--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে মোকো ড্ৰামত ভৰাব পাৰে, এই অভিযোগ লৈ থানাত উপস্থিত হ’ল এজন স্বামী। তেওঁৰ লগত থানালৈ আহিছিল তিনি সন্তানো। 

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। স্বামীগৰাকীয়ে নিজৰ পত্নীয়ে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত সুৰক্ষাৰ বাবে আবেদন জনাইছে। মনোজ নামৰ এই লোকজনে তেওঁৰ তিনিটা সন্তানৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ পত্নী অঞ্জুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই বিষয়ত মনোজক ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে আৰক্ষী অধীক্ষক জ্ঞাননঞ্জয় সিঙে।

মনোজে অভিযোগ কৰে যে তেওঁৰ পত্নী অঞ্জুৰ ভিনিহিয়েকৰ ভতিজা সোণুৰ সৈতে অবৈধ সম্পৰ্ক আছে। এই কথা গম পাই মনোজে যেতিয়া প্ৰতিবাদ কৰিলে, তেতিয়া তেওঁক ভাবুকি দিয়া হ’ল যে তেওঁৰো অৱস্থা মেৰুটৰ সৌৰভৰ দৰে হ’ব। মনোজে আৰক্ষীক কয় যে মোৰ পত্নীৰ পৰা মোক বচাওক। মোৰ পত্নীৰ অবৈধ সম্পৰ্ক আছে আৰু তাই মোকো মেৰুটৰ মুস্কানে সৌৰভক হত্যা কৰাৰ দৰে হত্যা কৰি ড্ৰামত ভৰাব। 

এই ভাবুকি পাই মনোজ আৰু তেওঁৰ সন্তানে বহুত ভয় খাইছে।

মনোজৰ অভিযোগ সন্দৰ্ভত আৰক্ষী অধীক্ষক জ্ঞাননঞ্জয় সিঙে অনজুক শীঘ্ৰে ফোন কৰি পৰামৰ্শ দিয়া হ’ব বুলি আশ্বাস দিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মনোজ আৰু তেওঁৰ সন্তানক নিৰাপত্তা প্ৰদানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ