--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত পেঞ্চনাৰসকলক পেঞ্চন পৰিশোধ আদেশ (পিপিঅ') তৰফৰ পৰা দিয়া হয় এক অনন্য নম্বৰ। এই নম্বৰৰ ভিত্তিত পেঞ্চনাৰসকলে অৱসৰৰ পাছত লাভ কৰে পেঞ্চন। যদি অজানিতে এই নম্বৰটো হেৰাই যায়, তেতিয়া বন্ধ হ’ব পাৰে আপোনাৰ পেঞ্চন। এনে পৰিস্থিতিত আপুনি কোনো চিন্তা নকৰি ইপিএফঅ' (EPFO)ৰ এই নম্বৰটো ঘৰত বহিয়েই লাভ কৰিব পাৰে। জানো আহক কেনেদৰে দ্বিতীয়বাৰৰ বাবে লাভ কৰিব পাৰি হেৰুওৱা নম্বৰটো। পিপিঅ' নম্বৰ অতি গুৰুত্বপূৰ্ণ। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (ইপিএফঅ') যিকোনো কোম্পানীৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্যক্তি এজনক পিপিঅ' নম্বৰ প্ৰদান কৰে। ইয়াৰ অবিহনে কৰ্মচাৰীসকলে লাভ নকৰে কোনো পেঞ্চন। সেয়েহে এই নম্বৰ থকাটো অত্যন্ত জৰুৰী। দৰাচলতে কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (ইপিএফঅ')চিনাক্তকৰণৰ বাবে হিতাধিকাৰীসকলক প্ৰদান কৰে পিপিঅ' নম্বৰ। যিকোনো তথ্য লাভ কৰিবৰ বাবেও প্ৰয়োজন হয় এই পিপিঅ’ নম্বৰ। জানো আহক কেনেদৰে পিপিঅ' নম্বৰৰ বাবে কৰিব আবেদন। প্ৰথমে, পিপিঅ' নম্বৰ পুনৰ লাভ কৰিবলৈ কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ ttps://www.epfindia.gov.in/site_en/index.php ৱেবছাইটত লগইন কৰক। দ্বিতীয়তে, ইয়াত 'অনলাইন সেৱা' শাখাত ‘Pensioners Portal’ৰ বিকল্পত ক্লিক কৰক। তৃতীয়তে, আপোনাৰ সন্মুখত এটা নতুন পৃষ্ঠা খুলিব আৰু তাত  'Know Your PPO No'ত ক্লিক কৰক। চতুৰ্থতে, ইয়াত আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ পূৰণ কৰক য'ত আপোনাৰ পেঞ্চন প্ৰতিমাহে লাভ কৰে। আপুনি বিচাৰিলে আপোনাৰ পিএফ নম্বৰ প্ৰৱিষ্ট কৰিও সন্ধান কৰিব পাৰে। পঞ্চমতে, সকলো বিৱৰণ পূৰণ কৰাৰ পাছত ইয়াক দাখিল কৰক। অৱশেষত, আপুনি স্ক্ৰীণত আপোনাৰ পিপিঅ' নম্বৰ দেখিবলৈ পাব। এই বিশেষ ১২টা অংকৰ সংখ্যাটোৱে আপোনাৰ বাবে পিপিঅ’ নম্বৰ। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় পেঞ্চন একাউণ্টিং কাৰ্যালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰা হয়। পেঞ্চনাৰৰ পাছবুকত লিপিবদ্ধ কৰা এই পিপিঅ' নম্বৰৰ সৈতে আপোনাৰ একাউণ্টটো বেংকৰ আন এটা শাখালৈ স্থানান্তৰ কৰাটোও অতি সহজ। ইয়াৰ বাহিৰেও পেঞ্চন সম্পৰ্কীয় যিকোনো ধৰণৰ কাম বা অভিযোগৰ বাবে ইপিএফঅ'ত পিপিঅ' নম্বৰটো প্ৰদান কৰাটো বাধ্যতামূলক। ইয়াৰ বাহিৰেও পেঞ্চনৰ স্থিতি চাবলৈ এই নম্বৰটো লিখাটো অতি গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ