--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফগানিস্তান এতিয়া তালিবানৰ দখলত। সকলো মানৱীয় অধিকাৰ খৰ্ব কৰি শাসন চলাই আছে মৌলবাদী সংগঠনটোৱে। বিশেষকৈ নাৰী অধিকাৰৰ দিশত তালিবানৰ ভূমিকাক লৈ সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। নাৰীৰ উচ্চ শিক্ষাৰ বাটতো হেঙাৰ বান্ধিছে। নাৰীক উচ্চ শিক্ষা লোৱাৰ পৰা বাৰণ কৰিছে তালিবান সন্ত্ৰাসবাদীয়ে। কিন্তু নাৰীৰ শিক্ষাৰ প্ৰতি প্ৰকৃততেই তেওঁলোক বিদ্বেষী নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি লাভ কৰা তথ্য আশ্বৰ্যকৰ বিবেচিত হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, তালিবানৰ দুই ডজনতকৈও অধিক শীৰ্ষ নেতাই তেওঁৰ লোকৰ কন্যাক ডোহা, পেছৱাৰ, কৰাচী আদিলৈ উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই বিষয়টো সম্পৰ্কে অৱগত এটা সূত্ৰই এই চাঞ্চল্যকৰ দাবী কৰিছে। 
বিদেশত নিজৰ কন্যাক পঢ়ুওৱা এই তালিবান নেতাসকলৰ ভিতৰত আছে স্বাস্থ্য মন্ত্ৰী কালান্দাৰ এবাদ, উপ বিদেশ মন্ত্ৰী শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই আৰু মুখপাত্ৰ ছুহেইল শ্বাহিন।

ছুহেইল শ্বাহিনৰ দুগৰাকী কন্যাই ডোহাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আছে। দোহাতেই আছে ইছলামিক ৰিপাব্লিকখনক ৰাজনৈতিক কাৰ্যালয়। তেওঁৰ তিনিজন পুত্ৰয়ো তাত অধ্যয়ন কৰি আছে। তেওঁৰ জ্যেষ্ঠ কন্যাই আনকি স্কুলখনৰ দলৰ হৈ ফুটবলো খেলে। 

কালান্দৰ এবাদ হৈছে এগৰাকী চিকিৎসক আৰু পাকিস্তানৰ পৰা চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ নিজৰ কন্যাত পাকিস্তানতে চিকিৎসা বিজ্ঞান পঢ়ুৱাইছে আৰু তেওঁ ইছলমাবাদত এতিয়া চিকিৎসক হিচাপে কাম কৰি আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। ষ্টানিকজাইৰ কন্যায়ো দোহাৰ পৰা চিকিৎসাবিজ্ঞানৰ শিক্ষা সম্পূৰ্ণ কৰিছে। তেওঁ হাইস্কুল আৰু উচ্চ শিক্ষাও গ্ৰহণ কৰিছিল এখন প্ৰখ্যাত স্কুলৰ পৰা।

দেশৰ সাধাৰণ নাগৰিকৰ অধিকাৰ খৰ্ব কৰি তালিবান শাসকসকলে নিজৰ নিজৰ সতি-সন্ততিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে কৰা এই চেষ্টা এক ভয়ংকৰ ষড়যন্ত্ৰ হিচাপেই চিহ্নিত হৈছে। দেশখনৰ কোটি কোটি কিশোৰী-যুৱতীক উচ্চশিক্ষাৰ পোহৰৰ পৰা বঞ্চিত কৰি নিজৰ সন্তানক এনেদৰে উচ্চ শিক্ষা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো সমালোচনাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ