ-বাখৰো কৰে।
কিন্তু তাৰপাছতে বিমানবন্দৰৰ কৰ্মচাৰীয়ে ৰবছন জীয়াই থকা বুলি জানিব পাৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ৬ দিনধৰি চিকিৎসা কৰা হয়। ইয়াৰ পিছত ৰবছনক লছ এঞ্জেলছৰ পৰা লণ্ডনলৈ ঘূৰাই অনা হয়। ১৯৬৫ চনৰ ১৮ মে’ত লণ্ডন বিমানবন্দৰত অৱতৰণ কৰে।
এইদৰেই ৰবছন ঘৰলৈ উভতি আহিল। তেওঁৰ ভাষাত "মোক সুস্থ শৰীৰে পাই পৰিয়ালটোৱে সকাহ লাভ কৰে। কিন্তু মই যিদৰে ৰিস্ক লৈ উভতি আহিলোঁ, তেওঁলোক সকলোৱে স্তম্ভিত হৈ পৰিল।’’