--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ নিৰ্বাচনত এইবাৰ ভাগ ল’ব বচ্চন পৰিয়ালেও! বিজেপিয়ে সৰ্বশক্তিৰে ৰাজ্যখনত ক্ষমতা দখলৰ চেষ্টা কৰা সময়তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছেও এই যুঁজত প্ৰাণপনে অৱতীৰ্ণ হৈছে। এইবাৰ তৃণমূল কংগ্ৰেছৰ হৈ পশ্চিমবংগত প্ৰচাৰ অভিযানত অংশ ল’বলৈ আহিছে দেশৰ সাংস্কৃতিক জগতৰ অপ্ৰমাদী প্ৰতিনিধি বচ্চন পৰিয়ালে। মমতা বেনাৰ্জীৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হ’ব ‘লেডী বচ্চন’ জয়া।

আৰু পঢ়িব পাৰিব : বীৰত্বক ছ্যেলুট দুধনৈবাসীৰ : বাবলু ৰাভাক সামৰিক মৰ্যাদাৰে শেষকৃত

প্ৰখ্যাত অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত নিৰ্বাচনত অংশগ্ৰহণৰ বাবে দেওবাৰে কলকাতাত উপস্থিত হয়। ‘বাংলা নিজেৰ মেয়েকেই চাই’ অৰ্থাৎ বংগই নিজৰ কন্যাকেই বিচাৰে শীৰ্ষক তৃণমূলৰ শ্লোগানক জয়া বচ্চনৰ অংশগ্ৰহণে অধিক সমুজ্জ্বল কৰি তুলিব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, জয়া বচ্চনৰ শিপা প্ৰোথিত হৈ আছে জব্বলপুৰত।

আৰু পঢ়িব পাৰিব : কাইলৈ ৪০ সমষ্টিৰ ৩৩৭ প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা

ছুপাৰষ্টাৰ অমিতাভৰ সৈতে বিবাহত বহাৰ পাছত তেওঁ বংগ এৰিলেও জয়া বচ্চনৰ ‘ইমেজ’ তৃণমূলৰ কাৰণে লাভদায়ক হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, অমিতাভ বচ্চনেও নিজকে ‘বাংলাৰ জামাই’ অৰ্থাৎ বাংলাৰ জোঁৱাই হিচাপে নিজকে বিভিন্ন সময়ত পৰিচয় দি আহিছে। জয়া বচ্চনে তৃণমূল কংগ্ৰেছৰ তলিগঞ্জৰ প্ৰাৰ্থী তথা তিনিবাৰৰ বিধায়ক অনুপ বিশ্বাসৰ হৈ প্ৰচাৰ চলাব। তেওঁৰ বিৰুদ্ধে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা জনপ্ৰিয় গায়ক বাবুল সুপ্ৰিয়ই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ