--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদ বৃদ্ধি হোৱাৰ আশংকাই দেখা দিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনৰ। ধনৰ অবৈধ লেনদেনৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা সত্যেন্দৰ জৈনৰ লগতে তেওঁৰ ভালেকেইগৰাকী সহযোগীৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে কেইবাকোটি টকা আৰু প্ৰায় দুই কিলোগ্ৰাম ওজনৰ সোণৰ মুদ্ৰা আৰু বাৰ জব্দ কৰিছে। 

সত্যেন্দৰ জৈন, তেওঁৰ পত্নী পুনম জৈন আৰু ধনৰ অবৈধ লেনদেনৰ কাণ্ডৰে জড়িত বুলি অভিযোগ উঠা জৈনৰ কেইবাজনো সহযোগীৰ ঘৰত তালাচী চলাইছিল বিত্তীয় অনিয়ম সম্পৰ্কীয় গোচৰৰ তদন্তকাৰী কেন্দ্ৰীয় সংস্থাটোৱে। উল্লেখ্য যে, এটা পুৰণি গোচৰত ইডিয়ে ৩০ মে’ত গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱাল চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক। তাৰ পাছৰে পৰা তেওঁ ইডিকৰ জিম্মাত আছে। 

তদন্তকাৰী সংস্থাটোৱে আজিৰ এই অভিযানকালত ২.৮২ কোটি টকা নগদ ধন আৰু ১.৮ কিলোগ্ৰাম সোণ জব্দ কৰিছে। আম আদমী পাৰ্টীৰ নেতাগৰাকীয়ে তেওঁৰ পত্নী, কন্যা, বন্ধু আৰু ভালেকেইজন সহযোগীৰ জৰিয়তে ১৬ কোটি টকাৰ অবৈধ লেনদেন কৰা বুলি অভিযোগ উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে। আজিৰ তালাচী অভিযানৰ সময়ক ইডিয়ে ভালেমান গুৰুত্বপূ্ৰ্ণ নথি-পত্ৰ আৰু ডিজিটেল ডাটাও জব্দ কৰিছে।

ইডিৰ এক সূত্ৰ অনুসৰি, মন্ত্ৰীজনৰ ঘনিষ্ঠ প্ৰকাশ জুৱেলাৰৰ পৰা প্ৰায় ২.২৩ কোটি টকা লাভ কৰা হৈছে। ইয়াৰ উপৰি, আন এজন ঘনিষ্ঠ বন্ধু বৈভৱ জৈনৰ পৰা নগদ ৪১.৫ লাখ টকাৰ লগতে ১৩৩ টা সোণৰ মুদ্ৰা জব্দ কৰা হয়। ইডি বিষয়াসকলে সদৰি কৰা মতে, বিত্তীয় লেনদেন সম্পৰ্কীয় গোচৰৰ তদন্তৰ অংশ হিচাপে এই তালাচী চলোৱা হৈছিল।

ইফালে, এই তালাচী অভিযানক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আম আদমী পাৰ্টী। দলৰ নেতা তথা মন্ত্ৰীগৰকীৰ প্ৰতি অনা ভিত্তিহীন অভিযোগক প্ৰতিষ্ঠা কৰাৰ বাবে ইডিয়ে এতিয়া উঠি-পৰি লাগিছে বুলি অভিযোগ কৰিছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ