--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ টেক্সাছত ছটাকৈ গৰু একেলগে ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰিছে। চহৰৰ বিভিন্ন প্ৰান্তত গৰুবিলাকৰ মৃতদেহ দেখিবলৈ পোৱা গৈছে। প্ৰতিটো গৰুৰ জিভা কোনোবাই ফালি পেলাইছে। চকুও কাটি পেলোৱা হৈছে। কিন্তু  গৰুবোৰৰ শৰীৰৰ পৰা কোনো ৰক্তক্ষৰণ হোৱা দেখা পোৱা নাই। সেইবাবেই সৃষ্টি হৈছে ৰহস্যৰ।

এইদৰে ছটাকৈ গৰুৰ ৰহস্যজনক মৃত্যু দেখি স্থানীয় প্ৰশাসন স্তম্ভিত হৈ পৰে। টেক্সাছৰ আৰক্ষীয়ে মৃতদেহসমূহ পৰীক্ষা কৰি মৃত্যুৰ কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা চলাইছে। কোৱা হয় যে মৃত্যুৰ সময়ত কোনো ধৰণৰ মাৰধৰ হোৱাৰ কোনো প্ৰমাণ নাই। গৰুকেইটা চৰি থকা ঠাইৰ ঘাঁহবোৰতো কোনো মাৰধৰ বা যুঁজ বাগৰৰ লক্ষণ দেখা পোৱা নগ’ল। তাত কোনো ভৰিৰ ছাপো পোৱা নগ’ল।

বিশেষজ্ঞসকলে অনুমান কছে যে দক্ষ অস্ত্ৰোপচাৰৰ জৰিয়তে  গৰুৰ জিভা কাটি পেলোৱা হৈছে। সেইবাবেই গৰুকেইটা মৃত্যুমুখত পৰিল। গোটেই প্ৰক্ৰিয়াটোত কোনো বিসংগতি ৰখা হোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৬টা মৃত গৰু বিভিন্ন জাতৰ। তদন্তকাৰীয়ে লগতে জনোৱা মতে, দুটা গৰুৰ ক্ষেত্ৰত পিঠিৰ চাৰিওফালে ছাল কাটি মলদ্বাৰ আৰু যৌনাংগ বাহিৰ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এই গৰুবোৰৰ মৃতদেহ পথৰ ​​দাঁতিত পৰি আছিল। কিন্তু গৰুৰ মৃতদেহবোৰৰ ওচৰলৈ আন কোনো জন্তু বা চৰাই নাহিল। সেই লৈও ৰহস্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈও অনুৰোধ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন