--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত পেঞ্চনাৰসকলক পেঞ্চন পৰিশোধ আদেশ (পিপিঅ') তৰফৰ পৰা দিয়া হয় এক অনন্য নম্বৰ। এই নম্বৰৰ ভিত্তিত পেঞ্চনাৰসকলে অৱসৰৰ পাছত লাভ কৰে পেঞ্চন। যদি অজানিতে এই নম্বৰটো হেৰাই যায়, তেতিয়া বন্ধ হ’ব পাৰে আপোনাৰ পেঞ্চন। এনে পৰিস্থিতিত আপুনি কোনো চিন্তা নকৰি ইপিএফঅ' (EPFO)ৰ এই নম্বৰটো ঘৰত বহিয়েই লাভ কৰিব পাৰে। জানো আহক কেনেদৰে দ্বিতীয়বাৰৰ বাবে লাভ কৰিব পাৰি হেৰুওৱা নম্বৰটো। পিপিঅ' নম্বৰ অতি গুৰুত্বপূৰ্ণ। কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (ইপিএফঅ') যিকোনো কোম্পানীৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্যক্তি এজনক পিপিঅ' নম্বৰ প্ৰদান কৰে। ইয়াৰ অবিহনে কৰ্মচাৰীসকলে লাভ নকৰে কোনো পেঞ্চন। সেয়েহে এই নম্বৰ থকাটো অত্যন্ত জৰুৰী। দৰাচলতে কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা (ইপিএফঅ')চিনাক্তকৰণৰ বাবে হিতাধিকাৰীসকলক প্ৰদান কৰে পিপিঅ' নম্বৰ। যিকোনো তথ্য লাভ কৰিবৰ বাবেও প্ৰয়োজন হয় এই পিপিঅ’ নম্বৰ। জানো আহক কেনেদৰে পিপিঅ' নম্বৰৰ বাবে কৰিব আবেদন। প্ৰথমে, পিপিঅ' নম্বৰ পুনৰ লাভ কৰিবলৈ কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ ttps://www.epfindia.gov.in/site_en/index.php ৱেবছাইটত লগইন কৰক। দ্বিতীয়তে, ইয়াত 'অনলাইন সেৱা' শাখাত ‘Pensioners Portal’ৰ বিকল্পত ক্লিক কৰক। তৃতীয়তে, আপোনাৰ সন্মুখত এটা নতুন পৃষ্ঠা খুলিব আৰু তাত  'Know Your PPO No'ত ক্লিক কৰক। চতুৰ্থতে, ইয়াত আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ পূৰণ কৰক য'ত আপোনাৰ পেঞ্চন প্ৰতিমাহে লাভ কৰে। আপুনি বিচাৰিলে আপোনাৰ পিএফ নম্বৰ প্ৰৱিষ্ট কৰিও সন্ধান কৰিব পাৰে। পঞ্চমতে, সকলো বিৱৰণ পূৰণ কৰাৰ পাছত ইয়াক দাখিল কৰক। অৱশেষত, আপুনি স্ক্ৰীণত আপোনাৰ পিপিঅ' নম্বৰ দেখিবলৈ পাব। এই বিশেষ ১২টা অংকৰ সংখ্যাটোৱে আপোনাৰ বাবে পিপিঅ’ নম্বৰ। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় পেঞ্চন একাউণ্টিং কাৰ্যালয়ৰ সৈতে যোগাযোগ ৰক্ষা কৰা হয়। পেঞ্চনাৰৰ পাছবুকত লিপিবদ্ধ কৰা এই পিপিঅ' নম্বৰৰ সৈতে আপোনাৰ একাউণ্টটো বেংকৰ আন এটা শাখালৈ স্থানান্তৰ কৰাটোও অতি সহজ। ইয়াৰ বাহিৰেও পেঞ্চন সম্পৰ্কীয় যিকোনো ধৰণৰ কাম বা অভিযোগৰ বাবে ইপিএফঅ'ত পিপিঅ' নম্বৰটো প্ৰদান কৰাটো বাধ্যতামূলক। ইয়াৰ বাহিৰেও পেঞ্চনৰ স্থিতি চাবলৈ এই নম্বৰটো লিখাটো অতি গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ