--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধবিধ্বস্ত ছুডানত আবদ্ধ ভাৰতীয়ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিলে ভাৰত চৰকাৰে। ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেচন কাবেৰী’ শীৰ্ষক উদ্ধাৰ অভিযান৷ 

অপাৰেচন কাবেৰীৰ অন্তৰ্গত দুখনকৈ নৌসেনাৰ বিমান উপস্থিত হৈছেগৈ ছুডানৰ জেদ্দাহত। ইতিমধ্যে, জেদ্দাহত উপস্থিত হৈছে ৫০০ৰো অধিক ভাৰতীয় লোক। লোকসকলক নৌ সেনাৰ বিমানৰ জৰিয়তে লৈ অনা হ’ব ভাৰতলৈ। সম্প্ৰতি দেশখনত আবদ্ধ হৈ আছে ২,৮০০ প্ৰবাসী ভাৰতীয়৷ 

ইতিপূৰ্বে, ফ্ৰান্স আৰু ছৌদি আৰৱ চৰকাৰে উদ্ধাৰ কৰিছিল বহুকেইজন ভাৰতীয়ক। হিংসাজৰ্জৰ দেশখনৰ পৰা ছৌদি আৰৱে দেওবাৰে উদ্ধাৰ কৰে ১৫৭গৰাকী লোকক। এই ১৫৭গৰাকী লোকৰ মাজত আছিলসবহুকেইগৰাকী প্ৰবাসী ভাৰতীয়। ঠিক সেইদৰে ফ্ৰান্সে উদ্ধাৰ কৰা লোকসকলৰ মাজত আছিল কেইবাজনো ভাৰতীয় লোক। ভাৰতৰ ৰাজস্থান, কৰ্ণাটক আদি ৰাজ্যৰ লোকে কৰ্ম সংস্থাপনৰ বাবে গৈছিল ছুডানলৈ। 

উল্লেখ্য যে বিগত প্ৰায় এসপ্তাহজুৰি ভয়ংকৰ গৃহযুদ্ধই কঁপাইছে ছুডান। দেশখনত গৃহযুদ্ধত এই পৰ্যন্ত নিহত হৈছে ৪০০ৰো অধিক লোক। ৰক্তক্ষয়ী গৃহযুঁজত আহত হৈছে ৩ হাজাৰৰো অধিক লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক