--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদ বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনৰ। ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা সত্যেন্দৰ জৈনৰ লগতে তেওঁৰ ভালেকেইগৰাকী সহযোগীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে কেইবাকোটি টকা আৰু প্ৰায় দুই কিলোগ্ৰাম ওজনৰ সোণৰ মুদ্ৰা আৰু বাৰ জব্দ কৰিছে। 

সত্যেন্দৰ জৈন, তেওঁৰ পত্নী পুনম জৈন আৰু ধনৰ অবৈধ লেনদেনৰ কাণ্ডৰে জড়িত বুলি অভিযোগ উঠা জৈনৰ কেইবাজনো সহযোগীৰ ঘৰত তালাচী চলাইছিল বিত্তীয় অনিয়ম সম্পৰ্কীয় গোচৰৰ তদন্তকাৰী কেন্দ্ৰীয় সংস্থাটোৱে। উল্লেখ্য যে, এটা পুৰণি গোচৰত ইডিয়ে ৩০ মে’ত গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক। তাৰ পাছৰে পৰা তেওঁ ইডিকৰ জিম্মাত আছে। 

তদন্তকাৰী সংস্থাটোৱে আজিৰ এই অভিযানকালত ২.৮২ কোটি টকা নগদ ধন আৰু ১.৮ কিলোগ্ৰাম সোণ জব্দ কৰিছে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে তেওঁৰ পত্নী, কন্যা, বন্ধু আৰু ভালেকেইজন সহযোগীৰ জৰিয়তে ১৬ কোটি টকাৰ অবৈধ লেনদেন কৰা বুলি অভিযোগ উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। আজিৰ তালাচী অভিযানৰ সময়ক ইডিয়ে ভালেমান গুৰুত্বপূ্ৰ্ণ নথি-পত্ৰ আৰু ডিজিটেল ডাটাও জব্দ কৰিছে।

ইডিৰ এক সূত্ৰ অনুসৰি, মন্ত্ৰীজনৰ ঘনিষ্ঠ প্ৰকাশ জুৱেলাৰৰ পৰা প্ৰায় ২.২৩ কোটি টকা লাভ কৰা হৈছে। ইয়াৰ উপৰি, আন এজন ঘনিষ্ঠ বন্ধু বৈভৱ জৈনৰ পৰা নগদ ৪১.৫ লাখ টকাৰ লগতে ১৩৩ টা সোণৰ মুদ্ৰা জব্দ কৰা হয়। ইডি বিষয়াসকলে সদৰি কৰা মতে, বিত্তীয় লেনদেন সম্পৰ্কীয় গোচৰৰ তদন্তৰ অংশ হিচাপে এই তালাচী চলোৱা হৈছিল।

ইফালে, এই তালাচী অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আম আদমী পাৰ্টী। দলৰ নেতা তথা মন্ত্ৰীগৰকীৰ প্ৰতি অনা ভিত্তিহীন অভিযোগক প্ৰতিষ্ঠা কৰাৰ বাবে ইডিয়ে এতিয়া উঠি-পৰি লাগিছে বুলি অভিযোগ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ