--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅকালতে এই পৃথিৱীৰ পৰা বিদায় মগা প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ কথা দেশত পুনৰ চৰ্চিত হৈছে৷  সদা হাস্যমুখৰ হৈ থকা সুষমা স্বৰাজ দল-মত নিৰ্বিশেষে সকলোৰে মাজত জনপ্ৰিয় আছিল৷ সুষমা স্বৰাজ  আছিল নিজৰ দায়িত্বৰ প্ৰতি অতি সচেতন৷ সেয়ে মৃত্যুৰ আগমুহূৰ্ততো তেওঁ পৰিশোধ কৰিবলৈ পাহৰা নাছিল এগৰাকী বিশেষ ব্যক্তিক পৰিশোধ কৰিবলগীয়া ১ টকাটোৰ কথা৷দায়িত্বৰ প্ৰতি সচেতন সুষমাই মৃত্যুৰ কেইমুহূৰ্তমান আগত  ১ টকা পৰিশোধৰ কথা মনত পেলাই থৈ গৈছিল৷

বিজেপিৰ জনপ্ৰিয় নেত্ৰীগৰাকী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন প্ৰথমখন কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল।তেওঁৰ কাৰ্য্যকালত হেগস্থিত ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচত কূলভূষণ যাদৱ গোচৰটো চলি আছিল৷ সেই গোচৰত মাত্ৰ  ১ টকা পাৰিশ্ৰমিক লৈ ভাৰতৰ হৈ যুঁজিছিল জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই।

গোচৰটোৰ বাবে  চালভেক  ১ টকাৰ পাৰিশ্ৰমিক পৰিশোধ কৰিবলগীয়া কথাটো সুষমা স্বৰাজে তেওঁৰ মৃত্যুৰ আগে আগে মনত পেলাইছিল আৰু সেই টকাটো আদায় দিয়াৰ কথা কৈছিল৷সেই ১ টকাটো ল’বলৈ মৃত্যুৰ প্ৰায় এঘণ্টা পূৰ্বে অধিবক্তা চালভেক  মনত পেলাই  দিছিল সুষমাই।সুষমাৰ মৃত্যুৰ পিছতে এই কথা সংবাদ মাধ্যমৰ আগত  সদৰী কৰিছিল অধিবক্তা চালভেই। সুষমাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতিৰেই নিজৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। সেয়ে তেওঁ অধিবক্তা এজনৰ শ্ৰমৰ মূল্য বুজি পাইছিল৷সুষমা স্বৰাজৰ শেষ ইচ্ছা তেওঁৰ কন্যা বাঞ্চুৰীয়ে পূৰণ কৰিছিল। বাঞ্চুৰীয়ে তেওঁৰ মাতৃৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি অধিবক্তা হৰিশ ছালভেক এক টকা আদায় দিছিল৷ হৰিশ ছালভেই এটকাৰ বিনিময়ত পাকিস্তানত বন্দী হৈ থকা কূলভূষণ যাদৱৰ গোচৰটো আন্ত:ৰাষ্ট্ৰীয় আদালতত চলাই গৈছিল৷

২০১৯ চনৰ  ৬ আগষ্টৰ নিশা প্ৰায় ৮.৫০ বজাত দেশৰ প্ৰসিদ্ধ অধিবক্তা হৰিশ ছালভেক সুষমাই  ফোন কৰি কৈছিল যে পিছদিনাই  তেওঁ আন্ত:ৰাষ্ট্ৰীয় আদালতত কূলভূষণ যাদৱৰ গোচৰটো চলোৱাৰ বাবে পাবলগীয়া  পাৰিশ্ৰমিক যাতে গ্ৰহণ কৰিবলৈ আহে। 

কিন্তু সেই নিশাই হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সুষমা স্বৰাজৰ মৃত্যু হৈছিল ।তেওঁ চালভেক নিজ হাতে দিব পৰা নাছিল সেই এটকাটো৷

২০১৯ চনৰ ৬ আগষ্টৰ নিশা  ১০ বাজি ১৫ মিনিটত অসুস্থ হৈ পৰা  সুষমা  স্বৰাজক হাস্পাতললৈ লৈ যোৱা হৈছিল ৷ কিন্তু বহু চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নগ’ল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ