--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ টেক্সাছত ছটাকৈ গৰু একেলগে ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰিছে। চহৰৰ বিভিন্ন প্ৰান্তত গৰুবিলাকৰ মৃতদেহ দেখিবলৈ পোৱা গৈছে। প্ৰতিটো গৰুৰ জিভা কোনোবাই ফালি পেলাইছে। চকুও কাটি পেলোৱা হৈছে। কিন্তু  গৰুবোৰৰ শৰীৰৰ পৰা কোনো ৰক্তক্ষৰণ হোৱা দেখা পোৱা নাই। সেইবাবেই সৃষ্টি হৈছে ৰহস্যৰ।

এইদৰে ছটাকৈ গৰুৰ ৰহস্যজনক মৃত্যু দেখি স্থানীয় প্ৰশাসন স্তম্ভিত হৈ পৰে। টেক্সাছৰ আৰক্ষীয়ে মৃতদেহসমূহ পৰীক্ষা কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা চলাইছে। কোৱা হয় যে মৃত্যুৰ সময়ত কোনো ধৰণৰ মাৰধৰ হোৱাৰ কোনো প্ৰমাণ নাই। গৰুকেইটা চৰি থকা ঠাইৰ ঘাঁহবোৰতো কোনো মাৰধৰ বা যুঁজ বাগৰৰ লক্ষণ দেখা পোৱা নগ’ল। তাত কোনো ভৰিৰ ছাপো পোৱা নগ’ল।

বিশেষজ্ঞসকলে অনুমান কছে যে দক্ষ অস্ত্ৰোপচাৰৰ জৰিয়তে  গৰুৰ জিভা কাটি পেলোৱা হৈছে। সেইবাবেই গৰুকেইটা মৃত্যুমুখত পৰিল। গোটেই প্ৰক্ৰিয়াটোত কোনো বিসংগতি ৰখা হোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৬টা মৃত গৰু বিভিন্ন জাতৰ। তদন্তকাৰীয়ে লগতে জনোৱা মতে, দুটা গৰুৰ ক্ষেত্ৰত পিঠিৰ চাৰিওফালে ছাল কাটি মলদ্বাৰ আৰু যৌনাংগ বাহিৰ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এই গৰুবোৰৰ মৃতদেহ পথৰ ​​দাঁতিত পৰি আছিল। কিন্তু গৰুৰ মৃতদেহবোৰৰ ওচৰলৈ আন কোনো জন্তু বা চৰাই নাহিল। সেই লৈও ৰহস্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈও অনুৰোধ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস