--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধবিধ্বস্ত ছুডানত আবদ্ধ ভাৰতীয়ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে ভাৰত চৰকাৰে। ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন কাবেৰী’ শীৰ্ষক উদ্ধাৰ অভিযান৷ 

অপাৰেচন কাবেৰীৰ অন্তৰ্গত দুখনকৈ নৌসেনাৰ বিমান উপস্থিত হৈছেগৈ ছুডানৰ জেদ্দাহত। ইতিমধ্যে, জেদ্দাহত উপস্থিত হৈছে ৫০০ৰো অধিক ভাৰতীয় লোক। লোকসকলক নৌ সেনাৰ বিমানৰ জৰিয়তে লৈ অনা হ’ব ভাৰতলৈ। সম্প্ৰতি দেশখনত আবদ্ধ হৈ আছে ২,৮০০ প্ৰবাসী ভাৰতীয়৷ 

ইতিপূৰ্বে, ফ্ৰান্স আৰু ছৌদি আৰৱ চৰকাৰে উদ্ধাৰ কৰিছিল বহুকেইজন ভাৰতীয়ক। হিংসাজৰ্জৰ দেশখনৰ পৰা ছৌদি আৰৱে দেওবাৰে উদ্ধাৰ কৰে ১৫৭গৰাকী লোকক। এই ১৫৭গৰাকী লোকৰ মাজত আছিলসবহুকেইগৰাকী প্ৰবাসী ভাৰতীয়। ঠিক সেইদৰে ফ্ৰান্সে উদ্ধাৰ কৰা লোকসকলৰ মাজত আছিল কেইবাজনো ভাৰতীয় লোক। ভাৰতৰ ৰাজস্থান, কৰ্ণাটক আদি ৰাজ্যৰ লোকে কৰ্ম সংস্থাপনৰ বাবে গৈছিল ছুডানলৈ। 

উল্লেখ্য যে বিগত প্ৰায় এসপ্তাহজুৰি ভয়ংকৰ গৃহযুদ্ধই কঁপাইছে ছুডান। দেশখনত গৃহযুদ্ধত এই পৰ্যন্ত নিহত হৈছে ৪০০ৰো অধিক লোক। ৰক্তক্ষয়ী গৃহযুঁজত আহত হৈছে ৩ হাজাৰৰো অধিক লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস