--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅকালতে এই পৃথিৱীৰ পৰা বিদায় মগা প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ কথা দেশত পুনৰ চৰ্চিত হৈছে৷  সদা হাস্যমুখৰ হৈ থকা সুষমা স্বৰাজ দল-মত নিৰ্বিশেষে সকলোৰে মাজত জনপ্ৰিয় আছিল৷ সুষমা স্বৰাজ  আছিল নিজৰ দায়িত্বৰ প্ৰতি অতি সচেতন৷ সেয়ে মৃত্যুৰ আগমুহূৰ্ততো তেওঁ পৰিশোধ কৰিবলৈ পাহৰা নাছিল এগৰাকী বিশেষ ব্যক্তিক পৰিশোধ কৰিবলগীয়া ১ টকাটোৰ কথা৷দায়িত্বৰ প্ৰতি সচেতন সুষমাই মৃত্যুৰ কেইমুহূৰ্তমান আগত  ১ টকা পৰিশোধৰ কথা মনত পেলাই থৈ গৈছিল৷

বিজেপিৰ জনপ্ৰিয় নেত্ৰীগৰাকী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন প্ৰথমখন কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰী আছিল।তেওঁৰ কাৰ্য্যকালত হেগস্থিত ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচত কূলভূষণ যাদৱ গোচৰটো চলি আছিল৷ সেই গোচৰত মাত্ৰ  ১ টকা পাৰিশ্ৰমিক লৈ ভাৰতৰ হৈ যুঁজিছিল জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই।

গোচৰটোৰ বাবে  চালভেক  ১ টকাৰ পাৰিশ্ৰমিক পৰিশোধ কৰিবলগীয়া কথাটো সুষমা স্বৰাজে তেওঁৰ মৃত্যুৰ আগে আগে মনত পেলাইছিল আৰু সেই টকাটো আদায় দিয়াৰ কথা কৈছিল৷সেই ১ টকাটো ল’বলৈ মৃত্যুৰ প্ৰায় এঘণ্টা পূৰ্বে অধিবক্তা চালভেক  মনত পেলাই  দিছিল সুষমাই।সুষমাৰ মৃত্যুৰ পিছতে এই কথা সংবাদ মাধ্যমৰ আগত  সদৰী কৰিছিল অধিবক্তা চালভেই। সুষমাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত ওকালতিৰেই নিজৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। সেয়ে তেওঁ অধিবক্তা এজনৰ শ্ৰমৰ মূল্য বুজি পাইছিল৷সুষমা স্বৰাজৰ শেষ ইচ্ছা তেওঁৰ কন্যা বাঞ্চুৰীয়ে পূৰণ কৰিছিল। বাঞ্চুৰীয়ে তেওঁৰ মাতৃৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি অধিবক্তা হৰিশ ছালভেক এক টকা আদায় দিছিল৷ হৰিশ ছালভেই এটকাৰ বিনিময়ত পাকিস্তানত বন্দী হৈ থকা কূলভূষণ যাদৱৰ গোচৰটো আন্ত:ৰাষ্ট্ৰীয় আদালতত চলাই গৈছিল৷

২০১৯ চনৰ  ৬ আগষ্টৰ নিশা প্ৰায় ৮.৫০ বজাত দেশৰ প্ৰসিদ্ধ অধিবক্তা হৰিশ ছালভেক সুষমাই  ফোন কৰি কৈছিল যে পিছদিনাই  তেওঁ আন্ত:ৰাষ্ট্ৰীয় আদালতত কূলভূষণ যাদৱৰ গোচৰটো চলোৱাৰ বাবে পাবলগীয়া  পাৰিশ্ৰমিক যাতে গ্ৰহণ কৰিবলৈ আহে। 

কিন্তু সেই নিশাই হৃৎযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সুষমা স্বৰাজৰ মৃত্যু হৈছিল ।তেওঁ চালভেক নিজ হাতে দিব পৰা নাছিল সেই এটকাটো৷

২০১৯ চনৰ ৬ আগষ্টৰ নিশা  ১০ বাজি ১৫ মিনিটত অসুস্থ হৈ পৰা  সুষমা  স্বৰাজক হাস্পাতললৈ লৈ যোৱা হৈছিল ৷ কিন্তু বহু চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নগ’ল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭ বছৰ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা