--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আফগানিস্তান এতিয়া তালিবানৰ দখলত। সকলো মানৱীয় অধিকাৰ খৰ্ব কৰি শাসন চলাই আছে মৌলবাদী সংগঠনটোৱে। বিশেষকৈ নাৰী অধিকাৰৰ দিশত তালিবানৰ ভূমিকাক লৈ সৰ্বত্ৰে সমালোচনাৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে। নাৰীৰ উচ্চ শিক্ষাৰ বাটতো হেঙাৰ বান্ধিছে। নাৰীক উচ্চ শিক্ষা লোৱাৰ পৰা বাৰণ কৰিছে তালিবান সন্ত্ৰাসবাদীয়ে। কিন্তু নাৰীৰ শিক্ষাৰ প্ৰতি প্ৰকৃততেই তেওঁলোক বিদ্বেষী নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি লাভ কৰা তথ্য আশ্বৰ্যকৰ বিবেচিত হৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, তালিবানৰ দুই ডজনতকৈও অধিক শীৰ্ষ নেতাই তেওঁৰ লোকৰ কন্যাক ডোহা, পেছৱাৰ, কৰাচী আদিলৈ উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই বিষয়টো সম্পৰ্কে অৱগত এটা সূত্ৰই এই চাঞ্চল্যকৰ দাবী কৰিছে। 
বিদেশত নিজৰ কন্যাক পঢ়ুওৱা এই তালিবান নেতাসকলৰ ভিতৰত আছে স্বাস্থ্য মন্ত্ৰী কালান্দাৰ এবাদ, উপ বিদেশ মন্ত্ৰী শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাই আৰু মুখপাত্ৰ ছুহেইল শ্বাহিন।

ছুহেইল শ্বাহিনৰ দুগৰাকী কন্যাই ডোহাৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আছে। দোহাতেই আছে ইছলামিক ৰিপাব্লিকখনক ৰাজনৈতিক কাৰ্যালয়। তেওঁৰ তিনিজন পুত্ৰয়ো তাত অধ্যয়ন কৰি আছে। তেওঁৰ জ্যেষ্ঠ কন্যাই আনকি স্কুলখনৰ দলৰ হৈ ফুটবলো খেলে। 

কালান্দৰ এবাদ হৈছে এগৰাকী চিকিৎসক আৰু পাকিস্তানৰ পৰা চিকিৎসাবিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ নিজৰ কন্যাত পাকিস্তানতে চিকিৎসা বিজ্ঞান পঢ়ুৱাইছে আৰু তেওঁ ইছলমাবাদত এতিয়া চিকিৎসক হিচাপে কাম কৰি আছে বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। ষ্টানিকজাইৰ কন্যায়ো দোহাৰ পৰা চিকিৎসাবিজ্ঞানৰ শিক্ষা সম্পূৰ্ণ কৰিছে। তেওঁ হাইস্কুল আৰু উচ্চ শিক্ষাও গ্ৰহণ কৰিছিল এখন প্ৰখ্যাত স্কুলৰ পৰা।

দেশৰ সাধাৰণ নাগৰিকৰ অধিকাৰ খৰ্ব কৰি তালিবান শাসকসকলে নিজৰ নিজৰ সতি-সন্ততিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে কৰা এই চেষ্টা এক ভয়ংকৰ ষড়যন্ত্ৰ হিচাপেই চিহ্নিত হৈছে। দেশখনৰ কোটি কোটি কিশোৰী-যুৱতীক উচ্চশিক্ষাৰ পোহৰৰ পৰা বঞ্চিত কৰি নিজৰ সন্তানক এনেদৰে উচ্চ শিক্ষা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো সমালোচনাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ