--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬০ বছৰ বয়স হোৱাৰ লগে লগে মানুহে অৱসৰ লয় আৰু জিৰণিৰ কথা চিন্তা কৰে। কিন্তু আজি আমি আপোনালোকক ক’ম এগৰাকী ৯৩ বছৰীয়া অধ্যাপিকাৰ কথা, যাৰ অভিধানত এতিয়াও অৱসৰ শব্দটো নাই। এয়া অন্ধ্ৰপ্ৰদেশৰ অধ্যাপক চিলুকুৰি সন্থাম্মাৰ কাহিনী। যিয়ে নিজৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাবলৈ দৈনিক ৬০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰে।

আঁঠু সলনি কৰা অস্ত্ৰোপচাৰৰ পাছত তেওঁ ক্ৰাচ লৈ খোজ কাঢ়ে যদিও কলেজলৈ নিয়মীয়াকৈ আহে। চেঞ্চুৰিয়ান বিশ্ববিদ্যালয়ত ফেল’শ্বিপ লৈ তেওঁ শিক্ষকতা কৰি আছে। যোৱা ৭০ বছৰ ধৰি পদাৰ্থ বিজ্ঞানৰ পাঠদান কৰি যুৱ ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগাই আহিছে।

তেওঁ কয় যে তেওঁৰ মাক ১০৪ বছৰ জীয়াই আছিল আৰু তেওঁ মাতৃৰ পৰাও একেখিনি শিক্ষা পাইছিল যে স্বাস্থ্য আমাৰ মনত আৰু ধন-সম্পত্তি আমাৰ হৃদয়ত আছে। আমি সদায় আমাৰ মন-হৃদয় সুস্থ কৰি ৰাখিব লাগে। তেওঁ বিশ্বাস কৰে যে তেওঁ জীয়াই আছে এটা উদ্দেশ্যত- "শেষ উশাহ লোৱালৈকে মানুহক শিকোৱা।"

অধ্যাপক সন্থাম্মাৰ অনুশাসন, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম দেখি তেওঁৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকল আচৰিত হৈ পৰে। B.Sc Optometry ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এগৰাকীয়ে কয় যে তেওঁ নিজৰ Physics ক্লাছৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাছে। অধ্যাপক সন্থাম্মা কেতিয়াও ক্লাছলৈ দেৰিকৈ নাহে। অনুশাসন, নিষ্ঠা আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত তেওঁ সকলোৰে বাবে আদৰ্শ।

অধ্যাপিকা সন্থাম্মাই বিবেকানন্দ মেডিকেল ট্ৰাষ্টক নিজৰ ঘৰটো দান কৰি এতিয়া ভাৰাঘৰত বসবাস কৰি আছে। ১৯২৯ চনৰ ৮ মাৰ্চত মাচিলিপট্টনমত জন্মগ্ৰহণ কৰা সন্থাম্মাই পাঁচ মাহ বয়সত পিতৃক হেৰুৱাইছিল। মাতৃৰ ফালৰ ককাকে তেওঁক ডাঙৰ-দীঘল কৰিছিল। তেওঁ ১৯৪৫ চনত মহাৰাজ বিক্ৰম দেৱ বৰ্মাৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্বৰ্ণ পদক লাভ কৰে। তাৰপাছত মাদ্ৰাজ ৰাজ্যৰ বিশাখাপট্টনমৰ এভিএন মহাবিদ্যালয়ত ইন্টাৰমিডিয়েট ছাত্ৰী আছিল চিলুকুৰি সন্থাম্মা। পদাৰ্থ বিজ্ঞানত বি.এছ.চি কৰি অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা মাইক্ৰৱেভ স্পেক্ট্ৰস্কপিত ডি.এছ.চি (পি.এইচ.ডি.ৰ সমতুল্য) আৰু পিছলৈ ১৯৫৬ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞান মহাবিদ্যালয়ত সম্পূৰ্ণ কৰিছিল।প্ৰবক্তা হিচাপে শিক্ষকতা আৰম্ভ কৰিছিল চিলুকুৰি সন্থাম্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়