--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীয়ে মোকো ড্ৰামত ভৰাব পাৰে, এই অভিযোগ লৈ থানাত উপস্থিত হ’ল এজন স্বামী। তেওঁৰ লগত থানালৈ আহিছিল তিনি সন্তানো। 

উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা। স্বামীগৰাকীয়ে নিজৰ পত্নীয়ে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত সুৰক্ষাৰ বাবে আবেদন জনাইছে। মনোজ নামৰ এই লোকজনে তেওঁৰ তিনিটা সন্তানৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ পত্নী অঞ্জুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই বিষয়ত মনোজক ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে আৰক্ষী অধীক্ষক জ্ঞাননঞ্জয় সিঙে।

মনোজে অভিযোগ কৰে যে তেওঁৰ পত্নী অঞ্জুৰ ভিনিহিয়েকৰ ভতিজা সোণুৰ সৈতে অবৈধ সম্পৰ্ক আছে। এই কথা গম পাই মনোজে যেতিয়া প্ৰতিবাদ কৰিলে, তেতিয়া তেওঁক ভাবুকি দিয়া হ’ল যে তেওঁৰো অৱস্থা মেৰুটৰ সৌৰভৰ দৰে হ’ব। মনোজে আৰক্ষীক কয় যে মোৰ পত্নীৰ পৰা মোক বচাওক। মোৰ পত্নীৰ অবৈধ সম্পৰ্ক আছে আৰু তাই মোকো মেৰুটৰ মুস্কানে সৌৰভক হত্যা কৰাৰ দৰে হত্যা কৰি ড্ৰামত ভৰাব। 

এই ভাবুকি পাই মনোজ আৰু তেওঁৰ সন্তানে বহুত ভয় খাইছে।

মনোজৰ অভিযোগ সন্দৰ্ভত আৰক্ষী অধীক্ষক জ্ঞাননঞ্জয় সিঙে অনজুক শীঘ্ৰে ফোন কৰি পৰামৰ্শ দিয়া হ’ব বুলি আশ্বাস দিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি মনোজ আৰু তেওঁৰ সন্তানক নিৰাপত্তা প্ৰদানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ