--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬০ বছৰ বয়স হোৱাৰ লগে লগে মানুহে অৱসৰ লয় আৰু জিৰণিৰ কথা চিন্তা কৰে। কিন্তু আজি আমি আপোনালোকক ক’ম এগৰাকী ৯৩ বছৰীয়া অধ্যাপিকাৰ কথা, যাৰ অভিধানত এতিয়াও অৱসৰ শব্দটো নাই। এয়া অন্ধ্ৰপ্ৰদেশৰ অধ্যাপক চিলুকুৰি সন্থাম্মাৰ কাহিনী। যিয়ে নিজৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ দৈনিক ৬০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰে।

আঁঠু সলনি কৰা অস্ত্ৰোপচাৰৰ পাছত তেওঁ ক্ৰাচ লৈ খোজ কাঢ়ে যদিও কলেজলৈ নিয়মীয়াকৈ আহে। চেঞ্চুৰিয়ান বিশ্ববিদ্যালয়ত ফেল’শ্বিপ লৈ তেওঁ শিক্ষকতা কৰি আছে। যোৱা ৭০ বছৰ ধৰি পদাৰ্থ বিজ্ঞানৰ পাঠদান কৰি যুৱ ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগাই আহিছে।

তেওঁ কয় যে তেওঁৰ মাক ১০৪ বছৰ জীয়াই আছিল আৰু তেওঁ মাতৃৰ পৰাও একেখিনি শিক্ষা পাইছিল যে স্বাস্থ্য আমাৰ মনত আৰু ধন-সম্পত্তি আমাৰ হৃদয়ত আছে। আমি সদায় আমাৰ মন-হৃদয় সুস্থ কৰি ৰাখিব লাগে। তেওঁ বিশ্বাস কৰে যে তেওঁ জীয়াই আছে এটা উদ্দেশ্যত- "শেষ উশাহ লোৱালৈকে মানুহক শিকোৱা।"

অধ্যাপক সন্থাম্মাৰ অনুশাসন, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম দেখি তেওঁৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল আচৰিত হৈ পৰে। B.Sc Optometry ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এগৰাকীয়ে কয় যে তেওঁ নিজৰ Physics ক্লাছৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাছে। অধ্যাপক সন্থাম্মা কেতিয়াও ক্লাছলৈ দেৰিকৈ নাহে। অনুশাসন, নিষ্ঠা আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত তেওঁ সকলোৰে বাবে আদৰ্শ।

অধ্যাপিকা সন্থাম্মাই বিবেকানন্দ মেডিকেল ট্ৰাষ্টক নিজৰ ঘৰটো দান কৰি এতিয়া ভাৰাঘৰত বসবাস কৰি আছে। ১৯২৯ চনৰ ৮ মাৰ্চত মাচিলিপট্টনমত জন্মগ্ৰহণ কৰা সন্থাম্মাই পাঁচ মাহ বয়সত পিতৃক হেৰুৱাইছিল। মাতৃৰ ফালৰ ককাকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। তেওঁ ১৯৪৫ চনত মহাৰাজ বিক্ৰম দেৱ বৰ্মাৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্বৰ্ণ পদক লাভ কৰে। তাৰপাছত মাদ্ৰাজ ৰাজ্যৰ বিশাখাপট্টনমৰ এভিএন মহাবিদ্যালয়ত ইন্টাৰমিডিয়েট ছাত্ৰী আছিল চিলুকুৰি সন্থাম্মা। পদাৰ্থ বিজ্ঞানত বি.এছ.চি কৰি অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰৱেভ স্পেক্ট্ৰস্কপিত ডি.এছ.চি (পি.এইচ.ডি.ৰ সমতুল্য) আৰু পিছলৈ ১৯৫৬ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান মহাবিদ্যালয়ত সম্পূৰ্ণ কৰিছিল।প্ৰবক্তা হিচাপে শিক্ষকতা আৰম্ভ কৰিছিল চিলুকুৰি সন্থাম্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ