--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নেল মেছী আজি ফুটবল জগতৰ এটা ব্ৰেণ্ড। সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ তথা আৰ্জেণ্টিনাৰ লেখত ল’বলগীয়া এগৰাকী মহাৰথী। সাতবাৰৰ বেলন ডি অ’ৰ বিজয়ীগৰাকীক এইবাৰ এখন টিভি ছিৰিজত দেখিবলৈ পোৱা যাব। বিগত সময়ছোৱাত একাধিক বিজ্ঞাপনত অভিনয় কৰিছিল এইগৰাকী তাৰকা ফুটবলাৰে। 

কিন্তু এইবাৰ অনুৰাগীসকলে অভিনেতা হিচাপে দেখিবলৈ পাব লিঅ’নেল মেছীক। আসন্ন আৰ্জেণ্টাইন ধাৰবাহিক ‘লছ প্ৰটেক্টটৰছ’ত অভিনয় কৰিব মেছীয়ে। অভিনয়ৰ জগতত ভৰি দিছে বাওঁ ভৰিৰ যাদুকৰগৰাকীয়ে। এই ধাৰাবাহিকখনৰ বেকষ্টেজ ভিডিঅ’ এটা ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অভিনেতা মেছীক ৰূপালী পৰ্দাত চাবলৈ অপেক্ষা কৰি আছে তেওঁৰ অনুৰাগীসকল।

দিনদিয়েক পূৰ্বে ৫টা গ’ল দি খবৰৰ শিৰোনাম দখল কৰিছিল মেছীয়ে। আন্তঃৰাষ্ট্ৰীয় ফুটবল দলক অকলেই ক্লাব পৰ্যায়লৈ নমাই আনিব পাৰে মেছীয়ে। সমগ্ৰ ফুটবল জগতখনে জানে এই যাদুৰ গৰাকী যে লিঅ’নেল মেছী। শেহতীয়াকৈ, স্পেইনৰ পাম্পলোনাই সম্প্ৰতি এল এম টেন শ্ব’ চাইছে। 

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত ইস্তনিয়াৰ মুখামুখি হৈছিল আৰ্জেণ্টিনাই। মেছীয়ে অকলে ৫টা গ’ল দি কৃতিত্ব অৰ্জন কৰিছিল। ৫-০ গ’লত জয়লাভ কৰে আৰ্জেণ্টিনাই। দেশ আৰু ক্লাবৰ জাৰ্চিত ৫টা গ’ল দিয়া মেছীয়েই একমাত্ৰ আৰ্জেণ্টিনাইন খেলুৱৈ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক